ৰেংমা সংৰক্ষিত বনাঞ্চলৰ তিনিটা স্থানত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান অব্যাহত

আজি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ১ নং মধুপুৰ, ৰাণা নগৰ আৰু হাতীডুবি অঞ্চলত অবৈধভাবে দখল কৰা ভূমিত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান সফলভাৱে সম্পন্ন কৰা হয়।

author-image
Asomiya Pratidin
New Update
ৰেংমা সংৰক্ষিত বনাঞ্চলৰ তিনিটা স্থানত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান অব্যাহত

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাট জিলাত আজি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ১ নং মধুপুৰ, ৰাণা নগৰ আৰু হাতীডুবি অঞ্চলত অবৈধভাবে দখল কৰা ভূমিত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান সফলভাৱে সম্পন্ন কৰা হয়। এই অভিযানত কৰ্তৃপক্ষই প্ৰায় মধুপুৰত ৮০ টা ঘৰ, ৰাণা নগৰত ৪৪ টা ঘৰ আৰু হাতীডুবিত ১০৪ টা ঘৰ ভঙাৰ লগতে কেইবাটাও অবৈধ অন্তগাঁথনি ধ্বংসৰে উচ্ছেদ কৰে।

Advertisment

সংৰক্ষিত বনভূমিৰ কেইবা হেক্টৰ ভূমি আজিৰ দিনটোত পুনৰুদ্ধাৰ কৰা হয়। সমগ্ৰ অভিযান আইনী নিয়ম-পদ্ধতি অনুসৰি আৰু পূৰ্বে জাৰি কৰা জাননীৰ ভিত্তিত শান্তিপূৰ্ণভাৱে সম্পন্ন কৰা হয়।

এই অভিযানবিশেষ মুখ্য সচিব শ্ৰী এম. কে. যাদৱৰ নেতৃত্বত, গোলাঘাটৰ জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বন বিভাগৰ জ্যেষ্ঠ কৰ্তৃপক্ষ, চি আৰ পি এফ আৰু অসম আৰক্ষীৰ সহযোগত গোলাঘাট জিলা প্ৰশাসনে সম্পন্ন কৰে।

এই অভিযান অসম চৰকাৰে অবৈধভাৱে দখল কৰা বনভূমি উদ্ধাৰ কৰাৰ লগতে সংৰক্ষিত বনাঞ্চলসমূহ সুৰক্ষিত আৰু সুদৃঢ় কৰাৰ দিশত গৃহীত এক গুৰুত্বপূর্ণ পদক্ষেপ ৰূপে পৰিগণিত হৈছে। চৰকাৰে পুনৰ স্পষ্ট কৰিছে যে, পৰিৱেশ আৰু বন সম্পদৰ দীৰ্ঘমিয়াদী সংৰক্ষণ নিশ্চিত কৰিবলৈ এনে অভিযান আগলৈও ধাৰাবাহিকভাৱে চলি থাকিব।

উচ্ছেদ অভিযান উচ্ছেদ