/asomiyapratidin/media/media_files/2025/08/27/191-2025-08-27-18-52-21.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত ডুমডুমীয়া বালিসত্ৰ আৰু বলিকটীয়া অঞ্চলত উচ্ছেদ অভিযান চলে। বটদ্ৰৱা আৰু আলিটাঙণি মৌজাৰ অন্তৰ্গত এই দুটা অঞ্চলত বিগত বছৰ বছৰ ধৰি প্ৰায় ৫০ টা পৰিয়ালৰ লোকে থকা ঘৰ আৰু দোকানঘৰ সাজি বেদখল কৰিছল।
চৰকাৰী তথ্য অনুসৰি উক্ত দুটা বেদখলকৃত স্থানত সৰ্বমুঠ ১৭১ ঘৰ সাজিছিল। বিগত দিনত এই স্থান সমূহত অসামাজিক কাৰ্য্যকলাপ চলিছিল বুলি অভিযোগ পোৱা গৈছে।
এই স্থানসমূহত বেদখলমুক্ত কৰিবলৈ দীৰ্ঘদিন ধৰি বিভিন্ন স্থানীয় দল সংগঠনে দাবী তুলি আহিছিল। যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ তৰফৰ পৰা সমগ্ৰ ৰাজ্যত চলি থকা বেদখলকৃত ভূমি উদ্ধাৰ অভিযানৰ অংশ হিচাপে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উচ্ছেদ অভিযান আৰম্ভ হয়।
যাৰ ফলত ইতিমধ্যে যোৱা ৫ জুলাইত ধিং ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ৰ পৰা সময়সীমা বান্ধি দি উচ্চেদৰ জাননী জাৰি কৰা হৈছিল। চৰকাৰী ভূমি খালি নকৰিলে জিলা প্ৰশাসনে চৰকাৰী ভূমিত উচ্ছেদ অভিযান চলাব বুলি প্ৰকাশ পাইছিল।
ধিং ৰাজহ চক্রৰ অন্তৰ্গত ডুমডুমীয়া বালিসত্ৰ ৰাজহ গাঁৱৰ ১৭৯ নং দাগৰ চৰকাৰী ভূমি আৰু আলিটাঙনী মৌজাৰ বলিকটিয়া কিচামতৰ ২৮৫ নং চৰকাৰী দাগৰ আলিবাট(মথাউৰি)ত প্ৰশাসনৰ এই উচ্ছেদৰ জাননী পাই তেতিয়াৰ পৰাই লোকসকলে ঘৰ বাৰী ভাঙি তালি টোপোলা লৈ অন্য স্থানলৈ গতি কৰা পৰিলক্ষিত হৈছিল।
সময়সীমা বান্ধি দিয়াৰ পিছতেই যেন হাহাঁকাৰ লাগিছে বেদখলকাৰীৰ মাজত। যাৰ পৰিপ্ৰেক্ষিতত কালিলৈকে সকলো (১০০ শতাংশ) পৰিয়ালে ঘৰ দুৱাৰ ভাঙি অন্য স্থানলৈ গতি কৰে। আচৰিতভাৱে তেওঁলোকে নিজে নিজে নিজৰ ঘৰত জেচিবি লগাই ভাঙি দিয়াৰ দৃশ্য পৰিলক্ষিত হয়।
আজি পুৱাই উচ্ছেদৰ বাবে ৪০০ জোৱানসহ নগাঁও জিলা প্ৰশাসনৰ সাজু হৈ কুচকাৱাজ কৰাৰ অনন্ত জিলা প্ৰশাসনৰ হৈ ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসে সাংবাদিকৰ সন্মুখত ডুমডুমীয়া বালিসত্ৰ আৰু বলিকটীয়া অঞ্চলত উচ্ছেদ সম্পন্ন হোৱা বুলি ঘোষণা কৰে। লগতে তেওঁ পৰবৰ্তী সময়ত বটদ্ৰৱা থানৰ সমীপবৰ্তী ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত আৰু ৬ টাকৈ স্থানত এই অভিযান চলিব বুলি জানিবলৈ দিয়ে।
এই অভিযান সন্দৰ্ভত ২৬ জুলাইত ধিং ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি কৰা হৈছে। বটদ্ৰৱা মৌজাৰ ৰৌমাৰী বিল কিচামতৰ ৭৮ নং শ্ৰেণী নাই পানীতল চৰকাৰী দাগ, বালিসত্ৰ কিচামতৰ তিনি নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভ, আহোম গাঁও কিচামতৰ ২৮৮ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভ, ৰজাবাৰী গ্ৰান্ট কিচামতৰ ২ নং গ্ৰেজিং ৰিজাৰ্ভ, লহকৰ ঘাট কিচামতৰ ২৯৭ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভ, বটাবাৰী কিচামতৰ ৪৪ নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভকে আদি কৰি এই ৬ টা স্থানত শিঘ্ৰে চলিব উচ্চেদ অভিযান।
আজিৰ দৰে এইসমূহত বেদখল চলোৱা লোক সকলে নিজে নিজে স্থানসমূহ ত্যাগ কৰি কৰিলে শান্তি - শৃংখলা বৰ্তি থকিব বুলি আহ্বান জনায়। উল্লেখ্য যে, ২০২২ বৰ্ষৰ ১৯ ডিচেম্বৰত নগাঁও জিলা প্ৰশাসনে বটদ্ৰৱাত চলাইছিল বৃহৎ উচ্ছেদ অভিযান।
উক্ত উচ্ছেদ অভিযানত বটদ্ৰৱাৰ জামাই বস্তি, ভোমোৰাগুৰি, ধনীয়াভেটি পথাৰ, শান্তিজান বজাৰ, বাটমাৰী আদি স্থানত মুঠ ৯৮৫ বিঘা চৰকাৰী ভূমি বেদখল মুক্ত কৰিছিল। আনহাতে ২০১৬ চনৰ চেপ্তেম্বৰ মাহতো বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ ১৬০ বিঘা মাটি বেদখল উচ্ছেদ কৰিছিল। য'ত বৰ্তমান ২০০ কোটি টকা ব্যয়েৰে উক্ত ভূমিত অসম চৰকাৰৰ 'বটদ্ৰৱা প্ৰকল্প' নিৰ্মাণকাৰ্য্য চলাই আছে।