সোণাপুৰত ঈশ্বৰ পুত্ৰৰ জন্মদিন পালন কৰিবলৈ সাজু সকলো

মাজত মাত্ৰ কেইটামান ঘন্টা। ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। কায়িকভাৱে জুবিন গাৰ্গ নোহোৱা হোৱা আজি ৫৯ দিন।

author-image
Asomiya Pratidin
New Update
AP WEB zg (1)

ডিজিটেল ডেস্কঃ মাজত মাত্ৰ কেইটামান ঘন্টা। ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। কায়িকভাৱে জুবিন গাৰ্গ নোহোৱা হোৱা আজি ৫৯ দিন। ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হ'ব ঈশ্বৰ পুত্ৰৰ জন্মদিন। 

উল্লেখ্য যে  জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন উদযাপন কৰিব প্ৰতিজন অসমীয়াই ।  মাজনিশা কেক কাটি জন্মদিন পালন কৰিবলৈ আমাৰ মাজত নাই জুবিন। জুবিনৰ ৫৩ সংখ্যক জন্মদিন পালন কৰিবলৈ সাজু ৰাজ্যবাসী। অনুৰাগীয়ে সুন্দৰকৈ সজাই-পৰাই তুলিছে জুবিন ক্ষেত্ৰ। ফুলৰে সজাই তুলিছে শেষ বিশ্ৰামৰ স্থান।

সেউজীয়াৰ মাজত থাকি ভাল পোৱা সেই বিশেষ ঠাইখিনি সোণাপুৰৰ কমাৰকুছি পৰিস্কাৰ কৰিছে অনুৰাগীয়ে। 

সোণাপুৰ