/asomiyapratidin/media/media_files/2025/05/10/grWB9MlSyyej1XrjpXJD.jpg)
পাকিস্তানৰ প্ৰতিটো চেষ্টাই বিফল
ডিজিটেল ডেস্ক : যিমানেই পাকিস্তানে ভাৰতক আক্ৰমণৰ চেষ্টা চলাইছে, সিমানেই অধিক ভয়াৱহ হৈ উঠিছে ভাৰতীয় সেনা বাহিনী। এফালৰ পৰা সংহাৰ কৰি গৈছে পাকিস্তানৰ প্ৰতিটো চেষ্টা, প্ৰতিটো অভিযান।
শুকুৰবাৰে মাজনিশা পাকিস্তানে চলোৱা আক্ৰমণক প্ৰতিহত কৰে ভাৰতীয় সামৰিক বাহিনীয়ে। ভাৰতৰে ফেপেৰি পাতি এতিয়া থৰকাচুটি হেৰাইছে পাকিস্তানৰ। বৈৰী দেশখনে ভাৰতলৈ নিক্ষেপ কৰি চলোৱা ড্ৰোণ আৰু মিছাইল এফালৰ পৰা ধ্বংস কৰি গৈছে ভাৰতীয় সেনা বাহিনীয়ে।
এতিয়ালৈকে জম্মুত ১০০টাতকৈ অধিক পাকিস্তানী ড্রোণ ধ্বংস কৰিছে ভাৰতীয় সেনাই। একেদৰে পাকিস্তানী ড্রোণ ভূপতিত কৰিছে সেনা বাহিনীয়ে।