মৰিয়াহোলাৰ কৃষকে ৯ কোটি টকাৰ ৰঙালাও তুলি দিব বহিঃৰাজ্যৰ মধ্যভোগীৰ হাতত

বিগত দহটা বছৰ কৃষি মন্ত্ৰী তথা বিধায়ক অতুল বৰাৰ গৃহ সমষ্টি বোকাখাত এটা কৃষি প্ৰধান সমষ্টি হোৱাৰ পাছতো ইয়াৰ জনসাধাৰণে কৃষিৰ ক্ষেত্ৰখনত মন্ত্ৰীগৰাকীৰ পৰা যথোচিত সহযোগিতা লাভ কৰিলেনে ?

author-image
Asomiya Pratidin
New Update
240

ডিজিটেল সংবাদ, বোকাখাত : বিগত দহটা বছৰ কৃষি মন্ত্ৰী তথা বিধায়ক অতুল বৰাৰ গৃহ সমষ্টি বোকাখাত এটা কৃষি প্ৰধান সমষ্টি হোৱাৰ পাছতো ইয়াৰ জনসাধাৰণে কৃষিৰ ক্ষেত্ৰখনত মন্ত্ৰীগৰাকীৰ পৰা যথোচিত সহযোগিতা লাভ কৰিলেনে ? বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পুনৰ এই প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলৰ মাজত। 

কাৰণ বোকাখাত বিধানসভা সমষ্টিৰ কৃষকে বিগত সময়চোৱাত কৃষি বিভাগৰ সহযোগিতা, ব্ৰহ্মপুত্ৰ-ধনশিৰি নদীৰ ব্যাপক খহনীয়াৰ স্থায়ী সমাধান, সমষ্টিটোৰ সৰ্বত্ৰে জলসিঞ্চনৰ ব্যৱস্থা, পঞ্চায়তে পঞ্চায়তে ক্ষুদ্ৰ শীতল ভঁৰাল স্থাপন, খাদ্য সংসাধন উদ্যোগ আদিৰ দাবীত ৰাজপথত আন্দোলন কৰিবলগীয়া হৈ আহিছে। বিশেষকৈ বোকাখাত সমষ্টিত প্ৰচুৰ পৰিমাণে ৰঙালাও, বিলাহী, দেইথৰ আদি অঞ্চলত মাটিকঁঠাল, কমলা আদি উৎপাদিত হৈ অহাৰ পাছত সমষ্টিবাসীয়ে বোকাখাত এটা খাদ্য সংসাধন উদ্যোগৰ দীৰ্ঘদিনৰ পৰা দাবী কৰি আহিছিল যদিও অদ্যপি কৃষি মন্ত্ৰী অতুল বৰাই এই ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰিলে।

উল্লেখ্য যে শেহতীয়াকৈ বোকাখাত সমষ্টিৰ মৰিয়াহোলাৰ উদ্যমী কৃষকৰ গোট এটাই বহিঃৰাজ্যৰ মধ্যভোগীৰ হাতত ৯ কোটি টকাৰ ৰঙালাউ তুলি দিবলৈ প্ৰস্তুতি চলাইছে। বিগত বৰ্ষত উক্ত অঞ্চলৰ পৰা তেওঁলোকে ১২কোটি টকাৰ ৰঙালাও বহিঃৰাজ্যলৈ প্ৰেৰণৰ লক্ষ্য স্থিৰ কৰিছিল যদিও ৰঙালাওৰ মূল্য  প্ৰতি কিলোগ্ৰামত ৩-৪ টকালৈ নামি অহাত সেই লক্ষ্যত উপনিত হ'ব নোৱাৰিলে। অৱশ্যে এই বৰ্ষত ৰঙালাওৰ মূল্য প্ৰতি কিলোগ্ৰামত ১৪-১৫ টকালৈ বৃদ্ধি পোৱাত কৃষকসকলক উৎসাহিত দেখা পোৱা গৈছে।

স্বাভাৱিকতেই "৯ কোটি টকাৰ ৰঙালাও"ৰ খবৰটোৰ লগে লগেই বোকাখাতৰ কৃষকসমাজে দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা খাদ্য সংসাধন উদ্যোগটোৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে । কাৰণ বোকাখাত সমষ্টিৰ অতিকে উৰ্বৰ বুলি পৰিচিত মৰিয়াহোলাৰ পৰা  ৯ কোটি টকাৰ ৰঙালাও বহিঃৰাজ্যলৈ প্ৰেৰণৰ নামত আচলতে বহিঃৰাজ্যৰ মধ্যভোগীৰ হাততহে তুলি দিয়া হ'ব।

য'ৰ পৰা স্থানীয় কৃষকসকল লাভান্বিত হ'ব যদিও বোকাখাতত মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগে যদি এটা খাদ্য সংসাধন উদ্যোগ স্থাপন কৰিলেহেতেঁন, তেতিয়া এই ৯ কোটি টকাৰ ৰঙালাও পোনে পোনে কৃষকে স্থানীয় উদ্যোগটোলৈ প্ৰেৰণ কৰি অধিক লাভৰ মুখ দেখিলেহেতেঁন। লগতে মধ্যভোগীৰ পৰা পৰিত্ৰাণ পালেহেতেঁন।

কেঁচা ৰঙালাও বিক্ৰী কৰিলে কৃষকে যিমান মূল্য পায়, তাৰ তুলনাত ইয়াৰ পৰা তৈয়াৰী ৰঙালাওৰ পাউদাৰ, জাম, জুচ বা চিপচ আদিৰ বজাৰমূল্য বহু বেছি হোৱাৰ বাবে কৃষকে তেওঁলোকৰ উৎপাদনৰ ওপৰত অধিক মুনাফা লাভ কৰিবলৈ সক্ষম হ'লহেতেঁন। ইয়াৰ উপৰিও বজাৰত সঠিক মূল্যৰ অভাৱত বা পৰিবহনৰ অসুবিধাত বোকাখাতত উৎপাদিত ৰঙালাও বা আন সামগ্ৰী বহু সময়ত পচি নষ্ট হোৱাৰ অভিজ্ঞতা কৃষকৰ আছে গতিকে খাদ্য সংসাধন উদ্যোগ থকাহেতেঁন অৱশিষ্ট বা অতিৰিক্ত উৎপাদনখিনি সংৰক্ষণ কৰি নতুন ৰূপ দিব পৰা গ’লহেঁতেন।

ইয়াৰ উপৰি কেৱল ৰঙালাও নহয়, বৰং ইয়াৰ লগতে উৎপাদিত আদা, হালধি আৰু অন্যান্য থলুৱা ফল-মূলৰ বাবেও এক নতুন দিগন্তৰ সূচনা কৰিলেহেঁতেন এটা খাদ্য সংসাধন উদ্যোগে। তদুপৰি এটা খাদ্য সংসাধন উদ্যোগ স্থাপন হোৱা হ’লে কেৱল কৃষকৰ উপকাৰেই নহয়, বোকাখাতৰ স্থানীয় নিবনুৱা যুৱক-যুৱতীসকলৰ বাবেও প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপনৰ পথ মুকলি হ’লহেঁতেন। য'ত নেকি জীৱনৰ চৰম নিৰাপত্তাহীনতাত ভোগীও বৰ্তমান বোকাখাতৰ বহু নিবনুৱা বহিঃৰাজ্যত সস্তিয়া শ্ৰমিক ৰূপে কৰ্মৰত।

কিন্তু এই লৈ মন্ত্ৰী অতুল বৰাই বিগত দহ বছৰে বোকাখাতত বিধায়কহৈ থাকি কোনো আঁচনি যুগুত কৰা দেখা নগ'ল। ইয়াৰ পৰিৱৰ্তে সমষ্টিটোৰ কৃষক ৰাইজক সৰ্বত্ৰে জলসিঞ্চনৰ ব্যৱস্থা কৰি দিব নোৱাৰা, কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা নিম্নমানৰ বীজ যোগান ধৰি পৰ্বতসম কেলেংকাৰীত লিপ্ত হোৱা, বানপানী আৰু আন প্ৰাকৃতিক দুৰ্যোগগ্ৰস্ত কৃষকক বছৰ বছৰ ধৰি ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰি ৰখা আদি খবৰেহে বিগত দহ বছৰে চৰ্চা লাভ কৰি থাকিল বোকাখাত সমষ্টিত।

কৃষি বিভাগ বোকাখাত