ভাৰতৰ ১০২ নতুন সামুদ্ৰিক উৎপাদন ইউনিটলৈ ইউৰোপীয় ইউনিয়নৰ অনুমোদন...

ইউৰোপীয় ইউনিয়নে ভাৰতৰ ১০২ টা নতুন সামুদ্ৰিক উৎপাদন ইউনিটত অনুমোদন জনাইছে। ইয়াৰ লগে লগে ভাৰতৰ সামুদ্ৰিক খাদ্য ৰপ্তানিত ২০ শতাংশ বৃদ্ধিৰ আশা কৰা হৈছে।

author-image
Tushar Pratim
New Update
ভাৰতৰ ১০২ নতুন সামুদ্ৰিক উৎপাদন ইউনিটলৈ ইউৰোপীয় ইউনিয়নৰ অনুমোদন...

ডিজিটেল ডেস্কঃ  ইউৰোপীয় ইউনিয়নে ভাৰতৰ ১০২ টা নতুন সামুদ্ৰিক উৎপাদন ইউনিটত অনুমোদন জনাইছে। ইয়াৰ লগে লগে ভাৰতৰ সামুদ্ৰিক খাদ্য ৰপ্তানিত ২০ শতাংশ বৃদ্ধিৰ আশা কৰা হৈছে।

ইউৰোপীয় ইউনিয়নৰ দ্বাৰা অনুমোদন পোৱা ইউনিটসমূহ এতিয়া ইউৰোপীয় সংঘলৈ ৰপ্তানিৰ বাবে যোগ্য হৈ উঠিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত ইউৰোপীয় ইউনিয়নেই ভাৰতৰ দ্বিতীয় বৃহত্তম সামুদ্রিক খাদ্য বজাৰ ৰূপে স্থান দখল কৰিছে।

এই নতুন অনুমোদনৰ সৈতে এতিয়ালৈকে ভাৰতৰ মুঠ ৬০৪টা সামুদ্রিক উৎপাদন ইউনিট ইউৰোপীয় ইউনিয়নৰ তালিকাত অন্তৰ্ভুক্ত হ’ল। লক্ষ্যণীয় বিষয় যে এই ১০২ টা নতুন ইউনিটে এনে এক সময়ত অনুমোদন লাভ কৰিছে যিসময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ ওপৰত ৫০ শতাংশ কৰ আৰোপ কৰিছে। যাৰ প্ৰভাৱ ভাৰতৰ ৰপ্তানি ক্ষেত্ৰত পৰিলক্ষিত হৈছে। 

এই পৰিস্থিতিত ইউৰোপীয় ইউনিয়নলৈ ৰপ্তানি বৃদ্ধিয়ে সামুদ্ৰিক খাদ্য উদ্যোগটোক সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ সামুদ্ৰিক খাদ্য ৰপ্তানি আছিল ৪.৮৮ বিলিয়ন ডলাৰ। 

ৰপ্তানি