/asomiyapratidin/media/media_files/2025/07/01/new-ap-web-4-2-2025-07-01-19-40-51.jpg)
ডিজিটেল ডেস্কঃ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ কবলত পৰিছে সমগ্ৰ ইউৰোপ। ফ্ৰান্স, ইটালী, স্পেইন, জাৰ্মানী, পৰ্তুগাল, গ্ৰীচকে ধৰি বহু দেশত প্ৰচণ্ড গৰমৰ মাজতে সৰ্বোচ্চ তাপমাত্ৰাৰ সতৰ্কবাণী জাৰি কৰা হৈছে। ফ্ৰান্সকে ধৰি দক্ষিণ আৰু পূব ইউৰোপৰ বিভিন্ন প্ৰান্তত উষ্ণতা বৃদ্ধিৰ বাবে সমগ্ৰ ফ্ৰান্সতে সতৰ্কবাণী জাৰি কৰা হৈছে।
মঙলবাৰে পেৰিছকে ধৰি ফ্ৰান্সৰ ১৬টা অঞ্চলত ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছে।ইয়াৰ উপৰিও আন ৬৮টা অঞ্চলত ‘অৰেঞ্জ এলাৰ্ট’ জাৰি কৰা হৈছে। দেশখনত গৰমৰ বাবে সৃষ্টি হোৱা এনে পৰিস্থিতিত দেশখনৰ জলবায়ু মন্ত্ৰীগৰাকীয়ে তেওঁৰ বক্তব্যত ইয়াক দেশখনৰ অভূতপূৰ্ব পৰিস্থিতি বুলি অভিহিত কৰিছে।
স্পেইন, পৰ্তুগাল, ইটালী, জাৰ্মানী, ব্ৰিটেইন, ক্ৰ’ৱেচিয়াকে ধৰি বাল্কন অঞ্চলৰ কিছু অংশতো গৰমৰ বাবেই সতৰ্কবাণী জাৰি কৰা হৈছে। তুৰস্কতো বনজুইৰ খবৰ পোৱা গৈছে। স্পেইন আৰু পৰ্তুগাল দুয়োখন দেশতেই জুন মাহৰ শেষৰটো সপ্তাহৰ শেষৰ ফালে আটাইতকৈ উষ্ণ দিনৰ ৰেকৰ্ড গঢ়িছে।
ইউৰোপৰ বহু কেইখন দেশেই জৰুৰীকালীন চিকিৎসা সেৱাক ষ্টেণ্ডবাইত ৰাখি জনসাধাৰণক যিমান পাৰি ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে। গৰমৰ বাবেই সমগ্ৰ ফ্ৰান্সৰ প্ৰায় ২০০খন বিদ্যালয় বন্ধ বা আংশিকভাৱে বন্ধ হৈ পৰিছে। তাৰোপৰি দেশখনত আগন্তক সপ্তাহত গৰমৰ প্ৰকোপ আৰু অধিক বৃদ্ধি হোৱাৰহে সম্ভাৱনা আছে।
মঙলবাৰৰ পৰা পেৰিছতো কাৰ্যকৰী কৰা হৈছে ৰেড এলাৰ্ট। প্ৰচণ্ড গৰমৰ ফলতে দেওবাৰে দক্ষিণৰ কৰ্বিয়েৰ পৰ্বতত কেইবাখনো বনাঞ্চলত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে। ফলত সেই অঞ্চলসমূহৰ লোকসকলক স্থানান্তৰ কৰা হৈছে। বন্ধ কৰি দিয়া হৈছে এটা মটৰৱে।অৱশ্যে বৰ্তমান এই বনজুই নিয়ন্ত্ৰণ কৰা হৈছে।
ইফালে, ইটালীৰ ৰোম, মিলান, ভেনিচ আৰু চাৰ্ডিনিয়া দ্বীপকে ধৰি ২১খন চহৰতো সতৰ্কতা জাৰি কৰা হৈছে। ইটালীৰ জৰুৰীকালীন চিকিৎসা সেৱা বিভাগৰ উপ-সভাপতি মাৰিঅ’ গুয়াৰিনোৱে এ এফ পি সংবাদ সংস্থাক জনোৱা মতে, গৰমৰ লগত জড়িত ৰোগ আৰু হিটষ্ট্ৰ’কৰ সংখ্যা এই দিন কেইটাত ১০ শতাংশ বৃদ্ধি পাইছে।
সোমবাৰে ব্ৰিটেইনতো জুন মাহৰ সৰ্বোচ্চ তাপমাত্ৰা নথিভুক্ত হৈছে।সোমবাৰে ব্ৰিটেইনৰ সৰ্বোচ্চ উষ্ণতা আছিল ৩৩.১ ডিগ্ৰী চেলছিয়াছ। ইফালে উইম্বলডনত তাপমাত্ৰা ৩২.৯ ডিগ্ৰী ৰেকৰ্ড হৈছে। টেনিছ প্ৰতিযোগিতাৰ ইতিহাসত এয়াই আটাইতকৈ অধিক গৰমৰ দিন।
স্পেইনতো গৰমৰ সতৰ্কবাণী জাৰি কৰিছে।পৰ্তুগালতো একেধৰণৰ পৰিস্থিতি। ৰাজধানী লিছবনকে ধৰি ৭খন জিলা হাই এলাৰ্টত আছে। জাৰ্মান বতৰ বিজ্ঞান সংস্থাই জনোৱা মতে, মঙলবাৰ আৰু বুধবাৰে তাপমাত্ৰা প্ৰায় ৩৮ ডিগ্ৰী পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে।
তীব্ৰ গৰমৰ বাবে জাৰ্মানীৰ ৰাইন নদীৰ জলপৃষ্ঠ হ্ৰাস পোৱাত ইয়াৰ গুৰুত্বপূৰ্ণ জলপথত মালবাহী জাহাজসমূহৰ সামগ্ৰী পৰিবহণত বাধাৰ সন্মুখীন হৈছে।গৰমৰ বাবেই
ক্ৰ’ৱেচিয়াতো বনজুইৰ ঘটনা ঘটিছে।
গ্ৰীচত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছৰ কাষ চাপিছে। ৰাজধানী এথেন্সৰ আশে-পাশে থকা উপকূলীয় অঞ্চলসমূহত এই বন জুই বিয়পি পৰাৰ ফলত বহু ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত হৈছে আৰু বাসিন্দাসকলে সেই অঞ্চল একি নিৰাপদ স্থানলৈ যাত্ৰা কৰিবলগীয়া হৈছে।
ছাৰ্বিয়াৰ বহু ঠাইত চৰম খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে। বছনিয়া আৰু হাৰ্জেগোভিনাৰ ৰাজধানী চাৰাজেভোত গৰমে অভিলেখ গঢ়ি ৩৮.৮ ডিগ্ৰী চেলছিয়াছ হৈছে। যোৱা শনিবাৰে স্লোভেনিয়াত জুন মাহৰ ইতিহাসত সৰ্বোচ্চ উষ্ণতা ৰেকৰ্ড কৰা হৈছিল।
উত্তৰ মেচিডোনিয়াৰ ৰাজধানী স্কোপজেৰ তাপমাত্ৰা শুকুৰবাৰে ৪২ ডিগ্ৰী চেলছিয়াছত উপনীত হৈছিল। সমগ্ৰ ইউৰোপতে দেখা দিয়া এনে গ্ৰীষ্ম প্ৰবাহে কেৱল মানুহৰ স্বাস্থ্যৰ ওপৰতেই নহয়, পৰিৱেশৰ ওপৰতো গুৰুতৰ প্ৰভাৱ পেলাইছে।
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ মুৰব্বী ভলকাৰ টাৰ্কে এনে পৰিস্থিতিত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে গৰমৰ প্ৰকোপে স্পষ্ট কৰিছে যে আমি জলবায়ু পৰিৱৰ্তনক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰস্তুতি চলাব লাগিব। জীৱাশ্ম ইন্ধনৰ দৰে প্ৰদূষণকাৰী শক্তিৰ উৎসৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব।
তেওঁ কয় যে তাপমাত্ৰা, সমুদ্ৰপৃষ্ঠ বৃদ্ধি, বানপানী, খৰাং আৰু বনজুইয়ে আমাৰ জীৱনৰ অধিকাৰ, স্বাস্থ্য আৰু পৰিৱেশৰ অধিকাৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ পেনেলৰ তথ্য অনুসৰি মানুহৰ দ্বাৰা সৃষ্টি হোৱা জলবায়ু পৰিৱৰ্তনৰ বাবে গৰমৰ প্ৰকোপ এইদৰে বাঢ়িছে।
লগতে এই কথাও সকীয়াই দিয়া হৈছে যে, এইদৰে উষ্ণতা বৃদ্ধি অব্যাহত থকাৰ ফলত সঘনে এইদৰে অতি উষ্ণ বতৰৰ মুখামুখি হ’ব লাগিব।