খহনীয়াই লৈছে ভয়ংকৰ ৰূপঃ ৩ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী স্থানান্তৰ...

প্ৰতিদিনে ১০-১২ টাকৈ পৰিয়াল খহনীয়াৰ কৱলত পৰি ঘৰ-বাৰী স্থানান্তৰ কৰিবলগীয়া হৈছে। খহনীয়াগ্ৰস্ত পৰিয়ালৰ একাংশ অন্য লোকৰ কৃষিভূমি তথা বিভিন্ন ভাৰামাটিত আশ্ৰয় লবলগীয়া হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধুবুৰীঃ বৰলুইতৰ ভয়ংকৰ খহনীয়া কৱলত পৰিছে ধুবুৰীৰ ফকিৰগঞ্জ-বোছাইমাৰী অঞ্চল। এমাহৰ ভিতৰত ৩ শতাধিক পৰিয়ালে নিজৰ ঘৰ-বাৰী স্থানান্তৰ কৰিবলগীয়া হৈছে। বিগত প্ৰায় দুমাহ পূৰ্বে বোছাইমাৰীৰ পাশ্বৱৰ্তী ওহাব বজাৰ সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ লগতে দুই শতাধিক পৰিয়ালৰ মাটি-ভেটি খহনীয়াত জাহ গৈছে।

বৰ্তমান বোছাইমাৰী, ডাপাং এলেকাত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে ১০-১২ টাকৈ পৰিয়াল খহনীয়াৰ কৱলত পৰি ঘৰ-বাৰী স্থানান্তৰ কৰিবলগীয়া হৈছে। খহনীয়াগ্ৰস্থ পৰিয়ালৰ একাংশ অন্য লোকৰ কৃষিভূমি তথা বিভিন্ন ভাৰামাটিত আশ্ৰয় লবলগীয়া হৈছে।

বোছাইমাৰী এলেকাত জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ' বেগেৰে চেষ্টা চলাইছে যদিও ভয়ংকৰ খহনীয়া প্ৰতিৰোধ কৰিব পৰা হোৱা নাই। অঞ্চলটোত স্থায়ী প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজে চৰকাৰলৈ দাবী জনাইছে।

গৰা খহনীয়া খহনীয়া