মাজুলীৰ এসাজৰ স্বত্বাধিকাৰী ৰাজীৱ বৰা আৰু নাই...

author-image
Asomiya Pratidin
New Update
মাজুলীৰ এসাজৰ স্বত্বাধিকাৰী ৰাজীৱ বৰা আৰু নাই...

rajib bora

ডিজিটেল ডেস্কঃ বিশিষ্ট ব্যৱসায়ী তথা 'মাজুলীৰ এসাজ'ৰ স্বত্বাধিকাৰী ৰাজীৱ বৰা আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ৰাজীৱ বৰাৰ দেওবাৰে পুৱতি নিশা কলকাতাৰ এখন হাস্পতালত মৃত্যু হয়। বৃক্ক ৰোগত আক্ৰান্ত হোৱা বৰা আছিল নিজেই এজন খাদ্যৰসিক লোক।

Advertisment

পৰম্পৰাগত অসমীয়া খাদ্যৰে তেওঁ আৰম্ভ কৰা মাজুলীৰ এসাজ নামৰ ৰেষ্টুৰেণ্টখন এক ব্ৰেণ্ডলৈ পৰিবৰ্তন হৈছিল। তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰা আৰম্ভ কৰি প্ৰায় বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত লোকে মাজুলীৰ এসাজৰ খাদ্যৰ উচ্চ প্ৰশংসা কৰিছিল।

গ্ৰাহকৰ সৈতেও ঘৰুৱা সম্পৰ্ক ৰক্ষা কৰা ৰাজীৱ বৰাৰ আছিল সত্ৰিয়া সংস্কৃতিটো বিশেষ পাৰদৰ্শিতা। তেওঁ বৃক্ক নতুনকৈ সংৰোপণ কৰিবলৈ যথেষ্ট ধনৰ ব্যয় হোৱাত আৰু চিকিৎসাৰ বাবে পৰিয়ালটো ব্যস্ত থকাৰ বাবে মাজুলীৰ এসাজ নামৰ ৰেষ্টুৰেণ্টখনো বন্ধ কৰি দিবলগীয়া হৈছিল।

আৰ এন টি হাস্পতালত শেহতীয়াকৈ তেওঁৰ চিকিৎসা চলি আছিল। আৰ্থিক অনাটনৰ বাবে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীলৈ আনিব নোৱাৰি পৰিয়ালৰ লোকে কলকাতাতেই অন্ত্যোষ্টিক্ৰিয়া কৰাৰ দৰে দুখজনক সিদ্ধান্ত ল'বলগীয়া হৈছে। এদিনৰ পূৰ্বে জুবিন গাৰ্গেও সামাজিক মাধ্যমৰ জৰিয়তে এই পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান জনাইছিল।

rajib bora