ফিজিঅ’থেৰাপিষ্টে নামৰ আগত “ডাঃ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি প্ৰকাশিত জাননী প্ৰত্যাহাৰ কেন্দ্ৰৰ

ফিজিঅ’থেৰাপিষ্টে “ডাঃ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি প্ৰকাশ পোৱা নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে। এনে পৰিপ্ৰেক্ষিথ ফিজিঅ’থেৰাপিষ্টসকলে নামৰ আগত ‘ডাঃ’ ব্যৱহাৰ কৰাত কোনো বাধা নাই।

author-image
Asomiya Pratidin
New Update
physiotherapy

ডিজিটেল ডেস্কঃ ফিজিঅ’থেৰাপিষ্টে “ডাঃ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি প্ৰকাশ পোৱা নিৰ্দেশনা প্ৰত্যাহাৰ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। এনে পৰিপ্ৰেক্ষিথ ফিজিঅ’থেৰাপিষ্টসকলে এই মুহূৰ্তত নামৰ আগফালে ‘ডাঃ’ ব্যৱহাৰ কৰাত কোনো বাধা নাই।

উল্লেখ্য যে, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে ফিজিঅ’থেৰাপিষ্টে নামৰ আগত “ডাঃ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি জাৰি কৰা নিৰ্দেশনাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তাৰ পাছতেই এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হৈছে।

ইফালে এই নিৰ্দেশনা প্ৰত্যাহাৰৰ পিছতো বিষয়টোক লৈ বিতৰ্ক অব্যাহত আছে।উল্লেখ্য যে, চলিত বছৰৰে যোৱা ২৩ মাৰ্চত ৰাষ্ট্ৰীয় সহযোগী আৰু স্বাস্থ্য সেৱা আয়োগে (NCAHP) প্ৰকাশ কৰা ফিজিঅ’থেৰাপীৰ নতুন পাঠ্যক্ৰমত ফিজিঅ’থেৰাপিষ্টে নামৰ আগত “ডাঃ” আৰু নামৰ পিছফালে “PT” ব্যৱহাৰ কৰিব পাৰিব বুলি উল্লেখ কৰিছিল।

তাৰ পিছতেই চিকিৎসক সমাজ আৰু ফিজিঅ’থেৰাপিষ্টৰ মাজত তীব্ৰ বিতৰ্ক আৰম্ভ হয়। এই বিতৰ্ক চলি থকাৰ সময়তে যোৱা ৯ ছেপ্তেম্বৰত স্বাস্থ্য সেৱা সঞ্চালকালয়ে এক নিৰ্দেশ জাৰি কৰি ফিজিঅ’থেৰাপিষ্টে ‘ডাঃ’ উপাধি ব্যৱহাৰ কৰিব নোৱাৰে বুলি উল্লেখ কৰাৰ লগতে এনে কৰিলে ভাৰতীয় চিকিৎসা ডিগ্ৰী আইন-১৯১৬ ৰ উলংঘনৰ অপৰাধ বুলি গণ্য কৰা হ’ব বুলি উল্লেখ কৰিছিল। 

কিন্তু পৰৱৰ্তী ২৪ ঘণ্টাৰ পিছতেই ফিজিঅ’থেৰাপিষ্টৰ অসন্তুষ্টিৰ মাজতেই এই নিৰ্দেশনা পত্ৰ প্ৰত্যাহাৰ কৰা হৈছে। লক্ষ্যণীয় বিষয় যে, স্বাস্থ্য সেৱা সঞ্চালকালয়ে এই নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ পিছত এতিয়া আকৌ ভাৰতীয় চিকিৎস সংঘই মুকলি অসন্তুষ্টি প্ৰকাশ কৰিছে। 

ভাৰতীয় চিকিৎসক সংঘৰ (IMA) ৰাষ্ট্ৰীয় সভাপতি ডাঃ দিলীপ ভানুশালীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, “আমি এতিয়া আদালতৰ দ্বাৰস্থ হ’বলগীয়া হ’ব। তামিলনাডু আৰু কেৰালাৰ উচ্চ ন্যায়ালয়ে ইতিমধ্যে ফিজিঅ’থেৰাপিষ্টে ‘ডাঃ’ ব্যৱহাৰ কৰিব নোৱাৰে বুলি আদেশ দিছিল।”

স্মৰ্তব্য, ডি.জি.এইচ.এছ. (DGHS) ডাঃ সুনীতা শর্মাই ১০ ছেপ্তেম্বৰত পূৰ্বৰ জাননী প্ৰত্যাহাৰ সম্পৰ্কীয় নিৰ্দেশনাত কৈছে যে, ৯ ছেপ্তেম্বৰৰ ডি.অ’ পত্রৰ বিষয়ত অধিক পৰ্যালোচনাৰ প্ৰয়োজন। সেয়েহে উক্ত পত্রক প্ৰত্যাহাৰ কৰা হৈছে।

চিকিৎসক স্বাস্থ্য