বিশিষ্ট অভিযন্তা কৃপেশ ৰঞ্জন দাস আৰু নাই : ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

গুৱাহাটী তৰুণ নগৰ নিৱাসী,  বিশিষ্ট অভিযন্তা তথা নীপকʼৰ অৱসৰপ্ৰাপ্ত অধীক্ষক, মানৱহিতৈষী ব্যক্তি কৃপেশ ৰঞ্জন দাস শনিবাৰে দিনৰ ১০-০০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে

author-image
Asomiya Pratidin
New Update
145

ডিজিটেল সংবাদ, গুৱাহাটী : গুৱাহাটী তৰুণ নগৰ নিৱাসী,  বিশিষ্ট অভিযন্তা তথা নীপকʼৰ অৱসৰপ্ৰাপ্ত অধীক্ষক, মানৱহিতৈষী ব্যক্তি কৃপেশ ৰঞ্জন দাস শনিবাৰে দিনৰ ১০-০০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতে দীৰ্ঘদিন যকৃতৰ উপৰি আনুসংগিক বিভিন্ন ৰোগত ভুগি আছিল।

Advertisment

মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৩ বছৰ। তেখেতে পত্নী অপৰ্ণা দাস, দুগৰাকী জী-জোঁৱাইৰ লগতে আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে। মানৱতাবাদী আৰু বিজ্ঞানমনস্ক ব্যক্তিগৰাকীৰ শেষ ইচ্ছা অনুসৰি আজি ২৩ আগষ্ট, ২০২৫ গুৱাহাটী মেডিকেল কলেজত মৰণোত্তৰ দেহদান সুকলমে সম্পন্ন হয়।

ইয়াৰ আগতে দুজন অন্ধলোকৰ চকু সংৰোপণৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে তেখেতৰ চকুযুৰি সংগ্ৰহ কৰে। ইলোৰা বিজ্ঞান মঞ্চৰ যুটীয়া সম্পাদক মনোজ ৰায়ে আঁত ধৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষৰ হৈ কৃপেশৰঞ্জন দাসৰ মৰণোত্তৰ দেহ মৰ্যাদা সহকাৰে গ্ৰহণ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক (ডাঃ) অচ্যুত বৈশ্যই মৃত্যুৰ পিচতো মানব কল্যানৰ হকে মৰনোত্তৰ দেহদানেৰে কৃপেশৰঞ্জন দাসে যি উদাহৰণ সৃষ্টি কৰিলে তাৰ শলাগ লয় ।

এই ক্ষেত্ৰত পৰিয়ালৰ আগ্ৰহ আৰু উদ্যোগৰ তেওঁ প্ৰশংসা কৰে। অনুষ্ঠানত উপস্থিত থাকি ইলোৰা বিজ্ঞান মঞ্চৰ সম্পাদক কমলেশ গুপ্ত, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ দেবজিত চৌধুৰী, গুৱাহাটী মেডিকেল কলেজৰ শিক্ষক-কৰ্মচাৰী, ছাত্র-ছাত্রী, প্ৰয়াত দাসৰ জী-জোৱাই সমন্বিতে পৰিয়ালৰ সদস্যসকলে বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী চিকিৎসক গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ইলোৰা বিজ্ঞান মঞ্চই তেখেতৰ শোকস্তব্ধ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধ সকলৰ প্ৰতি  সমবেদনা জ্ঞাপন কৰে।

ইলোৰা বিজ্ঞান মঞ্চ