Advertisment

বেজপাৰাত কাতিমহীয়া ভাগৱতৰ সামৰণি

মঙলদৈ বেজপাৰা শিৱমন্দিৰ কাতিমহীয়া ভাগৱতৰ সামৰণী অনুষ্ঠান শনিবাৰে অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত দিনৰ ভাগত ভাগৱত শোভাযাত্ৰা, নাম কীৰ্তন , ভাগৱত পাঠ কৰা হয়।

author-image
Asomiya Pratidin
New Update
mangaldai

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ বেজপাৰা শিৱমন্দিৰ কাতিমহীয়া ভাগৱতৰ সামৰণী অনুষ্ঠান শনিবাৰে অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত দিনৰ ভাগত ভাগৱত শোভাযাত্ৰা, নাম কীৰ্তন , ভাগৱত পাঠ কৰা হয়।

Advertisment

গধুলি মন্দিৰ চৌহদত হাজাৰৰোধিক ভোটা প্ৰজ্বলন কৰাৰ লগতে ছিপাঝাৰ শালিকাঝাৰৰ অনিতা তালুকদাৰৰ নাম দলৰ নাম পৰিবেশন হয়। ১৮০৩ চনতে প্ৰতিষ্ঠা হোৱা এই শিৱমন্দিৰত প্ৰতি বছৰে এই ভোটা দিয়া কাৰ্য্যসুচীত অগনন ভক্তৰ ভিৰ হয় ৷

উল্লেখযোগ্য যে কোচৰজা ধর্মনাৰায়ণ দেৱৰ ৰাজত্বৰ সময়ৰে পৰাই এই শিৱ মন্দিৰত পুজাঅৰ্চনা চলি আহিছে ৷ জন বিশ্বাস অনুসৰি এই শিৱ মুর্ত্তিটো নিজে মাটি ফুটি ওমাইছিল।

প্ৰবাদ অনুসৰি হাউলীৰ দৰঙী কোঁচ ৰজাই এই শিৱ মূৰ্তিটো ৰজা হাউলিলৈ হাতীৰে টানি নিব বিচাৰিছিল কিন্তু নোৱাৰিলে। এই শিৱ মূৰ্তি ব্রাহ্মণ সম্প্ৰদায়ৰ লোকৰ বাহিৰে আনে চুব নোৱাৰে । এতিয়াও মন্দিৰৰ চৌহদত দুশ বছৰ পুৰণি গছে  মন্দিৰৰ পৰিবেশ জয়াল কৰি ৰাখিছে ৷

এহাজাৰতকৈ অধিক জন বসতিপূৰ্ণ ১ নং বেজপাৰাৰ এই শিৱ মন্দিৰত প্ৰতি বছৰে কাতি মাহত মাহজোৰা ভাগৱত পাঠৰ অন্তত তুলসী দান আৰু ভোটা প্ৰজ্বলন অনুষ্ঠান কৰি আহিছে ৷ এইবেলি ভোটা প্ৰজ্বলন কাৰ্য্যসূচীত বৃহৎ জনসমাগম হয়।

ভোতা প্ৰজ্বলন কাৰ্য্যসূচী শুভাৰম্ভ কৰে সাংবাদিক প্ৰবীণ বৰুৱা, সাংবাদিক দ্বীপেন বৰুৱা , সমাজসেৱক কীৰিতি বৰা আৰু সমাজসেৱক, ৰক্ত দাতা শেখৰ মজুমদাৰে।

mangaldai