ভদিয়া নামৰ সামৰণি অনুষ্ঠানত ধৰ্ম পুথি উন্মোচন...

সামৰণি অনুষ্ঠানত পুৱাৰ পৰা নিশা পৰ্যন্ত নাম প্ৰসংগ ,আই নাম ,থিয় নামৰ ধ্বনিৰে সত্ৰৰ বৰ নামঘৰ প্ৰাঙ্গণ মুখৰিত হৈ পৰে

author-image
Asomiya Pratidin
New Update
ভদিয়া নামৰ সামৰণি অনুষ্ঠানত ধৰ্ম পুথি উন্মোচন...

SATRA

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ উত্তৰ অসমৰ সত্ৰীয়া পীঠস্থান, ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত প্ৰতিষ্ঠা কালৰে পৰা পৰম্পৰাগত ভাৱে অনুষ্ঠিতহৈ  আহিছে ভদিয়া নাম প্ৰসংগ । এই বছৰো  শাওণ মাহৰ সংক্ৰান্তি অৰ্থাৎ পবিত্ৰ ভাদ মাহৰ পহিলা দিনৰ পৰা  দৈনিক অব্যাহত থকা শণিবাৰে নিশা ভদিয়া নামৰ বৰ্ণিল সামৰণি পৰে ।

Advertisment

সামৰণি অনুষ্ঠানত পুৱাৰ পৰা নিশা পৰ্যন্ত নাম প্ৰসংগ, আই নাম ,থিয় নামৰ ধ্বনিৰে সত্ৰৰ বৰনামঘৰ প্ৰাঙ্গণ মুখৰিত হৈ পৰে।

সত্ৰ পৰিয়াল, ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ ভক্ত, আই-বাপ বৈষ্ণৱ সকলৰ উপস্থিতিৰে দ্বিতীয় বৈকুণ্ঠ ধামলৈ ৰূপান্তৰ ঘটা সত্ৰ প্ৰাঙ্গণত দুপৰীয়া ভদিয়া নাম প্ৰসংগ, কৃষ্টি সংস্কৃতি, পবিত্ৰ ভাদ মাহৰ বৈশিষ্ট, তাৎপৰ্য সামৰি সত্ৰীয়া প্ৰভু দেৱেন্দ্ৰ দেৱ গোস্বামীদেৱৰ ৰচিত আৰু শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ পুৰণি সম্পদ সংৰক্ষণ আৰু সংবৰ্ধন উপ-সমিতিৰ হৈ সম্পাদক ৰাজীৱ বৰুৱাৰ দ্বাৰা প্ৰকাশিত ধৰ্ম পুথি "পবিত্ৰ ভাদ মাহ আৰু শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ"ৰ শুভ উন্মোচন কৰা হয় ।

গুৰু বাদ্য খোল ,তাল ,নাগাৰা,শংখ ডবা ,আয়তীৰ উৰুলিৰ মংগল ধ্বনিৰ মাজত  পুথিভাগৰ শুভ উন্মোচন কৰে সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভূপেন্দ্ৰ দেৱ গোস্বামী আৰু  ভোগেন্দ্ৰ দেৱ গোস্বামী প্ৰভুৱে ।

সত্ৰ  উন্নয়ন সমিতিৰ সম্পাদক বীৰেন্দ্ৰ দেৱ গোস্বামীয়ে আঁতধৰা পুথি উন্মোচনী  সভাত সত্ৰৰ সমূহ সত্ৰীয়া, ভকত বৈষ্ণৱ ,আই মাতৃ সুধী সমাজ উপস্থিত থাকে। ইয়াৰ পাছতে সন্ধিয়া ঘোষা আৰু গুণমালাৰ শ্ৰৱণ কীৰ্তন কৰি  ভদিয়া নামৰ সফল পৰিসমাপ্তি হয়।

সত্ৰ সমিতিৰ আহ্বায়ক বিজু গোস্বামীয়ে বিগত মাহজোৰা পবিত্ৰ ভদিয়া  নাম ভাগিত অংশ গ্ৰহণ কৰি সত্ৰ খনৰ  শতিকা গৰকা আধ্যাত্মিক পৰম্পৰাৰ অংশীদাৰ হোৱা  ৰাজ্যখনৰ প্ৰতি গৰাকী ভকত বৈষ্ণবক  সত্ৰ পৰিয়ালৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

assam