/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/1f89f7b5-7841-4850-80de-c2c3650882be/6.jpg)
ডিজিটেল ডেস্কঃ পৰম্পৰা আৰু গ্লেমাৰৰ মাজেৰে ১২ জুলাইত এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানী আৰু নীতা আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিবাহ সম্পন্ন হয়। বিশেষ বিবাহখনৰ সাক্ষী হৈ ৰ'ল প্ৰধানমন্ত্ৰী,ৰাজনীতিবিদ,ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিশিষ্ট ব্যক্তি,বহু তাৰকাৰ লগতে আম্বানী কাৰ্যালয়ৰ সকলো কৰ্মচাৰী।
জানিব পৰা মতে, অনন্ত আম্বানীৰ শেষৰখন বিবাহ অনুষ্ঠানত আম্বানী পৰিয়ালে নিজৰ ঘৰ আৰু কাৰ্যালয়ৰ সকলো কৰ্মচাৰীক নিমন্ত্ৰণ জনায়। তথ্য অনুসৰি পৰিয়ালসহ প্ৰায় ২৫ হাজাৰ লোকে অনুষ্ঠানত অংশগ্ৰহণ কৰে।
অনন্ত-ৰাধিকাৰ বিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশিষ্ট লোক সকলক ভিভিআইপি ট্ৰিটমেণ্ট দিয়াটো একেবাৰে স্বাভাৱিক আছিল যদিও কোটিপতি পৰিয়ালটোৱে নিজৰ কৰ্মচাৰীসকলক কেনে অনুভৱ কৰাইছিল এই প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে।
এই প্ৰশ্নৰ উত্তৰ সামাজিক মাধ্যমত প্ৰকাশ পোৱা এটা ভিডিঅ’ত লুকাই আছে। অভ্যৰ্থনা অনুষ্ঠানত আম্বানী পৰিয়ালে কৰ্মচাৰী সকলক কৰা ব্যৱহাৰে সমতাৰ উদাহৰণ দাঙি ধৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/df4543c1-f0da-4f58-9524-b7fc987cf6bf/navbharat-times-111901243.webp)
প্ৰথমে মুকেশ আম্বানীয়ে নিজ কৰ্মচাৰীসকলক বিশেষ ভাষণেৰে আদৰণি জনায়। ভাষণত তেওঁ কয়, আপোনালোক সকলোকে ইয়াত আদৰণি জনোৱা হৈছে। অনন্ত আৰু ৰাধিকাৰ বিয়াৰ শেষ উদযাপন যদিও আজিৰ উদযাপন মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ।
কেৱল এয়াই নহয়, ইয়াৰ পিছত অনন্ত আৰু ৰাধিকায়ো তেওঁলোকৰ ভাষণত সকলোকে ধন্যবাদ জনাই কৰ্মচাৰীসকলক তেওঁলোকৰ পৰিয়াল বুলি অভিহিত কৰে। লগতে ৰাধিকাই কয় যে কৰ্মচাৰীসকলৰ অবিহনে এই অনুষ্ঠান কেতিয়াও সম্ভৱ নহ’লহেঁতেন।
এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে, আম্বানী পৰিয়ালৰ অধীনত কাম কৰা অতিথিসকলক অন্য ভিআইপি অতিথিৰ দৰেই অনুষ্ঠানটোত আদৰণি জনোৱা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/106879f4-820f-44fc-a030-fcf0edac3366/navbharat-times-111901242.png)
কৰ্মচাৰীসকলৰ আতিথ্যৰ বাবে বিভিন্ন অনুষ্ঠানৰ লগতে ৰাষ্ট্ৰীয় আৰু বিদেশী খাদ্যৰো ব্যৱস্থা কৰা হৈছিল। অনুষ্ঠানত এ আৰ ৰহমান, চনু নিগম, শ্ৰেয়া ঘোষাল, সুখৱিন্দৰ সিং, মোহিত চৌহান দৰে বিশিষ্ট সংগীত শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিছিল। আম্বানী পৰিয়ালৰ এই আতিথ্যৰ বাবে নিজকে সৌভাগ্যবান বুলি উল্লেখ কৰে কৰ্মচাৰীসকলে। মুকেশ আম্বানীয়ে কৰ্মচাৰী সকলৰ সৈতে কৰা ব্যৱহাৰ সমতাৰ এক উল্লেখনীয় উদাহৰণ হৈ ৰ'ব।
Also Read: জে পি দাস,গৌতম শৰ্মা, ডাঃ পংকজ অধিকাৰীলৈ দিপিআৰচি বঁটা ২০২৪...