গহপুৰৰ বিশিষ্ট শিক্ষাবিদ লক্ষেশ্বৰ ভূঞাৰ দেহাৱসান

বিশ্বনাথ জিলাৰ গহপুৰ সমজিলাৰ অন্তৰ্গত গোপালপুৰ নিবাসী, বিশিষ্ট শিক্ষাবিদ লক্ষেশ্বৰ ভূঞা আৰু নাই। সকলোকে শোকৰ সাগৰত বুৰাই মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ...

author-image
Asomiya Pratidin
New Update
গহপুৰৰ বিশিষ্ট শিক্ষাবিদ লক্ষেশ্বৰ ভূঞাৰ দেহাৱসান

গহপুৰৰ বিশিষ্ট শিক্ষাবিদ লক্ষেশ্বৰ ভূঞাৰ দেহাৱসান

ডিজিটেল সংবাদ, ছয়দুৱাৰ : বিশ্বনাথ জিলাৰ গহপুৰ সমজিলাৰ অন্তৰ্গত গোপালপুৰ নিবাসী, বিশিষ্ট শিক্ষাবিদ লক্ষেশ্বৰ ভূঞা আৰু নাই। সকলোকে শোকৰ সাগৰত বুৰাই মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

Advertisment

জীৱনৰ সুদীৰ্ঘ দিন শিক্ষকতা বৃত্তিৰ সৈতে জড়িত হৈ জীৱনটো মহীয়ান কৰি তোলা লক্ষেশ্বৰ ভূঞাৰ মৃত্যুত সমগ্ৰ গোপালপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে । গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যক্ষ হিচাপে অৱসৰগ্ৰহণ কৰা লক্ষেশ্বৰ ভূঞাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯১ বছৰ ।

অঞ্চলটোৰ বিভিন্ন সামাজিক, ৰাজহুৱা আৰু ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে নিবিড়ভাৱে জড়িত লক্ষেশ্বৰ ভূঞা নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোপালপুৰ শতদল সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল । মৃত্যুৰ সময়ত তেওঁ দুগৰাকী জীয়ৰী , দুজন পুত্ৰ , দুগৰাকী বোৱাৰী ,নাতি-নাতিনীকে ধৰি পৰিয়ালৰ অনেক গুনমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ৷

তেওঁৰ মৃত্যুত গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়,গহপুৰ ছোৱালী হাইস্কুল, নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়,গোপালপুৰ শতদল সাহিত্য সভা,গহপুৰ মহকুমা সাংবাদিক সন্থা(আজু),ছয়দুৱাৰ মহাবিদ্যালয়, বিশ্বনাথ জিলা সাহিত্য সভা,কলাবাৰী শাখা সাহিত্য সভা,স্বৰ্ণদল চিত্ৰবণ শাখা সাহিত্য সভা,গহপুৰৰ বিধায়ক উৎপল বৰা,গহপুৰ কবি কানন,গহপুৰ শাখা সাহিত্য সভা আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আছে ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

ছয়দুৱাৰ