ছয়দুৱাৰ মহাবিদ্যালয়ত জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন তথা প্ৰশিক্ষণ কাৰ্যসূচী

বিশ্বনাথ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ত তিনিদিনীয়াকৈ আয়োজন কৰা হয় জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন তথা প্ৰশিক্ষণ কাৰ্যসূচী।

author-image
Asomiya Pratidin
New Update
465

ডিজিটেল সংবাদ, গহপুৰ : গহপুৰৰ হেলেম ৰাজহ চক্ৰৰ উদ্যোগত তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু বিশ্বনাথ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ত তিনিদিনীয়াকৈ আয়োজন কৰা হয় জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন তথা প্ৰশিক্ষণ কাৰ্যসূচী।

অনুষ্ঠানটোৰ শেষৰ দিনা অৰ্থাৎ আজি অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ১২ বেটেলিয়ন,আৰু গহপুৰ অগ্নি নিৰ্বাপক বাহিনীৰ এটি দলৰ জৰিয়তে ভূমিকম্পৰ জৰুৰীকালীন ব্যৱস্থাপনা অনুশীলন অনুষ্ঠিত হয়। ভূমিকম্প আহিলে কি দৰে সতৰ্ক হব লাগে বা জুই লাগিলে কি দৰে জুই নুমাব পাৰি তাৰো এক প্ৰশিক্ষণ প্ৰদান কৰে।

গহপুৰ ছয়দুৱাৰ