/asomiyapratidin/media/media_files/2025/10/28/65-2025-10-28-12-36-19.jpg)
ডিজিটেল সংবাদ, বোকাখাত : নুমলীগড়ৰ সমীপৰ কুৰুৱাবাহীৰ এটা নিৰ্মীয়মান পথে জুৰুলা কৰিছে স্থানীয় ৰাইজক। কুৰুৱাবাহী চিনাকান চাৰিআলিৰ পৰা নিকৰিঘাট সংযোগী মথাউৰিটোৰ এটা অংশ মেৰামতিৰ নামত বিভাগীয় ঠিকাদাৰে চূড়ান্ত অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ভুক্তভোগী ৰাইজে।
ৰাইজৰ অভিযোগ অনুসৰি বিগত এমাহতকৈও অধিক সময় মথাউৰিটোৰ এটা অংশৰ মেৰামতিৰ কাম অতি লেহেমীয়া কৰাৰ উপৰিও মথাউৰিটোত মেৰামতিৰ বাবে ব্যৱহাৰ কৰা নদী শিলবোৰৰ ওপৰত ৰুলাৰ আদি নচলোৱাকৈ ৰখাৰ বাবে যাতায়ত ক্ষেত্ৰত অতি বিপদসংকুল হৈ পৰিছে পথচোৱা। বিশেষকৈ দুচকীয়া যানবাহন চলোৱাৰ ক্ষেত্ৰত ভিষণ সমস্যাৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ। আনহাতে বিগত সময়চোৱা উক্ত পথচোৱাত কেইবাটাও দূৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে।
উল্লেখ্য যে, এই পথচোৱায়েদিয়েই কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, আৰু কেইবাখনো গাঁৱৰ কৃষক ৰাইজ সমীপৰ ধনশিৰি চাপৰি, এলেংমাৰী আদি অঞ্চলৰ কৃষিক্ষেত্ৰলৈও যাতায়ত কৰিব লগীয়া হয়। বৰ্তমান নিৰ্মান কাৰ্যৰ লেহেমীয়া গতি, অবিজ্ঞানসন্মতভাৱে কৰা শিলৰ ব্যৱহাৰ আদিৰ বাবে ভীষণ সমস্যাত পৰিছে স্থানীয় ৰাইজ।
ইফালে এই ক্ষেত্ৰত স্থানীয় ৰাইজে বিষয়টো জলসম্পদ বিভাগ আৰু বিভাগীয় ঠিকাদাৰজনক অৱগত কৰি আহিছে যদিও জলসম্পদ বিভাগ আৰু বিভাগীয় ঠিকাদাৰজনে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us