/asomiyapratidin/media/media_files/2025/12/10/ddsdddd-2025-12-10-22-48-11.jpg)
ডিজিটেল ডেস্কঃ ইলোৰা বিজ্ঞান মঞ্চই ২০০৫ চনৰ পৰা প্ৰতি বছৰে ১০ ডিচেম্বৰত আধুনিক অসমৰ অগ্ৰদূত, কুসংস্কাৰবিৰোধী যুঁজৰ অন্যতম বাটকটীয়া তথা 'অসমীয়া ভাষাৰ ওজা' হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো 'কুসংস্কাৰ আৰু অন্ধবিশ্বাসবিৰোধী দিৱস' হিচাপে পালন কৰি আহিছে। এইবেলিও আজি ১০ ডিচেম্বৰত হেমচন্দ্ৰৰ জন্মদিন যথাযোগ্য মৰ্যাদাৰে উদযাপন কৰা হয়।
আজি ৰাজধানী চহৰ গুৱাহাটীত পুৱা ১০বজাত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাংগণত স্থাপিত হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমুৰ্তিৰ সন্মুখত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰসংযোগ বিভাগ, বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভা আৰু অসমীয়া প্ৰতিদিন কাকত গোষ্ঠীয়ে আয়োজন কৰা যৌথ অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু প্ৰতিমূৰ্তিত পুষ্পমাল্য প্ৰদান কৰি ঊনবিংশ শতিকাৰ যুগন্ধৰ পুৰুষগৰাকীক সোঁৱৰণ কৰা হয়।
বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই আঁত ধৰা অনুষ্ঠানত বিজ্ঞান মঞ্চৰ সভাপতি ডাঃ মনোৰঞ্জন শৰ্মা, কাৰ্যকৰী সভাপতি ডাঃ জয়দেব শৰ্মা, উপসভাপতি কমলেশ গুপ্ত, প্ৰনবজ্যোতি ডেকা, জগন্নাথ দাস, সাধাৰণ সম্পাদক মনোজ ৰায়কে কেইবাজনো কৰ্মকৰ্তা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক চন্দন গোস্বামী, অধ্যাপক দুলাল বৰা, প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক ঋষি বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্হাৰ প্ৰতিনিধিসহ বিশিষ্ট ব্যক্তিসকল উপস্থিতিত ডাঃ মনোৰঞ্জন শৰ্মাই অসমত আধুনিকতাৰ অগ্ৰদূতগৰাকীক সোঁৱৰণ কৰি কুসংস্কাৰ আৰু অন্ধবিশ্বাসবিৰোধী তেখেতৰ কাম-কাজ তথা লেখনীৰ উল্লেখ কৰে। অনুষ্ঠানত অধ্যাপক চন্দন গোস্বামী, ডাঃ জয়দেৱ শৰ্মা আৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়েও চমু বক্তব্য আগবঢ়ায়।
হেমচন্দ্ৰ বৰুৱাৰ যুক্তিবাদী ঐতিহ্যৰ সৈতে সংগতি ৰাখি ইলোৰা বিজ্ঞান মঞ্চৰ পাণ্ডু-শাখাৰ উদ্যোগ আৰু ৱেষ্ট গুৱাহাটী বাণিজ্য মহাবিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত মহাবিদ্যালয়ৰ সভাগৃহত হেমচন্দ্ৰ বৰুৱা আৰু বিজ্ঞানমনস্কতা বিষয়ক সভাত অধ্যাপক তপন শৰ্মাই মনোগ্ৰাহী আলোচনা আগবঢ়ায়। সভাখনৰ সঞ্চালনা কৰে অধ্যক্ষ দীপেন বেজবৰুৱাই। সভাত শাখাৰ সভাপতি ভূপেন কলিতাইও বক্তব্য আগবঢ়ায়।
মঞ্চৰ পাঞ্জাবাৰী শাখাই শ্ৰীমন্ত শংকৰদেব জাতীয় বিদ্যালয়ত আয়োজন কৰা আলোচনাত অন্ধবিশ্বাস আৰু স্বাস্থ্য বিষয়ত ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি ডাঃ মনোৰঞ্জন শৰ্মা আৰু বিজ্ঞানমনস্কতা বিষয়ত মঞ্চৰ উপ-সভাপতি তথা বিশিষ্ট লেখক প্ৰণৱজ্যোতি ডেকাই ছাত্ৰ–ছাত্ৰীৰ সৈতে মত বিনিময় কৰে।কামৰূপ একাডেমি উঃমাঃ বিদ্যালয়ৰ সভাগৃহত মঞ্চৰ মধ্য গুৱাহটী শাখাই গণতান্ত্ৰিক মহিলা সমিতিৰ সহযোগত এক মনোজ্ঞ বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। ইয়াত মহিলা নেত্ৰী মৈত্ৰেয়ী মিশ্ৰই অন্ধবিশ্বাস আৰু কু-সংস্কাৰবিৰোধী যুঁজত মহিলাৰ ভূমিকা আৰু বিশিষ্ট কবি সমীন্দ্ৰ হুজুৰিয়ে অসমীয়া সাহিত্যত এভূমুকি — অন্ধবিশ্বাস, কুসংস্কাৰ বিষয়ত আলোচনা আগবঢ়ায়।
বেলতলা-বশিষ্ঠ শাখাই বশিষ্ঠৰ সূৰ্যোদয় যুৱ সঙ্ঘৰ সভাগৃহত আয়োজন কৰা এখন সভাত অংশ লৈ বিশিষ্ট লেখক পৰমানন্দ মজুমদাৰে তেখেতৰ ভাষনত হেমচন্দ্ৰ বৰুৱাৰ মহান কীৰ্তিসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে ঊনবিংশ শতিকাৰ আলোকসন্ধানী মনীষী গৰাকীৰ অসমীয়া ভাষা পুনঃপ্ৰতিষ্ঠাৰ হকে আগবঢ়োৱা অৱদান দাঙি ধৰে। সভাত বিশিষ্ট লেখক জগত বৰা আৰু মহিলা নেত্ৰী দিপালী মজুমদাৰে বক্তব্য ৰাখে।
গুৱাহাটীৰ উপৰি গোলাঘাট-ধনশিৰি, ডিব্রুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ঢকুৱাখানা, চিৰাজুলি,তিতাবৰ, পুৰণিগুদাম, ডুমডুমা, দেৰগাওঁ, কেন্দুকোণা, বিশ্বনাথ, মঙলদৈ, গোৱালপাৰা, বংগাইগাওঁ, নলবাৰী, টিহু, বৰপেটা, আদি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইলোৰা বিজ্ঞান মঞ্চৰ শাখাসমূহে হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো মৰ্যাদা সহকাৰে কুসংস্কাৰবিৰোধী দিৱস হিচাপে পালন কৰে আৰু বৈজ্ঞানিক মানসিকতাৰ আন্দোলনক ত্বৰান্বিত কৰাৰ সংকল্প গ্ৰহণ কৰে।
ডিব্ৰুগড়ত ইলোৰা বিজ্ঞান মঞ্চৰ ডিব্ৰুগড় শাখাই আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ ডি,এইচ,এচ,কানৈ মহিলা মহাবিদ্যালয়ৰ সহযোগত যৌথভাৱে উক্ত দিৱসটো পালন কৰিছে। মঞ্চৰ সভানেত্ৰী ড° গায়ত্ৰী দেৱী গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আলোচনা চক্ৰৰ আৰম্ভণিতে হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অনুপ জ্যোতি ভৰালীয়ে। বৈজ্ঞানিক মানসিকতা বিষয়ক বক্তৃতানুষ্ঠানত ডি,এইচ,এচ ,কানৈ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপিকা সুদক্ষিণা দাসে হেমচন্দ্ৰ বৰুৱাৰ দিনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈ কিদৰে সমাজত কুসংস্কাৰ চলাই ৰাখিছে তাৰ বহল বাখ্যা আগবঢ়ায়। তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী ড°কিশোৰ বৰুৱাই জনশ্ৰুতিৰ পৰা বিজ্ঞানলৈ শীৰ্ষক বিষয়ত চন্দ্ৰ সূৰ্য্যকে ধৰি গ্ৰহ-নক্ষত্ৰ
আদিৰ বিষয়ে আলোচনা কৰি কিদৰে মানুহক জ্যোতিষীসকলে ঠগ প্ৰৱঞ্চনা কৰি আহিছে তাৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰে ।
শিৱসাগৰ নগৰৰ হেমচন্দ্ৰ বৰুৱা উদ্যানত মঞ্চ আৰু ব্যৱসায়ী সন্হাৰ যুটীয়া উদ্যোগত কুসংস্কাৰবিৰোধী দিৱস পালিত হয়। দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কুসংস্কাৰ আৰু অন্ধবিশ্বাসবিৰোধী দিৱসটো উদযাপন কৰা হয়। 'স্কুলীয়া ছাত্ৰীৰ স্বাস্থ্য আৰু কিছুমান অবৈজ্ঞানিক ধাৰণা' বিষয়ত মুখ্য অতিথি ডাঃ ৰঞ্জিত বৰদলৈয়ে বিতং আলোচনা আগবঢ়ায়। অনুষ্ঠানত বিজ্ঞান মঞ্চৰ কৰ্মকর্তা আৰু বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰীসকল উপস্থিত আছিল। যোৰহাটত ইলোৰা বিজ্ঞান মঞ্চ আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ্ৰৰ উদ্যোগত জৱহৰলাল নেহৰু উঃমাঃ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰা হয়। বিশ্বনাথ চাৰিআলি শিৱৰাম বড়ো উচ্চমাধ্যমিক বিদ্যালয়ত কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হয়।
ইলোৰা বিজ্ঞান মঞ্চ দৰং জিলা সমিতিৰ উদ্যোগত আৰু অভয়পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত কুসংস্কাৰ আৰু অন্ধবিশ্বাসবিৰোধী দিৱস বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী , অভিভাৱক , ছাত্ৰ-ছাত্ৰী সহ প্ৰায় তিনি শতাধিকৰ উপস্থিতিত উদযাপন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। সভাত সফল প্ৰতিযোগীসকলক পুৰস্কৃত কৰা হয়|
গোলাঘাট জিলাৰ দেৰগাঁও আৰু ধনশিৰি শাখাৰ উদ্যোগতো বিজ্ঞানমনস্কতাৰ পথিকৃৎ হেমচন্দ্ৰ বৰুৱাৰ ওপজা দিনটো "কুসংস্কাৰ আৰু অন্ধবিশ্বাসবিৰোধী দিৱস " হিচাপে পালন কৰা হয়। এই উপলক্ষে দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি সভা অনুষ্ঠিত হয়। বিশিষ্ট নিবন্ধকাৰ পদ্মলোচন নাথে হেমচন্দ্ৰ বৰুৱাৰ কু-সংস্কাৰবিৰোধী ঐতিহ্যৰ বিষয়ে আলোকপাত কৰে। সভাত জনপ্ৰিয় চিকিৎসক তথা শাখাৰ সভাপতি ডাঃ ৰঞ্জিত হাজৰিকাই স্বাস্থ্য আৰু ইয়াৰ সৈতে জড়িত হৈ থকা অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিষয়ে আলোচনা আগবঢ়ায়। সভাত উপস্থিত থাকি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডঃ নয়নমণি মেধিয়ে হেমচন্দ্ৰ বৰুৱাৰ আদৰ্শৰে সকলোকে প্ৰকৃত অৰ্থত আধুনিক মনৰ মানুহ হ'বলৈ আহ্বান জনায়। ইলোৰা বিজ্ঞান মঞ্চৰ ধনশিৰি শাখাৰ উদ্যোগত শান্তিপুৰৰ বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত শিক্ষক তথা শাখাৰ উপদেষ্টা বুধিন ফুকনে ছাত্ৰ - ছাত্ৰীসকলক উদ্দেশ্যি মূল বক্তব্য প্ৰদান কৰে। সভাৰ আৰম্ভণিতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আনামিকা তাছাই আদৰণি ভাষণ দিয়ে আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিষয়টোৰ প্ৰয়োজনীয়তাৰ বিষয়ে ব্যাখ্যা কৰে।
নলবাৰী শাখাৰ উদ্যোগত আৰু আনন্দ বিদ্যা নিকেতন নলবাৰীৰ সহযোগত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিনটো "কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী দিৱস" হিচাপে এখন সভাৰ জৰিয়তে পালন কৰা হয়। সভাৰ আৰম্ভণিতে হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে মাননীয় বৰুনানন্দ ব্ৰহ্মচাৰী দেৱে। সভাত ভাষণ প্ৰদান কৰে বৰভাগ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ ধনেশ্বৰ বৈশ্য, পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডঃ স্মিতা ডেকা, ইলোৰা বিজ্ঞান মঞ্চৰ নলবাৰী শাখাৰ সভাপতি ডঃ ফণীধৰ তালুকদাৰ আৰু সম্পাদক কালীনাথ গোস্বামীয়ে। সভাত ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল।
হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিন অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস ৰূপে ইলোৰা বিজ্ঞান মঞ্চ যোৰহাট শাখাই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মধ্য যোৰহাট খণ্ডৰ সহযোগত কাকজান কমাৰ খাটোৱালৰ জৱহৰলাল নেহৰু উচ্চ মাধ্যমিক বিদ্যালয়ত আজি পালন কৰে। দিৱসত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক ড° মৃণাল কুমাৰ দত্তই বিজ্ঞান কেৱল বিদ্যালয়ৰ পাঠ্যপুথি নহয় বুলি কয় আৰু কেৱল মানসিক যুক্তিয়ে বিজ্ঞান নহয়, বিজ্ঞানত মানসিক যুক্তি আৰু বাস্তৱ জীৱনৰ পৰীক্ষা - নিৰীক্ষাৰ মাজৰ আন্তক্ৰিয়া জৰিত হৈ থাকে বুলি উল্লেখ কৰে। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ মধ্য যোৰহাট খণ্ডৰ সমন্বয়ক হেমেন কুমাৰ শইকীয়াই দিৱসৰ তাৎপৰ্য আৰু অন্ধবিশ্বাস তথা কুসংস্কাৰৰ ফলত সমাজত পৰা কু - প্ৰভাৱৰ বিষয়ে ছাত্ৰ - ছাত্ৰীসকলক অৱহিত কৰে। ছাত্ৰ - ছাত্ৰীসকলে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে সমল ব্যক্তিৰ সৈতে মত বিনিময় কৰে।
আনহাতে, টিহুত বিজ্ঞান মঞ্চ আৰু অসম সাহিত্য সভাৰ উদ্যোগত হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উদযাপিত হয়। নগাওঁ জিলাৰ পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভাৰে এই দিৱস উদযাপন কৰা হয়। একে জিলাৰ ধৰমপুৰ (কলিয়াবৰ) গাওঁত সাধাৰণ সভা অনুষ্ঠিত হয়।
একেদৰে কামৰূপ জিলাৰ কেন্দুকোণাত চাৰি শতাধিক ছাত্র-ছাত্ৰীৰ উপস্থিতিত নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে বিশিষ্ট সাহিত্যিক-সমালোচক আৰু ৰঙিয়া বি এড কলেজৰ অধ্যক্ষ ডঃ পাৰ্থ ফুকন মহন্তই। অনুষ্ঠানত বিশিষ্ট লেখিকা ৰূপালীম দত্তই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়।
ৰাজ্যখনৰ ভিন্ন প্ৰান্তত কাৰ্যসূচীসমূহ সফল কৰি তোলাৰ বাবে আৰু আধুনিক অসমৰ অগ্ৰদূতগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ বাবে ইলোৰা বিজ্ঞান মঞ্চই প্ৰতিগৰাকী যুক্তিবাদী লোকৰ প্ৰতি অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us