মোলাই কাঠনিত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগঃ ইলোৰা বিজ্ঞান মঞ্চৰ তীব্ৰ নিন্দা

মোলাই কাঠনিত কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা ঘটনাত ইলোৰা বিজ্ঞান মঞ্চই গভীৰ উদ্বেগ প্ৰকাশৰ লগতে তীব্ৰ নিন্দা কৰিছে।

author-image
Asomiya Pratidin
New Update
vbhvhgvfyu

ডিজিটেল সংবাদ, গুৱাহাটীঃ ‘অৰণ্য মানৱʼ হিচাপে খ্যাত পদ্মশ্ৰী যাদৱ পায়েঙৰ দ্বাৰা সৃষ্ট মোলাই কাঠনি নামৰ অৰণ্যখনৰ পৰিৱৰ্ধিত এক অংশত ২৮ ডিচেম্বৰ, ২০২৫ তাৰিখে কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰা ঘটনাত ইলোৰা বিজ্ঞান মঞ্চই গভীৰ উদ্বেগ প্ৰকাশৰ লগতে তীব্ৰ নিন্দা কৰিছে। এই জঘন্য ঘটনাত কেইবাহেজাৰ গছ ধ্বংস হোৱাৰ লগতে বহু চৰাই-চিৰিকতি আৰু হাতী, বাঘ আদি অন্যান্য জীৱ-জন্তুৰ যথেষ্ট ক্ষতি হয়।

দুষ্কৃতিকাৰীৰ এই কাণ্ডৰ ফলত সামগ্ৰিকভাৱে অঞ্চলটোত জৈৱ-বৈচিত্ৰ তথা পৰিৱেশ ধ্বংস হয়। এই পৰিকল্পিত বনধ্বংসৰ আঁৰত স্থানীয় অবৈধ বালি মাফিয়া নাইবা কোনো দুষ্টচক্ৰ জড়িত হোৱাৰ যি সন্দেহ প্ৰকাশ হৈছে, সেই সন্দেহ সংগত। সংশ্লিষ্ট বন বিভাগ তথা চৰকাৰৰ নিষ্ক্ৰিয়তাৰ বাবেই এনেদৰে বনভূমি তথা পৰিৱেশ ধ্বংস হৈ আছে বুলি অভিযোগ উত্থাপন হৈছে। যাদৱ পায়েঙৰ পৰিয়ালেও অনুৰূপ সন্দেহ প্ৰকাশ কৰিছে।

ইফালে, পূৰ্বতে ককিলামুখকে ধৰি অঞ্চলটোত বালিৰ খনন কাৰ্য বন্ধ কৰাৰ বাবে বন বিভাগ তথা প্ৰশাসনক অৰণ্য-মানৱ গৰাকীয়ে বহুবাৰ জনোৱাৰ পাছতো ৰহস্যজনক কাৰণত নৈৰ পাৰত বালিৰ খনন হৈ আছে আৰু মাজুলী অঞ্চললৈ বিপদ কঢ়িয়াই আনিছে। ইলোৰা বিজ্ঞান মঞ্চই যাদৱ পায়েঙৰ অৰণ্যত অগ্নি সংযোগৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু দোষীক ততালিকে ধৰি কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। সংগঠনটোৱে সকলো সচেতন নাগৰিক, বিজ্ঞান-চিন্তাধাৰা সম্পন্ন ব্যক্তি আৰু পৰিৱেশ ৰক্ষাৰ আন্দোলনৰ লগত জড়িত সংস্থাসমূহৰ প্ৰতি এনে বনধ্বংসৰ ঘটনাৰ  বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।

মোলাই কাঠনি