চীনক বিশ্বাস কৰি এতিয়া মূৰে-কপাঁলে হাত দিছে এল'ন মাস্কে...

অইন দেশৰ কোনো ভাল তথা শক্তিশালী তথ্য-প্ৰযুক্তি যিকোনো প্ৰকাৰে হস্তগত কৰাতো চীনৰ এটা পুৰণি অভ্যাস। এই অভ্যাসৰ বৰ্শৱৰ্তী হৈয়ে এইবাৰ চীনে হাত দিলে এলন মাস্কৰ তথ্য-প্ৰযুক্তিৰ ভাণ্ডাৰত। চীনা এজেন্টৰ জৰিয়তে

author-image
Asomiya Pratidin
New Update
UJJD

ডিজিটেল ডেস্কঃ অইন দেশৰ কোনো ভাল তথা শক্তিশালী তথ্য-প্ৰযুক্তি যিকোনো প্ৰকাৰে হস্তগত কৰাতো চীনৰ এটা পুৰণি অভ্যাস। এই অভ্যাসৰ বৰ্শৱৰ্তী হৈয়ে এইবাৰ চীনে হাত দিলে এলন মাস্কৰ তথ্য-প্ৰযুক্তিৰ ভাণ্ডাৰত। চীনা এজেন্টৰ জৰিয়তে এলন মাস্কৰ প্ৰতিষ্ঠানৰ পৰা বহু ভিতৰুৱা তথ্য-পাতি চুৰি কৰি চীনে আৰম্ভ কৰিছে এ আই জগতখনত কিছু নতুন কাম।

এলন মাস্কৰ এ আই প্ৰতিষ্ঠান xAI এ এগৰাকী প্ৰাক্তন বিষয়াৰ বিৰুদ্ধে আৰম্ভ কৰিছে আইনী প্ৰক্ৰিয়া। এই বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে, তেওঁ এলন মাস্কৰ এ আই প্ৰতিষ্ঠানৰ বহু ভিতৰুৱা তথ্য পাতি প্ৰদান কৰিছে OpenAI নামৰ প্ৰতিষ্ঠানটোক।

কেনিফৰ্ণিয়াৰ ফেডাৰেল কৰ্টত এই বিষয়াগৰাকীৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আবেদন কৰিছে এলন মাস্কৰ প্ৰতিষ্ঠানে। প্ৰাক্তন বিষয়া শ্বুজেন লীৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যে তেওঁ এলন মাস্কে উদ্ভাৱন কৰা অত্যাধুনিক এ আই প্ৰযুক্তি কাৰ্টিং এজ নামৰ এপটোৰ সকলো তথ্য পাতি চুৰি কৰি প্ৰদান কৰিছে OpenAIক।

উল্লেখ কৰা প্ৰয়োজন যে, এই শ্বুজেন লী হৈছে এগৰাকী চীনা নাগৰিক। এলন মাস্কে খুবেই বিশ্বাস কৰিছিল শ্বেুজক। এলন মাস্কৰ বিশ্বাস জয় কৰিয়েই অৱশেষত xAIৰ অত্য়াধুনিক তথ্য প্ৰযুক্তি চুৰি কৰি নিলে চীনা এই নাগৰিকগৰাকীয়ে। আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, এলন মাস্কে বহু ধন ব্যয় কৰি প্ৰস্তুত কৰি উলিয়াইছিল এ আইৰ এই নতুন প্ৰযুক্তিবিধক। 

চীন