গজৰাজে তচনচ কৰিছে খেতি-পথাৰ

প্ৰকাণ্ড হাতীৰ জাকে নিদ্ৰা হৰিছে কৃষকৰ। বহুতৰ খেতি এতিয়াও কেঁচা হৈ আছে। তাৰ মাজতে পথাৰত গজৰাজৰ আগমনে চিন্তিত কৰি তুলিছে কৃষক ৰাইজক।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কামপুৰঃ আঘোণ মাহৰ সোণোৱালী পথাৰত জাকে জাকে দাৱনিৰ সলনি দেখা গৈছে অসংখ্য় হাতীৰ জাক। পথাৰৰ লখিমী ভড়ালত সযতনৰে ৰখাৰ সময় এয়া । এনে সময়ত নগাঁৱৰ কামপুৰৰ কৃষকৰ দুখে কুলাই-পাচিয়ে নধৰা হৈছে।  

উল্লেখ্য যে কামপুৰ কঠীয়াতলীত চলিছে  বন্যহস্তীৰ উপদ্ৰৱ। বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই  আহিছে বৃহৎ বন্যহস্তীৰ জাক।প্ৰকাণ্ড হাতীৰ জাকে নিদ্ৰা হৰিছে কৃষকৰ। বহুতো কৃষকৰ খেতি এতিয়াও কেঁচা হৈ আছে। তাৰ মাজতে পথাৰত গজৰাজৰ আগমনে চিন্তিত কৰি তুলিছে কৃষক ৰাইজক।

তাৰোপৰি নগাঁৱৰ কঠীয়াতলী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কামপুৰৰ আৰু কঠীয়াতলীৰ তেলিয়াআটি ;টুবুকী ;মহগড় পশ্চিম কাৱৈমাৰী তেতেলীসৰা, বেঙেনাআটি মাহনীআটি বৰকলা আদি ঠাইত কৃষি ভূমি সমূহত বন্যহস্তীৰ জাকে উপদ্ৰৱ চলাইছে।এই বন্যহস্তীৰ জাকে কেইবাদিন ধৰি অঞ্চলটোত এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। দুদিনৰ আগত নগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰাঙলুমুখৰ নৈপামত এগৰাকী মহিলা বন্যহস্তীৰ আক্ৰমণত নিহত হোৱাৰ লগতে এগৰাকী মহিলা আহত অৱস্থাত চিকিৎসাধীন হৈ আছে।

প্ৰাণিধানযোগ্য যে গজৰাজৰ আগমণৰ বাবেই  ৰাইজে কেঁচা অৱস্থাতেই ধান কাটিব লগা অৱস্থা হৈছে। ৰাইজৰ অনুৰোধ যে  বন বিভাগে অতি সোনকালে এক সু ব্যৱস্থা কৰি কৃষক ৰাইজক এই সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ। বিগত ৭-৮ বছৰে বন্যহস্তীৰ এই সমস্যাই অঞ্চলটোৰ ৰাইজ ভুক্তকভোগী হৈ আহিছে যদিও ইয়াৰ স্থায়ী সমাধান বিভাগীয় কৰ্তৃপক্ষই নোলোৱাৰ অভিযোগো উত্থাপিত হৈছে।

কঠিয়াতলী