ডিজিটেল ডেস্কঃ অৱশেষত মৃত্যুক সাৱটি ল'লে ‘জয়মালা’ই। শোণিতপুৰৰ মিছামাৰীৰ গাভৰু খণ্ড বন কাৰ্যালয়ত প্ৰায় ৪ বছৰ ধৰি থকা মাইকী পোহনীয়া হাতী ‘জয়মালা’ৰ মঙলবাৰে পুৱা ৭ বজাত মৃত্যু হয়। দীর্ঘদিন ধৰি যকৃত ৰোগত আক্রান্ত হাতীটো আজি পুৱা মৃত্যু হোৱাত বন কাৰ্যালয়ৰ বনকৰ্মী আৰু মিছামাৰীৰ স্থানীয় ৰাইজ শোকস্তব্ধ হৈ পৰিছে।
উল্লেখ্য যে, শোণিতপুৰৰ মিছামাৰীৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতী খেদাত বনকৰ্মীসকলৰ লগত পোহনীয়া হাতীজনী ছাঁটোৰ দৰে আছিল। দিনে-নিশাই মিছামাৰীৰ বনকৰ্মীৰ সৈতে সাৰথিৰ দৰে থাকি অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত জয়মালাই উল্লেখ্য ভূমিকা পালন কৰি আহিছিল।
ইফালে, জয়মালাৰ মৃত্যুৰ পাছতে শোণিতপুৰৰ চতিয়াৰ বাসিন্দা তথা হাতীটোৰ সঠিক মালিক গোবিন্দ বাহাদুৰ ছেত্ৰীয়ে হাতীটোক হত্যা কৰা বুলি পশ্চিম শোণিতপুৰৰ বন বিষয়া নিৰ্পেন্দ্ৰ নাথ কলিতাক হত্যাৰ অভিযোগ উত্থাপন কৰিছে। ছেত্ৰীৰ মতে, বন বিভাগে জয়মালাৰ পৰ্যাপ্ত খাদ্য আৰু চিকিৎসাৰ ব্যৱস্থাত ব্যৰ্থ হোৱাৰ বাবেই জয়মলাৰ মৃত্যু হৈছে। তদুপৰি মৃত্যুৰ পিছত ছেত্ৰীক খবৰ নোপোৱাত হাতীটোক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগৰ পৰা বঞ্চিত হোৱা বুলিও আক্ষেপ কৰে ছেত্ৰীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, এই ‘জয়মালা’ অসমৰ পৰা তামিলনাডুলৈ বদলি হোৱা হাতীটো নহয়।