/asomiyapratidin/media/media_files/2025/11/07/153-2025-11-07-12-23-26.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰ জিলাৰ ৰঙাপৰাত বন্যহস্তীৰ সংঘাট অব্যাহত আছে ৷ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটি বনৰীয়া হাতীৰ জাকে জনাঞ্চলত প্ৰবেশ কৰি পকা ধাননি পথাৰ কৰিছে তহিলং ৷
বনৰীয়া হাতীৰ জাকটোৱ পকা ধান খাই খেচগুলি নস্ত কৰে ধাননি পথাৰসমূহ ৷ বৃহস্পতিবাৰে নিশাও ৰঙাপৰাৰ চেঁচা ৰেলগেটৰ সমীপৰ ধাননি পথাৰত তিনিটাকৈ বনৰীয়া হাতী প্ৰৱেশ কৰি জনসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰে ৷
নিশা ৰাইজে ফটকা ফুটাই চিঞৰ বাখৰ কৰি বন্যহস্তী জাকটো বাগিচাৰ পথাৰৰ পৰা খেদি পঠাবলৈ সক্ষম হয় ৷ দিনৰ ভাগত চাহ বাগিচাৰ মাজত বিচৰন কৰি থকা বন্যহস্তীৰ জাকসমূহ নিশা হোৱাৰ লগে লগেই পকা ধাননি পথাৰত নামি পৰা পৰিলক্ষিত হয় ৷
বনৰীয়া হাতীয়ে ধাননি পথাৰৰ পকা ধান খাই তহিলং কৰি আহাত চিন্তিত হৈ পৰিছে কৃষক ৰাইজ ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us