১এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল...

১এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল...

author-image
Asomiya Pratidin
New Update
১এপ্ৰিলৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল...

ডিজিটেল ডেস্কঃ স্মাৰ্ট মিটাৰে জলাকলা খুওৱাৰ সময়তে ৰাজ্যবাসীৰ বাবে সুখবৰ। ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ মাচুল। অহা ১ এপ্ৰিলৰ পৰা প্রতি ইউনিটত বিদ্যুতৰ মাচুল এটকাকৈ হ্রাস পাব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে।

Advertisment

স্মার্ট মিটাৰৰ বিসংগতি সন্দর্ভত উত্থাপিত অভিযোগ সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে, প্রয়োজন হলে পৰীক্ষামূলকভাবে মেনুৱেল মিটাৰ সংস্থাপন কৰা হ'ব। মেনুৱেল মিটাৰ আৰু স্মার্ট মিটাৰৰ মাজত ব্যৱহৃত ইউনিটৰ পাৰ্থক্য দেখিলে পৰৱৰ্তী সময়ত স্মার্ট মিটাৰ প্ৰত্যাহাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে।

বিদ্যুৎ মাচুল হ্রাস কৰা অসমেই একমাত্র ৰাজ্য বুলিও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। তেওঁ কয় যে, স্মার্ট মিটাৰ সংস্থাপনৰ ফলত বিদ্যুৎ ৰাহি হোৱাৰ লগতে জনসাধাৰণে মিতব্যয়ীভাবে বিদ্যুৎ ব্যৱহাৰ কৰিছে।

Also Read: সদৌ অসম ভিত্তিত প্ৰাইজমাণি কবিতা আবৃত্তি প্ৰতিযোগিতা