/asomiyapratidin/media/media_files/2026/01/20/rajeev-bhawan-2026-01-20-17-57-46.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : সমাগত ৰাজ্যৰ বিধানসভা সাধাৰণ নিৰ্বাচন । তৎপৰ হৈছে শাসক-বিৰোধীকে ধৰি সকলো ৰাজনৈতিক দল । ইয়াৰ মাজতে প্ৰধান বিৰোধী ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ দলে আৰম্ভ কৰিছে বিভিন্ন সমষ্টিৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ দলীয় আবেদন গ্ৰহণ প্ৰক্ৰিয়া ।
৭৭ নম্বৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ বাবেও ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে দলৰ মুখ্য কাৰ্যালয়ত প্ৰদান কৰিছে আবেদন পত্ৰ। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন কোষাধ্যক্ষ ডাঃ হেমহৰি পেগু , ডঃ সুৰজিত দলে , নীল পেগুকে ধৰি কেইবাগৰাকীয়ে ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে । ইয়াৰ মাজত মঙলবাৰে সমষ্টিটোৰ এগৰাকী সৰ্বজন সমাদৃত যুৱ নেতৃত্ব তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ উপসভাপতি আনন্দ নৰহে গুৱাহাটী ৰাজীৱ ভৱনত ৭৭নং ঢকুৱাখানা বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-i-2026-01-20-17-58-00.jpeg)
ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী আত্মোৎস্বৰ্গী কৰ্মী নৰহে মঙলবাৰে গৰিষ্ঠ সংখ্যক দলীয় নেতা, সমৰ্থকৰে পৰিবেষ্টিত হৈ ৰাজীৱ ভৱনত আবেদন দাখিল কৰে। ২০০৫ চনৰ পৰাই কংগ্ৰেছ দলত যোগদান কৰি এন এছ ইউ আইৰ সাংগঠনিক বুনিয়াদ গঢ়াত অগ্ৰণী ভূমিকা পালিছিল লখিমপুৰ জিলাত। দলটোৰ ভাতৃ সংগঠনটোৰ মজিয়াৰ পৰাই উত্তৰ লখিমপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয় ছাত্ৰ একতা সভাত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হৈছিল ।
পৰৱৰ্তী সময়ত লখিমপুৰ সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি , লখিমপুৰ জিলা যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি , অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে দললৈ সেৱা আগবঢ়াই যোৱা নৰহে বৰ্তমান অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ঘনিষ্ঠ হিচাবে পৰিচিত যুৱ নেতা নৰহক প্ৰদেশ কংগ্ৰেছে সমষ্টিটোৰ সাংগঠনিক ভেঁটি সবলত আত্মনিয়োগ আৰু জনসংযোগ কৰিবলৈ ইতিমধ্যে দিয়া নিৰ্দেশনাৰ ভিত্তিত নৰহে ঘিলামৰাত বাহৰ পাতি তৎপৰতাৰে সাংগঠনিক কাৰ্যত নামি পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us