/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/joi-kar.jpg)
মৃদুল কুমাৰ সন্দিকৈ
২০১৯চনৰ লোকসভা নিৰ্বাচনত বিজপিৰ চুনামী আছিল। তাৰ প্ৰায় ৫ মাহৰ পাছত দুখন ৰাজ্যৰ বিধানসভা আৰু কেইবাখনো ৰাজ্যত অনুষ্ঠিত হৈছিল বিধানসভাৰ উপ-নিৰ্বাচন। এই উপ-নিৰ্বাচনৰ ফলাফল লক্ষ্য কৰিলে দেখা যায় লোকসভা নিৰ্বাচনৰ ধাৰাবাহিকতা যেন ৰক্ষা কৰাত ব্যৰ্থ হ'ল বিজেপি।
মহাৰাষ্ট্ৰত পূৰ্বৰ দৰে বিজেপি-শিৱসেনাৰ নেতৃত্বাধীন মিত্ৰজোঁটে চৰকাৰ গঠনৰ দিশে খোজ আগবঢ়ালেও পূৰ্বৰ তুলনাত দলটোৱে ভাল ফলাফল কৰিবলৈ সফল নহ'ল। হাৰিয়ানাত কোনো এটা দলেই একক সংখ্যা গৰিষ্ঠতা লাভ নকৰিলে। এইবাৰ নিৰ্বাচনত বিজেপি নেতৃত্বই হাৰিয়ানাত ৭০ৰো অধিক আসন লাভ কৰিব বুলি ভৱিষ্যৎবাণী কৰিছিল যদিও, দলটোৱে ৯০জনীয়া আসন বিশিষ্ট হাৰিয়ানা বিধানসভাত মেজিক নম্বৰ ৪৫লেই অতিক্ৰম কৰিব নোৱাৰিলে।
দলীয় নেতৃত্বৰ অনীহা, কংগ্ৰেছ দলৰ মাজতে খাম-খেয়ালী থকা স্বত্তেও দুয়োখন ৰাজ্যত বিৰোধীয়ে ভাল ফলাফল লাভ কৰা পৰিলক্ষিত হ'ল। হাৰিয়ানাত কংগ্ৰেছৰ ফলাফল আছিল অভূতপূৰ্ব। ইফালে, অসমৰ চাৰিটা বিধানসভা সমষ্টি ক্ৰমে- জনিয়া, সোণাৰি, ৰাতাবাৰী, ৰঙাপাৰাৰ ভিতৰত এই উপ-নিৰ্বাচনত তিনিটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিলে।
বিজেপিৰ প্ৰাৰ্থী নৱনীতা সন্দিকৈ সোণাৰি বিধানসভা সমষ্টিত জয়ী হ'ল। একেদৰে ৰাজেন বৰঠাকুৰে বৃহৎ ব্যৱধানত ৰঙাপাৰাৰ পৰা এই উপ-নিৰ্বাচনত অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিল। ৰাতাবাৰীত বিজয় মালাকাৰ জয়ী হ'ল বিজেপিৰ প্ৰাৰ্থী ৰূপে। জনিয়া সমষ্টিৰ পৰা পূৰ্বৰ কংগ্ৰেছৰ বিধায়ক আব্দুল খালেক ২০১৯ৰ লোকসভা নিৰ্বাচনত বৰপেটা সংসদীয় সমষ্টিৰ পৰা জয়ী হোৱাত খালী হোৱা আসনখন কংগ্ৰেছে নিজৰ হাতত ৰাখিব নোৱাৰাটো অসমত যে কংগ্ৰেছৰ ভেটি এতিয়া থৰক-বৰক তাকে প্ৰমাণিত হ'ল।
এই সমষ্টিটোত বিজেপিয়েও বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল এই উপ-নিৰ্বাচনত। বিজেপি-কংগ্ৰেছক অতিক্ৰম কৰি জনিয়াত শেষ হাঁহি মাৰিলে এআইইউডিএফৰ ৰফিকুল ইছলামে। সেয়া এক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে।
হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপিৰ কেইবাগৰাকী হেভী ৱেইট প্ৰাৰ্থী পৰাস্ত হ'ল। মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টৰে বৃহৎ ব্যৱধানত নিকটতম কংগ্ৰেছ প্ৰাৰ্থী তাৰলোচন সিঙক পৰাস্ত কৰিলেও তেওঁ মন্ত্ৰীসভাৰ ৭জনকৈ শক্তিশালী মন্ত্ৰীয়ে এইবাৰ পৰাজয় মুখ দেখিব লগাত পৰিল।
একেদৰে হাৰিয়ানা বিধানসভা নিৰ্বাচনত বিজেপিয়ে বিভিন্ন ক্ষেত্ৰৰ তাৰকা প্ৰাৰ্থীক প্ৰতিদ্বন্দ্বিতা কৰাইছিল। তাৰ ভিতৰত মল্লযুঁজৰ যোগেশ্বৰ দত্ত, ডংগল গাৰ্ল ববিতা কুমাৰী ফোগাত আদিয়ে বিজেপিক হাৰিয়ানাত ভাল সংবাদ দিব নোৱাৰিলে। ডংগল গাৰ্ল হিচাপে ববিতা কুমাৰী ফোগাতৰ যি খ্যাতি সেয়া নিৰ্বাচনত জয়ী হোৱাৰ বাবে যথেষ্ট নহ'ল। নিকটতম প্ৰতিদ্বন্দ্বী ১৪হাজাৰৰো অধিক ভোটত পৰাস্ত হ'ল ববিতা।
২৬৮জনীয়া মহাৰাষ্ট্ৰ আৰু ৯০ জনীয়া হাৰিয়ানা বিধানসভাত লোকসভা নিৰ্বাচনৰ তুলনাত বিজেপিৰ ফলাফল আশাপ্ৰদ বুলি ক'ব পৰা নাযায়। বিশেষকৈ হাৰিয়ানাক লৈ যথেষ্ট আশাবাদী আছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব। ২০১৪চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪৭খন, আই এন এলডিয়ে ১৯খন, কংগ্ৰেছে ১৫খন, হাৰিয়ানা জনহিত কংগ্ৰেছে ২খন, বহুজন সমাজবাদী পাৰ্টিয়ে ১খন, শ্ৰীমণি আকালী দলে ১খন, নিৰ্দলীয় ৫খন আসন লাভ কৰিছিল।
২০১৪ৰ তুলনাত দেশজুৰি বিজেপিৰ যি চুনামী আৰু মোডীৰ যি প্ৰভাৱ, সেই তুলনাত ২০১৯চনৰ লোকসভা নিৰ্বাচনত এগজিট পুলবোৰতো ৰাজ্যখনত বিজেপিয়ে ৭০খনতকৈ বেছি আসন লাভ কৰিব বুলি অনুমান কৰা হৈছিল। কিন্তু সেই অনুমান নিৰ্বাচনৰ ফলাফলত মিছা প্ৰমাণিত হ'ল।
মহাৰাষ্ট্ৰত ২০১৪চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত বিজেপিয়ে ২৬০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ১২২খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। শিৱসেনাই ৬৩খন, কংগ্ৰেছে ৪২খন, এন চি পিয়ে ৪১খন আসন লাভ কৰিছিল। সেই সংখ্যা ২০১৯ৰ বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপি আৰু শিৱসেনা দলৰ হ্ৰাস পোৱাৰ বিপৰীতে আসনৰ সংখ্যা এন চি পি আৰু কংগ্ৰেছ দলৰ বৃদ্ধি পায়।
২০১৯চনৰ বিধানসভা নিৰ্বাচনত মহাৰাষ্ট্ৰৰ চূড়ান্ত ফলাফল এনে ধৰণৰ-
বিজেপিয়ে লাভ কৰিছে- ১০৫ খন আসন।
কংগ্ৰেছে লাভ কৰিছে- ৪৪ খন।
বিজেপিৰ মিত্ৰদল শিৱসেনাই লাভ কৰিছে- ৫৬ খন।
এন চি পি দলে লাভ কৰিছে- ৫৪ খন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EHqc1F8UEAAJROJ.png)
একেদৰে ২০১৯চনৰ হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ চূড়ান্ত ফলাফল এয়া-
বিজেপিয়ে লাভ কৰিছে- ৪০ খন।
কংগ্ৰেছে লাভ কৰিছে- ৩১ খন।
জননায়ক জনতা পাৰ্টিয়ে লাভ কৰিছে- ১০ খন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/EHqMVkJUwAAIvhS.png)
এই নিৰ্বাচনী ফলাফলে এক বাৰ্তা দি গ'ল। অসংগঠিত ৰূপত বিৰোধীয়ে শাসকীয় বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি চৰকাৰ গঠন কৰিব নোৱাৰিলেও জনতাই যে আজি মোডী ঢৌত উটি-ভাহি থকা নাই তাৰেই এক ইংগিত বহন কৰে এই ফলাফলে। দুই ৰাজ্যৰ নিৰ্বাচনত জয়ী হৈও বিজেপিয়ে ২০১৯ৰ লোকসভা নিৰ্বাচনৰ সৈতে তুলনা কৰি এই নিৰ্বাচনক জয়ী নে আত্মবিশ্লেষণৰ ফলাফল হিচাপে ল'ব সেয়া দলটোৰ ওপৰত নিৰ্ভৰ কৰিব।
একেদৰে কংগ্ৰেছ তথা আন বিৰোধী দলবোৰৰ বাবেও এই নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ ফলাফলে উৎফুল্লিত হ'ব পৰাকৈ কোনো আশা সঞ্চাৰ কৰা বুলি মনে নধৰে। লোকসভা নিৰ্বাচনৰ পাছত মেৰুদণ্ড ভাঙি পৰা কংগ্ৰেছৰ বাবে এই নিৰ্বাচনৰ ফলাফল এক আশ্বস্তৰ কাৰণ অৱশ্যেই হ'ব পাৰে।