/asomiyapratidin/media/media_files/2026/02/06/uhhhdd-2026-02-06-09-54-35.jpg)
ডিজিটেল ডেস্কঃ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতেই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশত নতুন সমীকৰণৰ সূচনা হৈছে। শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অন্তত ৰাজ্যত মুঠ ৯টা বিধানসভা সমষ্টি অনুসূচিত জাতিৰ লোকৰ বাবে সংৰক্ষিত কৰা হৈছে। এই সংৰক্ষিত সমষ্টিসমূহ হৈছে— বৰপেটা, হাজো–শুৱালকুছি, ডিমৰীয়া, জাগীৰোড, ৰহা, বিহালী, নাওবৈচা, ধলাই আৰু ৰামকৃষ্ণ নগৰ বিধানসভা সমষ্টি।
এই সংৰক্ষিত সমষ্টিসমূহৰ ভিতৰত বৰ্তমান ৰহা, নাওবৈচা আৰু বৰপেটা বিধানসভা সমষ্টি শাসকীয় বিজেপিৰ দখলত নাই। আন সমষ্টিসমূহ বিজেপিৰ দখলত আছে৷ কিন্তু এইবাৰ আটাইকেইটা সমষ্টি দখলৰ লক্ষ্যৰে বিজেপি আৰু মিত্ৰদল অগপই ইতিমধ্যে ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। কিন্তু এই প্ৰচাৰৰ মাজতেই সংৰক্ষিত সমষ্টিসমূহত শাসকীয় দলৰ একাংশ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱাত ৰাজনৈতিক পৰিস্থিতি অধিক জটিল হৈ পৰিব পাৰে। যদি তেনে হয় বিজেপি আৰু অগপৰ বাবে মুঠেই সন্তোষজনক নহ’ব আৰু এই সমষ্টিসমূহ জয়ী হৈ অহাত মুঠেই সহয় নহ’ব৷
কিয়নো ভুৱা অনুসূচিত জাতিৰ নেতাক টিকট প্ৰদান কৰিলে বৃহৎ অঘটন সংঘটিত কৰিবলৈ সাজু হৈছে অনুসূচিত জাতিৰ সংগঠনসমূহে৷ গোপনে কৰি থকা পৰিকল্পনা অনুসৰি একাংশ বিশ্বাসঘাতক নেতাই অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসনৰ পৰা জয়ী হৈ আহি পিছত জনগোষ্ঠীৰ হৈ মাত নামাতে৷ লগতে একাংশ অনা-অনুসূচিত জাতিৰ লোকে নিশাৰ ভিতৰতে প্ৰমাণপত্ৰ উলিয়াই নিৰ্বাচনৰ বাবে অনুসূচিক জাতিৰ লোক হৈছে৷ এইসকলে বিভিন্ন দলৰ পৰা টিকট দাবী কৰিছে৷ যদি তেনে লোকক টিকট প্ৰদান কৰা হয় তেন্তে তেনে প্ৰাৰ্থী আৰুটিকট প্ৰদান কৰা দলটোক এশেকা দিবলৈ সাজু হৈছে অনুসূচিত জাতিৰ সংগঠন৷
হাজো-শুৱালকুছি, ডিমৰীয়া আদি অনুসূচিত জাতিৰ সংৰক্ষিত বিধানসভা সমষ্টিত যদি ভুৱা অনুসূচিত জাতিৰ লোকক ৰাজনৈতিক দলসমূহে টিকট প্ৰদান কৰে তেন্তে অনুসূচিত জাতিৰ সংগঠনসমূহে বহি নথকাৰ হুংকাৰ প্ৰদান কৰিছে৷ অনুসূচিত জাতিৰ তেনে ভুৱা প্ৰাৰ্থীৰ বিৰুদ্ধে সংগঠনসমূহে নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাব৷ জানিব পৰা মতে, হাজো-শুৱালকুছি সমষ্টিত অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসক নিৰ্দলীয় হিচাপে থিয় কৰাব পাৰে৷ লগতে ৰহা, ডিমৰীয়াত প্ৰাৰ্থী হিচাপে থিয় দিব পাৰে সঞ্জীৱ দাস৷ সংগঠনসমূহৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে, যদি ভুৱা অনুসূচিত জাতিৰ লোকক টিকট প্ৰদান কৰা তেন্তে সঞ্জীৱ দাসে নিৰ্বাচনত থিয় কৰোৱা হ’ব৷ হাজো-শুৱালকুছি, ৰহা, ডিমৰীয়া সমষ্টিৰ ভিতৰৰ এটা সমষ্টিত সঞ্জীৱ দাসে নিৰ্বাচন খেলিব৷
সূত্ৰটোৱে প্ৰকাশ কৰা মতে, যিসকল নেতাই অনুসূচিত জাতিৰ সংৰক্ষিত আসনৰ পৰা বিধায়ক হৈ আহিছে তেওঁলোকে জাতিৰ হৈ কেতিয়াও বিধানসভাত মাত নামাতে৷ ইটো দলৰ পৰা জয়ী হৈ সিটো দললৈ যায়৷ তেনে দলবাগৰা নেতাৰ পৰা অনুসূচিত জাতিৰ লোকৰ একো লাভ হোৱা নাই৷ জনগোষ্ঠীৰ নামত ভোট লৈ কেৱল জাতিক বিশ্বাসঘাতকতা কৰি আহিছে৷ পুৰণিকলীয়া নেতাৰ বিৰুদ্ধে নতুন মুখৰ নেতা যিয়ে জনগোষ্ঠীৰ হৈ দীৰ্ঘদিন ধৰি কাম কৰি আহেছে তেনে নেতাক প্ৰাধান্য দিয়াৰ চিন্তা কৰা বুলি জানিব পৰা গৈছে৷ কেৱল সঞ্জীৱ দাসেই নহয় জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাও নিৰ্বাচনী ৰণত নামিবলৈ সাজু হৈছে৷ মহেন্দ্ৰ হাজৰিকাই বিহালীত নিৰ্বাচন খেলিব পাৰে৷
অনুসূচিত জাতিৰ সংগঠনসমূহৰ অভিযোগ অনুসাৰি, বৰপেটা, ডিমৰীয়া, হাজো–শুৱালকুছি আদি সংৰক্ষিত সমষ্টিত একাংশ অনা অনুসূচিত জাতিৰ নেতাই বিজেপি আৰু অগপৰ পৰা টিকট দাবী কৰি আহিছে। সংগঠনসমূহে দাবী কৰা মতে, এইসকল লোকৰ কিছুমানে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ উলিয়াই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে। এই বিষয়টোৱে অনুসূচিত জাতিৰ সমাজখনত তীব্ৰ অসন্তোষৰ সৃষ্টি কৰিছে।
এই পৰিস্থিতিৰ প্ৰেক্ষাপটত অনুসূচিত জাতিৰ বিভিন্ন সংগঠনে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। সংগঠনসমূহে স্পষ্ট কৰি দিছে যে যদি কোনো ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰা নেতাই অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, তেন্তে সংগঠনসমূহে দলীয় ৰাজনীতিৰ উৰ্ধত গৈ নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব। ইতিমধ্যে ডিমৰীয়া, হাজো–শুৱালকুছি, ৰহা আৰু বিহালী বিধানসভা সমষ্টিত প্ৰাৰ্থী থিয় কৰোৱাৰ ইংগিতো প্ৰদান কৰা হৈছে।
কেৱল সংৰক্ষিত সমষ্টিতেই নহয়, অনুসূচিত জাতিৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰা দুই-এটা সাধাৰণ সমষ্টিতো নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত সংগঠনসমূহে লৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে নগাঁও–বটদ্ৰৱা বিধানসভা সমষ্টি। এই সমষ্টিত অনুসূচিত জাতিৰ সংগঠনৰ হকে কাম কৰা নেতাক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় কৰোৱাৰ প্ৰস্তুতি চলি থকা বুলি তথ্য পোৱা গৈছে। আনহাতে, বিহালী সমষ্টিত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় কৰোৱাৰ বিষয়েও চিন্তা-চৰ্চা চলি আছে।
সংগঠনসমূহে আৰু উল্লেখ কৰিছে যে যদি ৰাজনৈতিক দলসমূহে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰা নেতাক টিকট প্ৰদান কৰে, তেন্তে আন দুই-তিনিটা সমষ্টিতো ইতিমধ্যে প্ৰাৰ্থী ঠিক কৰি ৰখা হৈছে। অনুসূচিত জাতিৰ সংগঠনৰ এগৰাকী নেতাই কয় যে সংবিধান প্ৰণেতা বাবাচাহেব ভীমৰাও আম্বেদকাৰে প্ৰদান কৰা অধিকাৰ কোনোপধ্যে হনন হ’বলৈ দিয়া নহ’ব। “আমাৰ অধিকাৰত যদি কোনোবাই লাট মাৰে, তেন্তে আমি হাত সাৱটি বহি নাথাকোঁ। দলীয় ৰাজনীতিৰ উৰ্ধত গৈ হলেও নিজৰ অধিকাৰ আজুৰি আনিবলৈ যুঁজ দিব লাগিব। সেই যুঁজৰ অংশ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো আমাৰ বাবে একমাত্ৰ পথ,” বুলি নেতাজনে স্পষ্ট কৰি দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us