ভোটগ্ৰহণ প্ৰক্ৰিয়াক স্বচ্ছ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ ছমাহত ২৮ টা কাৰ্যসূচী গ্ৰহণ

নিৰ্বাচন আয়োগৰ ভূমিকা, নিৰপেক্ষতা আদিয়ো সন্দেহৰ আৱৰ্তত আছে।তাৰ মাজতে নিৰ্বাচন আয়োগে নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ কৰাৰ বাবে ২৮ টাকৈ পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে।

author-image
Tushar Pratim
New Update
ভোটগ্ৰহণ প্ৰক্ৰিয়াক স্বচ্ছ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ ছমহীয়া কাৰ্যসূচী ঘোষণা

ডিজিটেল ডেস্কঃ বিতৰ্কৰ চূড়ান্ত পৰ্যায়ত আছে নিৰ্বাচন আয়োগ। ভোটাৰ তালিকাৰ সন্দৰ্ভত উত্থাপিত হোৱা প্ৰশ্ন, ই ভি এমৰ ওপৰত হোৱা প্ৰশ্ন, ভিভিপিএটি গণনাৰ ওপৰত উঠা প্ৰশ্ন, ভোটাৰৰ ভোটৰ হাৰ বৃদ্ধি হোৱাৰ প্ৰশ্নকে ধৰি অনেক প্ৰশ্নৰ সন্মুখীন হৈছে আয়োগ। 

Advertisment

এনে পৰিস্থিতিত নিৰ্বাচন আয়োগৰ ভূমিকা, নিৰপেক্ষতা আদিয়ো সন্দেহৰ আৱৰ্তত আছে।তাৰ মাজতে নিৰ্বাচন আয়োগে নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ কৰাৰ বাবে ২৮ টাকৈ পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে।নিৰ্বাচন আয়োগে এক বিবৃতি প্ৰকাশ কৰি দাবী কৰিছে যে, বিগত ছমাহ ধৰি সমগ্ৰ দেশৰ সকলো ৰাজনৈতিক দলকে ধৰি ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সকলো স্তৰতে স্বচ্ছতা অনাৰ প্ৰচেষ্টা চলোৱা হৈছে। 

এই প্ৰক্ৰিয়াত ভোটাৰ তালিকা শুধৰাই, ভোট প্ৰক্ৰিয়া সৰল কৰি, আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছ কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। আয়োগে কয় যে সমগ্ৰ ভোটদান প্ৰক্ৰিয়াটো স্বচ্ছ কৰি তুলিবলৈ মুঠ ২৮টা পদক্ষেপ গ্ৰহণ কৰা হৈছে। 

ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে ৪৭১৯ খন বৈঠক অনুষ্ঠিত হৈছে। ইয়াৰে ৪০খন বৈঠক মুখ্য নিৰ্বাচনী বিষয়াসকলে অনুষ্ঠিত কৰিছে। ৰাজ্য আৰু জিলা পৰ্যায়ৰ ৰাজনৈতিক দলসমূহৰ সৈতেও আলোচনা চলি আছে। 

ইয়াৰ ভিতৰত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলসমূহৰ নেতাসকলৰ সৈতে বৈঠকসমূহো অন্তৰ্ভুক্ত। আয়োগে গ্ৰহণ কৰা ২৮টা পদক্ষেপৰ ভিতৰত আছে স্বীকৃতিপ্ৰাপ্ত আৰু নিষ্ক্ৰিয় ৰাজনৈতিক দলৰ পঞ্জীয়ন বন্ধ কৰা, বিএলঅ’ক ফটো পৰিচয় পত্ৰ প্ৰদান কৰা, ইভিএম মাইক্ৰ’কণ্ট্ৰ’লাৰৰ নিয়মীয়া পৰীক্ষণ, অন্য দেশৰ নিৰ্বাচনী আয়োগৰ সৈতে আলোচনা, ভোটদান সম্পৰ্কীয় সকলো সমস্যা এটা এপত সমাধান, ১০০ শতাংশ ৱেবকাষ্টিং, ভোটাৰ ভোটদানৰ ৰিয়েল টাইম আপডেট প্ৰদান কৰা ইত্যাদি। 

ইয়াৰে বহুকেইটা পদক্ষেপ ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে। আৰু কিছু সিদ্ধান্তৰ ওপৰত আলোচনা চলি আছে। উল্লেখ্য যে, কিছুদিনৰে পৰা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগে প্ৰদান কৰা ভোটাৰ তালিকা দেখুৱাই তালিকাত অন্তৰ্ভুক্ত হৈ থকা ভুৱা ভোটাৰক লৈ বহু মুকলি অভিযোগ উত্থাপন কৰিছে। 

লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে দাবী কৰি আহিছে যে মুঠ ছয় প্ৰকাৰে ভোটৰ ক্ষেত্ৰত ৰিগিং অব্যাহত আছে। আনকি ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো কংগ্ৰেছ নেতাগৰাকীয়ে নিৰ্বাচন আয়োগৰ সহায়তে বিজেপিয়ে বহু আসন লাভ কৰি চৰকাৰ গঠন কৰিছে বুলি দাবী কৰিছে।

ৰাহুলে উত্থাপন কৰা অভিযোগৰ স্পষ্ট উত্তৰ এতিয়ালৈকে দিব পৰা নাই যদিও অৱশ্যে আয়োগে সংবাদ মেলৰ জৰিয়তে ৰাহুলক শপতনামা দাখিল কৰিবলহে নিৰ্দেশ দিছে। ৰাহুলৰ অভিযোগক ভিত্তিহীন আখ্যা দিছে। কিন্তু প্ৰতিটো প্ৰশ্নৰ সঠিক উত্তৰ এতিয়ালৈকে দিব পৰা নাই। 

ৰাহুল গান্ধী নিৰ্বাচন আয়োগ