নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ৰাজ্যত ৩৩১কোটি টকাৰ মূল্যৰ নগদ ধন, সুৰা, নিচাযুক্ত দ্ৰব্য জব্দ…

নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫ৰাজ্যত ৩৩১কোটি টকাৰ মূল্যৰ নগদ ধন, সুৰা, নিচাযুক্ত দ্ৰব্য জব্দ…

author-image
asomiyapratidin
New Update
লখিমপুৰত বিজেপি কৰ্মীৰ বাসভৱনত আক্ৰমণ

ডিজিটেল ডেস্কঃ সমাগত ৫ৰাজ্যৰ নিৰ্বাচন। এই ৫ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন পূৰ্বে নিৰ্বাচনী আয়োগে ৩৩১কোটি টকাৰ মূল্যৰ নগদ ধন, সুৰা, নিচাযুক্ত দ্ৰব্য আৰু বহুমূলীয়া ধাতু জব্দ কৰিছে। অৱশ্যে এই হিচাপ যোৱা মঙলবাৰৰ লৈকে।

Advertisment

উল্লেখ্য যে, নিৰ্বাচনী অধিসূচনা জাৰি কৰা ১৫দিনৰ ভিতৰতে এই ৫ৰাজ্যৰ পৰা এইসমূহ জব্দ কৰা হৈছে। অবৈধ এনে সামগ্ৰী সৰ্বাধিক জব্দ কৰা হৈছে তামিলনাডুত। প্ৰায় ১২৭.৬৪কোটি টকাৰ নগদ ধন, সুৰা, নিচাযুক্ত দ্ৰব্য আৰু বহুমূলীয়া ধাতু জব্দ কৰা হৈছে তামিলনাডুত।

এইখিনিতে উল্লেখ কৰিব লাগিব অসমৰ কথাও। অসমত ৬৩.৭৫কোটি টকাৰ নগদ ধন, সুৰা, নিচাযুক্ত দ্ৰব্য আৰু বহুমূলীয়া ধাতু জব্দ কৰা হৈছে। ইয়াৰে ১১.৭৩কোটি টকা নগদ ধন, ২৭.০৯কোটি টকাৰ সুৰা, ২.৮২টকাৰ মূল্যৰ বহুমূলীয়া ধাতু জব্দ কৰা হৈছে।