ৰাহুলক দিব প্ৰত্যুত্তৰ! আজি নিৰ্বাচন আয়োগৰ সংবাদ মেল...

ৰাহুল গান্ধীৰ ভোট চুৰি প্ৰসংগক লৈ আজি সংবাদমেল সম্বোধন কৰিব নিৰ্বাচন আয়োগে। বিয়লি ৩বজাত এই সংবাদমেলৰ আয়োজন কৰিছে আয়োগে। ৰাহুল গান্ধীৰ ভোট চুৰি প্ৰসংগক লৈ নিৰ্বাচন আয়োগে এই সংবাদমেলত

New Update
jjjd

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ ভোট চুৰি প্ৰসংগক লৈ আজি সংবাদমেল সম্বোধন কৰিব নিৰ্বাচন আয়োগে। বিয়লি ৩বজাত এই সংবাদমেলৰ আয়োজন কৰিছে আয়োগে। ৰাহুল গান্ধীৰ ভোট চুৰি প্ৰসংগক লৈ নিৰ্বাচন আয়োগে এই সংবাদমেলত সকলো তথ্য স্পষ্ট কৰাৰ সম্ভাৱনা আছে। 

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে,  কিছুদিনৰ আগেয়ে দিল্লীত এক সংবাদ মেল সম্বোধন কৰি ৰাহুলে নিৰ্বাচন আয়োগ আৰু বিজেপিৰ গোপন বুজাবুজিৰ মাধ্যমেৰে ব্যাপক হাৰত ভোটৰ ৰিগিং হৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল।   তেওঁ অভিযোগ কৰিছিল যে,   প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ক্ষমতাত থাকিবলৈ ২৫ খন আসনত ভোট চুৰি কৰিছিল।

ৰাহুলে লগতে কৈছিল যে,  সেই সকলো আসনতে নিকটতম প্ৰাৰ্থীগৰাকীৰ পৰাজয়ৰ ব্যৱধান আছিল ৩৩ হাজাৰ ভোটতকৈ কম। তেওঁৰ অভিযোগ ২০২৩ চনৰ পৰা নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ কংগ্ৰেছৰ ভিতৰত সন্দেহৰ সৃষ্টি হৈছিল যদিও তেওঁলোকৰ হাতত এই সন্দৰ্ভত কোনো তথ্য প্ৰমাণ নাছিল।

ৰাহুল গান্ধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৩৩ হাজাৰকৈ কম ভোটত ২৫ খন আসন বিজেপিয়ে লাভ কৰাৰ কথা উল্লেখ কৰি এই আসন কেইখনৰ বলতেই নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হৈ আছে বুলি দাবী কৰিছিল। 

তেওঁ নিৰ্বাচন আয়োগক উদ্দেশ্য কৰি কৈছিল যে, "আমি নিৰ্বাচন আয়োগক কৈছো আপোনালোক ভাৰতীয় গণতন্ত্ৰক ধ্বংস কৰিবলৈ নহয়,ভাৰতীয় গণতন্ত্ৰ ৰক্ষাৰ বাবেহে কাম কৰিব লাগে। আপোনালোকৰ সন্মুখত এয়া সকলোবোৰ তথ্য প্ৰমাণ। কেৱল কৰ্ণাটকৰ তথ্যই নহয়,দেশৰ প্ৰতিখন ভোটাৰ তালিকা এতিয়া প্ৰমাণ হৈ পৰিছে।"

ৰাহুল গান্ধীয়ে দাবী কৰিছিল, "নিৰ্বাচন আয়োগে আমাক তথ্য নিদিলে।তেওঁলোকে নিজেই কৈছে যে তেওঁলোকে চিচিটিভিৰ ফুটেজ ধ্বংস কৰিবলৈ ওলাইছে। ৰাহুলৰ মতে ভোট চুৰিৰ তথ্য নষ্ট কৰিবলৈকে চিচিটিভি ফুটেজ ধ্বংস কৰিব বিচাৰিছে।

আজি ৰাহুল গান্ধীৰ এই সকলোবোৰ অভিযোগ প্ৰত্য়ুত্তৰ দিব নিৰ্বাচন আয়োগে। 

ৰাহুল গান্ধী