/asomiyapratidin/media/media_files/2025/09/12/329-2025-09-12-23-15-22.jpg)
ডিজিটেল সংবাদ, ওদালগুৰি : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰক প্ৰত্যাহ্বান জনাই শুকুৰবাৰে ওদালগুৰিত হাগ্ৰামা মহিলাৰীয়ে এক জনসভাত অংশগ্ৰহণ কৰি বিপিএফ চৰকাৰ হ'লে বিটিচিৰ পৰা কোনেও ভিচিডিচি আঁতৰাব নোৱাৰে বুলি মন্তব্য কৰে। উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই বৃহস্পতিবাৰে ওদালগুৰিৰ ৩৮ নং ভৈৰৱকুণ্ড সমষ্টিৰ শান্তিপুৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছিল।
মুখ্যমন্ত্ৰীৰ সভাৰ এদিন পিছতে আজি জিলাখনৰ একেটা সমষ্টিৰে আমজুলিত বিপিএফৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন কৰি নিজৰ দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায় হাগ্ৰামা মহিলাৰীয়ে। ভৈৰৱকুণ্ড সমষ্টিত বিজেপি আৰু বিপিএফৰ এক যুদ্ধ হ'ব বুলি মন্তব্য কৰি সমষ্টিত ইউপিপিএলৰ কোনো কাম নাই বুলি কটাক্ষ কৰে মহিলাৰীয়ে।
এইবাৰ বিটিচিত আকৌ বিপিএফে চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰি ভৈৰৱকুণ্ড সমষ্টিবাসীক নাঙলৰ ছবিত ফোট দিবলৈ আহ্বান জনায়। ইপিনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মহিলাৰীয়ে কয়- বিজেপিৰ লগত বিপিএফৰ কোনো গোপন বুজাবুজি নাই।এইবাৰ বিপিএফে একক সংখ্যাগৰিষ্ঠতাৰে দুৰ্গাপুজাৰ পিছত চৰকাৰে গঠন কৰি শপতগ্ৰহণ কৰিব বুলি মন্তব্য কৰে।
বিটিচিত বিপিএফ চৰকাৰ হ'লে সকলোকে ভূমিৰ অধিকাৰ প্ৰদান কৰিব বুলি সাংবাদিকৰ ওচৰত মন্তব্য কৰি এবছুকো ক্ষুৰধাৰ সমালোচনা কৰে মহিলাৰীয়ে। তেওঁ কয়- এবছু বড়ো জাতিৰ এটা জাতীয় সংগঠন। বড়ো জাতিৰ বাবে প্ৰয়োজনীয় আৰু ভাল সংগঠন। কিন্তু এবছুৰ নেতাসকল ঠিক নহয়। এতিয়া এবছু মানে ইউ পি এল আৰু ইউ পি পি এল মানে এবছু বুলি মন্তব্য কৰে মহিলাৰীয়ে।
আজিৰ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰী আৰু ৩৮ নং ভৈৰৱকুন্দ সমষ্টিৰ বি পি এফৰ প্ৰাৰ্থী ৰিহন দৈমাৰীৰ লগতে বি পি এফৰ সম্পাদক জয়ন্ত ভট্টাচাৰ্যকে ধৰি কেবাজনো দলীয় নেতাই উপস্থিত থাকে।