/asomiyapratidin/media/media_files/2026/02/23/ap-new-webgrgfgfg-2026-02-23-22-52-37.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ চৰকাৰী বৃদ্ধ পেঞ্চন মাহে ৩,০০০ টকালৈ বৃদ্ধি কৰা, পেঞ্চনৰ ধন হিতাধিকাৰীৰ পাছবুকত নিয়মিতভাৱে জমা হোৱাটো নিশ্চিত কৰা আৰু অনিয়ম দূৰ কৰাৰ দাবীত ধেমাজি জিলা বৃদ্ধ পেঞ্চনাৰ কল্যাণ সমিতিৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰায় পাঁচ শতাধিক বৃদ্ধ পেঞ্চনাৰে ধৰ্ণা-প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/23/whatsapp-image-2026-02-23-22-52-55.jpeg)
প্ৰতিবাদকাৰীসকলে হাতে-হাতে বেনাৰ, পোষ্টাৰ-প্লেকাৰ্ড লৈ “আমাৰ দাবী মানিবই লাগিব” আদি শ্লোগানেৰে কাছাৰী ময়দানৰ সন্মুখৰ পৰা ধেমাজি তিনি আলি হৈ পুনৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে খোজকাঢ়ি ৰাজপথ উত্তাল কৰে। ৭০-৮০ বছৰৰ ঊৰ্ধ্বৰ বহু জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত গায়ন-বায়ন আৰু শঙ্খধ্বনিয়ে পৰিৱেশ মুখৰ কৰি তোলে। ধেমাজি, জোনাই, চিচিবৰগাঁও, চিলাপথাৰ, বৰদলনি, গোগামুখ আদি বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ নাগৰিকসকল এই প্ৰতিবাদত অংশ লয়।
প্ৰতিবাদকাৰীসকলৰ মুখ্য দাবীসমূহ হ’ল—
- বৃদ্ধ পেঞ্চন মাহে ৩,০০০ টকালৈ বৃদ্ধি কৰা।
- মাহেকত দহ দিন ফলমূল আৰু পুষ্টিকৰ আহাৰৰ ব্যৱস্থা কৰা।
- অতিৰিক্ত অপৰিহাৰ্য্য দৰৱ-পাতি যোগান ধৰা।
- পেঞ্চনৰ ধন জমা সম্পৰ্কীয় অনিয়ম দূৰ কৰি পাছবুকত নিয়মিত জমা নিশ্চিত কৰা।
- ভাৰতীয় ৰেল পৰিবহণত অতি কমেও ১,০০০ কিলোমিটাৰ পৰ্যন্ত ভ্ৰমণ মাছুল বিনামূলীয়া কৰা।
- ৰাজ্যখনৰ সকলো চিকিৎসা মহাবিদ্যালয় আৰু অসামৰিক চিকিৎসালয়ত মধুমেহ, কিডনী, কেন্সাৰ আদি গুৰুতৰ ৰোগৰ বাবে ইনচুলিনসহ প্ৰয়োজনীয় দৰৱ সকলোতে উপলব্ধ কৰা।
কাৰ্যসূচীৰ অন্তত প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ সমস্যা সমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us