স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি বাক্সাত 'এক পেড় মা কে নাম' কাৰ্যসূতী ৰূপায়ণ

বাক্সা জিলাৰ বৰমাৰ কাষৰ কালজাৰত থকা জুলি মৈদান মিনি ষ্টেডিয়ামৰ চৌহদত আজি  ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি "এক পেড় মা কে নাম" শীৰ্ষক এটি অনুষ্ঠান অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি বাক্সাত 'এক পেড় মা কে নাম' কাৰ্যসূতী ৰূপায়ণ

ডিজিটেল সংবাদ বৰমাঃ বাক্সা জিলাৰ বৰমাৰ কাষৰ কালজাৰত থকা জুলি মৈদান মিনি ষ্টেডিয়ামৰ চৌহদত আজি  ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি "এক পেড় মা কে নাম" শীৰ্ষক এটি অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে বৰমাৰ অনছাইগ্ৰা মাল্টিপাৰ্পছ কো-অপাৰেটিভ ছচাইটিয়ে ১০০ জোপা গছ পুলি ৰোপণ কৰে ।

গছ পুলি ৰোপণ কাৰ্যসূচীত এটি গছ পুলি ৰোপণ কৰি উদ্বোধন কৰে বাক্সা জিলা  Co-operative Society  ৰ ডেপুটি ৰেজিষ্টাৰ ড০ নবনিতা পাঠকে।।  কাৰ্যসূচীত উপস্থিত থাকি গছ পুলি ৰোপণ কৰে বৰমা সমষ্টিৰ বিধায়ক ভুপেন বড়ো, বাক্সা জিলা বড়ো সাহিত্য সভাৰ সহকাৰী সম্পাদক দুলাল স্বৰ্গীয়াৰী,  বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক দেওবাৰ ৰামছিয়াৰী,  বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি উমেশ চন্দ্ৰ বড়ো, সম্পাদক গণপতি সোৰাং বড়ো, উপ সভাপতি তথা আলাগজাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খ্ৰৌমছাৰ বসুমতাৰী, বৰমা বাথৌ বিয়াব গৌথুমৰ সভাপতি প্ৰহ্লাদ স্বৰ্গীয়াৰী, সম্পাদক সীমান্ত দেউৰী,  সমাজ সেৱক দানস্ৰাং খুংগুৰ বড়োৰ লগতে অঞ্চলটোৰ বহু কেইগৰাকী লোকে।

তাৰোপৰি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে অনছাইগ্ৰা মাল্টিপাৰ্পছ কো-অপাৰেটিভ ছচাইটিৰ সদস্য সকলে। কাৰ্যসূচীৰ আঁতধৰে তুনু চন্দ্ৰ বড়োৱে।

বাক্সা স্বাধীনতা দিৱস