/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/eid-1.jpg)
ডিজিটেল ডেস্কঃ আজি পৱিত্ৰ ঈদ-উল-জুহা। প্ৰেম, ভাতৃত্ববোধ, ত্যাগৰ বাণী লৈ আকৌ আহিল ঈদ। এই ঈদক ঈদ-উল-জুহা বা ঈদ-উল আজহা বোলা হয়। ইছলাম ধৰ্মালম্বী সকলৰ সকলোতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত ই অন্যতম।
এই দিনটোত মুছলিম সকলে তেওঁলোকৰ সাধ্য মতে ধৰ্মীয় নিয়মানুযায়ী উট, গৰু, ছাগলী কোৰবানি দিয়ে।কোৰবানিৰ মাংস তিনি ভাগে ভাগ কৰি ১ ভাগ দুখীয়া-নিছলাৰ মাজত আৰু ১ ভাগ আত্মীয় স্বজনৰ মাজত বিতৰণ কৰাৰ পিছত তৃতীয় ১ ভাগ নিজৰ বাবে ৰখা হয়।
ঈদ-উল-জুহা' হৈছে এটা প্রতীকি প্রথা, এটা পৰিয়ালৰ ত্যাগৰ গাথা৷ 'ঈদ-উল-জুহা'ই আল্লাহৰ প্রতি থাকিব লগীয়া আনুগত্যৰ কথা সোঁৱৰাই দিয়ে৷ ইতিমধ্যে সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত ঈদক লৈ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। ইছলামধৰ্মী লোকসকলে বৰ হেঁপাহেৰে ঈদৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।ঈদগাহ মৈদামত ঈদৰ সমূহীয়া নামাজ আৰম্ভ হৈছে।
এই ঈদে প্ৰতিগৰাকী লোকলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধি, ভাতৃত্ববোধৰ বতৰা। পৱিত্ৰ ঈদৰ অলেখ শুভেচ্ছা…