প্ৰগতি সংঘত কটন কলেজিয়েটৰ ১৯৭৫ বৰ্ষৰ সতীৰ্থ সমাজৰ ইফটাৰ...

চলি আছে ৰমজান মাহ।  ৰমজান হৈছে উপাসনাৰ মাহ। ইছলাম ধৰ্মাৱলম্বীৰ লোকৰ এই পৱিত্ৰ মাহটোৰ সৈতে সংগতি ৰাখি শুকুৰবাৰে বাৰুৱাৰীৰ প্ৰগতি সংঘত আয়োজন কৰা হয় এক বিশেষ ইফটাৰৰ।

author-image
Asomiya Pratidin
New Update
jdfjjff

ডিজিটেল ডেস্কঃ চলি আছে ৰমজান মাহ। ৰমজান হৈছে উপাসনাৰ মাহ। ইছলাম ধৰ্মাৱলম্বীৰ লোকৰ এই পৱিত্ৰ মাহটোৰ সৈতে সংগতি ৰাখি শুকুৰবাৰে বাৰুৱাৰীৰ প্ৰগতি সংঘত আয়োজন কৰা হয় এক বিশেষ ইফটাৰৰ।

99a00b2b-dd18-47f3-9e33-b85a604ee40c

এই বিশেষ ইফটাৰ অনুষ্ঠানটিৰ আয়োজন কৰে কটন কলেজিয়েটৰ ১৯৭৫বৰ্ষৰ সতীৰ্থ সমাজে। উল্লেখ কৰা প্ৰয়োজন যে, এই সমাজে পালন কৰি সোণালী জয়ন্তী বৰ্ষ। এই বৰ্ষৰ সৈতে সংগতি ৰাখি সমগ্ৰ ৰাজ্যতে তেওঁলোকে ভিন্ন কাৰ্যসূচী পালন কৰি আহিছে।

1673bc58-1862-4e73-9c2b-cc2300821697

ৰমজান মাহৰ সৈতে সংগতি ৰাখি এই সতীৰ্থ সমাজে আয়োজন কৰে এই ইফটাৰ অনুষ্ঠানৰ।  ইফটাৰত ভাগ লয় সতীৰ্থ সমাজৰ প্ৰায় সকলো ব্যক্তিয়ে। সম্পাদক ফৰিদ আহমেদে অসমীয়া প্ৰতিদিন ডিজিটেলক জনায় যে, সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি আমি ভিন্ন কাম কৰি আছো। এই কামৰ অংশ হিচাপেই আজিৰ অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে। 

উল্লেখ কৰা প্ৰয়োজন যে, এই ইফটাৰত ভাগ লয় প্ৰায় ৩০গৰাকী ব্যক্তিয়ে। সকলো আনন্দ-প্ৰীতিৰে এই ইফটাৰত ভাগ লৈ খাদ্য গ্ৰহণ কৰে। 

6a73e8f8-1cd5-4199-b022-a51170bd192f

 
গুৱাহাটী