/asomiyapratidin/media/media_files/2025/12/10/450-2025-12-10-18-11-33.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : সাম্প্ৰতিক ইণ্টাৰনেটৰ যুগত ই-বুক, ই-জাৰ্ণেল আৰু ডিজিটেল গ্ৰন্থাগাৰৰ বহুল প্ৰচলন হৈছে যদিও এখন ছপা গ্ৰন্থৰ মূল্য কেতিয়াও অগ্ৰাহ্য কৰিব নোৱাৰি। অসম চৰকাৰৰ ২০২৫ চনটো 'কিতাপৰ বৰ্ষ' হিচাপে আয়োজন কৰাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ উদ্যোগত ১০ ডিচেম্বৰ, ২০২৫ তাৰিখৰ পৰা তিনিদনীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয় শৈক্ষিক গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। উক্ত গ্ৰন্থমেলাত বিশ্ববিদ্যালয়ৰ বিভাগৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিব পাৰিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/10/whatsapp-image-2-2025-12-10-18-10-11.jpeg)
উল্লেখযোগ্য যে উক্ত শৈক্ষিক গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীয়ে অসম, উত্তৰ পূৰ্বাঞ্চলৰ লগতে দিল্লী, মুম্বাই আদিকে ধৰি বিভিন্ন প্ৰান্তৰ ষাঠিখনতকৈও অধিক প্ৰখ্যাত গ্ৰন্থ বিপনী তথা প্ৰকাশকৰ পৰা নিজৰ পছন্দৰ কিতাপ ক্ৰয় কৰিব পাৰিব। অধিকাংশ গ্ৰন্থ বিপণীত প্ৰচুৰ পৰিমাণে পাঠ্যক্ৰমভিত্তিক পুথি উপলব্ধ হ'ব।
বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই গ্ৰন্থমেলা উদ্বোধন কৰি কিতাপ পঢ়াৰ অভ্যাস আৰু আনন্দৰ কথা উল্লেখ কৰে। কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিক ড⁰ প্ৰশান্ত কুমাৰ ডেকাই উল্লেখ কৰে যে, "উক্ত গুৱাহাটী বিশ্ববিদ্যালয় শৈক্ষিক গ্ৰন্থমেলাত পঢ়ুৱৈয়ে পাঠ্যক্ৰমভিত্তিক তথা নিজৰ পছন্দৰ কিতাপ ক্ৰয় কৰিব পাৰিব। উক্ত পদক্ষেপক বাস্তৱৰূপ প্ৰদান কৰিবলৈ সুবিধা কৰি দিয়া সন্মানীয় উপাচাৰ্য মহোদয় তথা সংশ্লিষ্ট কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ।"
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us