/asomiyapratidin/media/media_files/2025/09/01/ranoj-pegu-01-2025-09-01-19-06-58.jpg)
ডিজিটেল সংবাদ মানকাচৰঃ সম-জিলাৰ সম-উন্নয়নৰ বাৰ্তালৈ আজি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু পুৱাৰ ভাগত উপস্থিত হয় মানকাচৰত। মন্ত্ৰীগৰাকী দেওবাৰে মেঘালয়ৰ তুৰাত উপস্থিত হৈ নিশা কটোৱাৰ পাছত পুৱা হাটশিঙিমাৰীত উপস্থিত হৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে।
জিলা প্ৰশাসন, শিক্ষা বিভাগৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়, জিলাখনত নতুনকৈ আইটিআই নিৰ্মাণ আৰু চৰকাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বৃদ্ধি কৰাৰ পৰিকল্পনা লোৱা হৈছে। অহা ১০ অক্টোবৰত ৰাজ্যচৰকাৰে নতুন শিক্ষক নিযু্ক্তিৰে বিদ্যালয়সমূহত খালী হৈ থকা পদসমূহ পূৰণ কৰিব।
তেওঁ কয়, দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো শিক্ষকৰ অভাৱ থকা বিদ্যালয়ত নতুন শিক্ষক নিযুক্তি দিয়া হ’ব। আনহাতে চৰকাৰে নিযুক্তি দিয়া টিউটৰ শিক্ষকৰ দৰমহা বৃদ্ধিৰ বাবে প্ৰক্ৰিয়া চলি আছে। কেবিনেটৰ সিদ্ধান্ত মতে শীঘ্ৰে দৰমহা বৃদ্ধিৰ ব্যৱস্থা লোৱা হ’ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
লক্ষণীয় যে, ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালভাৱে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো চৰকাৰী বিদ্যালয়ত শিক্ষক-শিক্ষাৰ্থীৰ উপস্থিতি ৮০ শতাংশ বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে দাবী কৰে। গুনোৎসৱৰ ক্ষেত্ৰতো জিলাখনৰ ফলাফল ভাল। চৰ এলেকাত শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ অৱহেলা নকৰে বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে দাবী কৰে।
ইফালে এই ভ্ৰমণ সন্দৰ্ভত তেওঁ সামাজিক মাধ্যমত লিখিছে এইদৰে- ''আজি দক্ষিণ শালমাৰা-মানকাচৰ জিলা আয়ুক্ত কাৰ্যালয়ত স্থানীয় বিধায়ক, জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিষয়াবৰ্গৰ উপস্থিতিত জিলাখনৰ শিক্ষাৰ পৰ্যালোচনা কৰোঁ।