কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত শিক্ষা বিষয়ক সজাগতা সভা

কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত আৰু প্ৰাথমিক বড়ো সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত কৰা শিক্ষা বিষয়ক সজাগতা সভাৰ কাৰ্যসূচী অব্যাহত আছে

author-image
Asomiya Pratidin
New Update
185

ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত আৰু প্ৰাথমিক বড়ো সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত কৰা শিক্ষা বিষয়ক সজাগতা সভাৰ কাৰ্যসূচী অব্যাহত আছে । কাৰ্বি আংলং জিলাখনত সম্প্ৰতি বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয় সমূহ ক্ৰমান্বয়ে বন্ধ হৈ নাইকীয়া হৈ যোৱাৰ উপক্ৰম হৈছে ।

ইয়াৰ একমাত্ৰ কাৰণটো হৈছে অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা - ছোৱালীসকলক বড়ো মাধ্যমৰ সলনি ইংৰাজী মাধ্যমত অথবা অসমীয়া মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত নামভৰ্তি কৰাই দিয়া। যি সময়ত বড়ো ভাষা সংবিধানৰ অষ্টম অনুসূচিত স্বীকৃতি লাভ কৰিছে, সেই সময়ত বড়ো ভাষা প্ৰাথমিক বিদ্যালয় পৰ্যায়ত বড়ো ভাষা জীয়াই ৰখাৰ স্বাৰ্থত সজাগতা সভা অনুষ্ঠিত কৰিবলগীয়া হোৱা বিষয়টোৱে সচেতন সমাজক চিন্তিত কৰি তুলিছে ।

ইয়াৰে অংশ হিচাপে ১৪ ফেব্ৰুৱাৰীত ইতিমধ্যে হাওৰাঘাট অঞ্চলৰ চাৰিখন প্ৰাথমিক বড়ো মাধ্যমৰ বিদ্যালয়ক লৈ চাৰিখন গাঁও ক্ৰমে দুমুখী জালজুৰি, দক্ষিণ বৰগঙা, ১নং কালাই গাওঁ আৰু ৩নং কালাই গাঁৱত আৰু ১৯ ফেব্ৰুৱাৰীত হাওৰাাট তিনি আলি অঞ্চলৰ গড়জগা আৰু চূণপোৰা গাঁৱত শিক্ষামূলক সজাগতা সভা অনুষ্ঠিত কৰা হয় । ইয়াৰ পিছতে ২০ ফেব্ৰুৱাৰীত লাংহিন অঞ্চলৰ চাৰিখন গাঁও ক্ৰমে ফটিকজান, গৰৈমাৰী, ইটাপাৰা আৰু ধূপগুৰি গাঁৱত বড়ো মাধ্যমক লৈ একেদিনাই একেসময়তে চাৰি ঠাইত শিক্ষাবিষয়ক সজাগতা সভা অনুষ্ঠিত কৰা হয় ।

উল্লেখযোগ্য যে এই চাৰিওটা ঠাইৰ সজাগতা সভাত বড়ো সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে ক্ৰমে ফটিকজানত মগেজ নাৰ্জা বড়ো, সুভাষ বসুমতাৰী, দাওহাৰু খাখলাৰী,  দীনেশ দৈমাৰী আৰু নকুল চন্দ্ৰ ব্ৰহ্ম, ধূপগুৰি গাঁৱত ঋতুৰাজ বসুমতাৰী,  বিস্তিৰাম দৈমাৰী, সনাৰাম বসুমতাৰী, মদন চন্দ্ৰ স্বৰ্গীয়াৰী আৰু তনুৰাম দৈমাৰী, গৰৈমাৰী গাঁৱত নিৰ্মল বসুমতাৰী, কল্যাণ ৰাভা ব্ৰহ্ম, খগেন গয়াৰী আৰু ৰাজাৰাম বসুমতাৰী , ইটাপাৰা গাঁৱত, সুমেশ্বৰ বসুমতাৰী, ৰঞ্জিত খাখলাৰী, দালসিং বসুমতাৰী আৰু তুলেন্দ্ৰ খাখলাৰী আদি উপস্থিত থাকে ।

কাৰ্বি আংলং