/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/spcl-write-up.jpg)
✍ প্ৰকাশ মহন্ত
শিশুসকলৰ সৰ্বাংগীণ কল্যাণ সুৰক্ষিত অধিকাৰ সন্দৰ্ভত কাম-কাজ কৰাটো কেৱল সমাজসেৱা নহয়, এয়া সাংবিধানিক কৰ্তব্য। যোৱা ৪ আগষ্টত অসম প্ৰশাসনীয় মহাবিদ্যালয়ত দেশৰ কেইবাখনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, মূখ্য ন্যায়াধীশ, ইউনিচেফ আৰু অসম চৰকাৰৰ শিশু সূৰক্ষা সমিতিৰ মূৰব্বীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰৰ সংস্থাৰ মূৰব্বীৰে ভৰি থকা এক গাম্ভীৰ্যপূৰ্ণ আলোচনাত এই মন্তব্য কৰিছিল উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপক গুপ্তাই।
উত্তৰ-পূবৰ প্ৰায় প্ৰতিখন উচ্চ ন্যায়ালয়ৰ বৃহ সংখাক ন্যায়াধীশ, মূখ্য ন্যায়াধীশ উপস্থিত থকা সভাখনৰ আলোচনাত সমগ্ৰ বিষয়বস্তুৱেই আছিল শিশুৰ পুষ্টি, তেওঁলোকৰ প্ৰাপ্য অধিকাৰ, শিশুক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰা অবৈধ কাৰ্য আৰু উত্তৰ-পূবৰ শিশু, কিশোৰ-কিশোৰীৰ বিক্ৰী কৰা বেআইনী সৰবৰাহে ধাৰণ কৰা ভয়ংকৰ ৰূপ।নিশ্চিতভাৱেই ৰাজ্য প্ৰশাসনত এনে আলোচনাই প্ৰভাৱ পেলাব আৰু কিছু পৰিমাণে ইয়াৰ সুফলো হয়তো অসম তথা উত্তৰ-পূবৰ শিশুসকলে পাব।
কিন্তু দূখজনক কথাটো হ'ল– দেশৰ আইনী মূৰব্বীসকলৰ উপস্থিতিৰ লগতে শিশু কল্যাণৰ সৈতে জড়িত সংস্থাৰ বহু মূৰব্বী উপস্থিত থকা এই আলোচনাত অঞ্চলটোৰ শিশুৰ ওপৰত চলা লুণ্ঠন, অত্যাচাৰৰ ভয়াৱহ ছবিখন সঠিকভাৱে উদ্ভাসিত নহ'ল। শিশুৰ পৰিপুষ্টিৰ বাবে চৰকাৰে আগবঢ়োৱা সাহায্য চানকাঢ়ি খোৱা, শিশু-কিশোৰৰ বিক্ৰী বা চালান, তেওঁলোকৰ ওপৰত শাৰীৰিক নিৰ্যাতন আদি চলোৱাসকলৰ বিৰুদ্ধে ল'ব পৰা কঠোৰতম ব্যৱস্থা সন্দৰ্ভত নতুনকৈ অধিক কঠোৰ আইনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব বুলি সকলোৱে পিচে আশা কৰিছিল।
পদপথৰ শিশুবোৰ, চহৰবোৰৰ চহকী লোকৰ ঘৰত থকা বনকৰা শিশুবোৰৰ ভৱিষ্যত কি হ'ব, সৰ্বোপৰি ভাৰতৰ মূল ভূখণ্ডলৈ উত্তৰ-পূবৰ পৰা চালান দিয়া শিশু-কিশোৰবোৰৰ সূৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাবছৰ পূৰ্বে গঠন কৰা এণ্টি ট্ৰেফিকিং স্কোৱাডবোৰ এই অঞ্চলত কিদৰে কৰ্মক্ষম হ'ব সেই সিদ্ধান্তও বিশেষ সভাখনত নহ'ল। অতিকে পৰিতাপৰ কথা– বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত চতিয়া নগৰৰে কেওট চুবাৰ জিল কেওট নামৰ দৰিদ্ৰ লোকজনৰ দ্বিতীয় পত্নী লক্ষ্মী কেওটে এটাৰ পিচত এটাকৈ তিনিটা সন্তান বিক্ৰী কৰাৰ মৰ্মান্তিক খবৰ অসমৰ প্ৰায় সকলো সংবাদ মাধ্যমতে ২৬ জুলাইৰ দিনা প্ৰকাশ পাইছিল।
লক্ষ্মী কেওটে জন্ম দিয়া শেষৰ সন্তানটো যোৱা ২৬ জুলাইত ঘৰলৈ গৈ থকাৰ পথতে কাৰোবাক বিক্ৰী কৰে। জিল কেওট অতিকে দৰিদ্ৰ| কিন্তু আৰ্থিক দুৰৱস্থাৰ পিছতো দুবাৰকৈ বিয়া পাতি দহটাকৈ সন্তান জন্ম দিয়াৰ পিছত প্ৰতিপালন কৰিব নোৱাৰি শেহতীয়াকৈ বিক্ৰী কৰিবলৈ আৰম্ভ কৰাটো মানৱীয় তথা সামাজিক দৃষ্টিকোণৰ পৰা কেনে ভয়ংকৰ কথা। এয়া আইনী অপৰাধ যদিও চতিয়াৰ আৰক্ষীয়ে জিল কেওট বা লক্ষ্মী কেওটক গ্ৰেপ্তাৰ কৰিব পৰা নাই। কিয়নো তেনে কৰিবলৈ হ'লে বৰ্তমানে ঘৰত থকা এমা-ডিমা সন্তাননৰ দাযিত্ব কোনে ল'ব?
চিকিৎসাকৰ্মীয়ে তেওঁলোকক পৰিয়াল কল্যাণৰ কথা কওঁতে লক্ষ্মী কেওটে দিয়া উত্তৰ হ'ল– তেতিয়াহ'লে আমি চলিম কেনেকৈ? অৰ্থাৎ আৰ্থিক প্ৰয়োজনত সন্তান উৎপাদন অব্যাহত ৰাখিব খোজে তেওঁলোকে। এয়া এক সামাজিক বিভীষিকাৰ ইংগিত নহয়নে? লক্ষ্মী কেওটহঁতৰ দৰে পৰিয়াল কেৱল চতিয়াতেই নাই| কিন্তু এই পৰিয়ালবোৰলৈ আৰ্থিক দূৰৱস্থাই আনি দিয়া মানৱীয়তাবৰ্জিত এনে মানসিকতাৰ চিকাৰ হোৱাৰ পৰা এইবোৰ শিশুক কোনে উদ্ধাৰ কৰিব।
ভয়ানক এই খবৰটো সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিচত সচেতন সমাজক সচেতকসকলৰ বিশেষ কোনো প্ৰতিক্ৰিয়া পৰিলক্ষিত হোৱা নাই। কালি আলোচনাখনতো এই বিষয়টো আৰু ই বহন কৰা ভৱিষ্যৎ ভয়াৱহতাৰ ইংগিতটোৱে সৰ্বাধিক গুৰুত্ব পাব লাগিছিল।