/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
ধনুৰ্বিদসকলে লক্ষ্যভেদ কৰিবলৈ কাঁড়ডাল সদায় অলত ওপৰত দাঙি ধৰে৷ ধনুত শৰ লগোৱাৰ নিয়ম আছে৷ সেই নিয়মৰ বাবেই কাঁড়ডাল অলপ ওপৰত দাঙি ধৰা হয়৷ তেতিয়াহে কাঁড়ডালে লক্ষ্যস্থানত আঘাত কৰে৷ এই যে কাঁড়ডাল অলপ ওপৰলৈ তুলি লক্ষ্যস্থানলৈ পোনাই লয়, তাৰ কাৰণটোৱে হ'ল মধ্যাকৰ্ষণ৷ ধনুৰ্বিদে কাঁড়ডাল পোনাই লোৱাৰ সময়ত দুটা শক্তিৰ বিৰুদ্ধে যুঁজিব লাহে৷ মধ্যাকৰ্ষণ আৰু মনযোগ৷ দুয়োটাত জয়ী হ'লেহে লক্ষ্যভেদ কৰিব পাৰে৷ জীৱনৰ যিকোনো লক্ষ্যত উপনীত হ'ব খোজা মানুহেও বিভিন্নৰূপত এই দুটা শক্তিৰ সন্মুখীন হ'ব লাগে৷
আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত ৩৪০ দিন কটাই পৃথিৱীলৈ উভতি অহা আমেৰিকাৰ স্কট কেলী নামৰ বিজ্ঞানীজনে এতিয়া ভালদৰে খোজকাঢ়িব নোৱাৰে৷ আজি দুমাহে তেওঁৰ এই অৱস্থা৷ মহাশূন্যৰ মধ্যাকৰ্ষণৰ সৈতে পৃথিৱীৰ মধ্যাকৰ্ষণৰ পাৰ্থক্য থাকে৷ সেইবাবে স্কট কেলীয়ে লক্ষ্য হেৰুৱাই পেলাইছে৷ অলপ খোজকাঢ়িলেই বাগৰি পৰে৷ স্কট কেলীৰো মধ্যাকৰ্ষণ আৰু মনযোগ হেৰাই গৈছে৷ পৃথিৱী আৰু মহাকাশ- দুয়োটাতে বিচৰণ কৰা মানুহৰ লক্ষ্যও ভিন্ন হয়৷ যাৰ লক্ষ্য ওচৰত তেওঁ সন্মুখলৈ চায়৷ ওপৰলৈ চাই খোজকঢ়া মানুহৰ পথৰ খলা-বমাত পৰি উজুটি খোৱাৰ ভয় থাকে৷\
কেৱল বৈষয়িক আৰু বস্তুবাদী চিন্তাই গ্ৰাস কৰা সমাদখনত এতিয়া প্ৰায় প্ৰতিজন মানুহেই উজুঠি খাই হ'লেও এটা লক্ষ্যক স্থিৰ কৰি লৈছে৷ সেই লক্ষ্য হ'ল হুতাশ পূৰণৰ৷ মৰিলে কোনেও একোকে লগত নিনিয়ে বুলি হতাশাৰ বাণী শুনোৱা লোকসকলক ধমক দি এনে হুতাশ পূৰণ কৰিব খোজাসকলে ক'ব- মৰিলে কোনেও একো নিব নোৱাৰে৷ শুদাহাতে জন্মা মানুহজন শুদাহাতেৰে যাবগৈ৷
কিন্তু থকা দিনকেইটাতো ৰজাৰ দৰে, বীৰৰ দৰে দপদপাই থাকিব পাৰিব৷
আচলতে জীয়াই থকা দিনকেইটাই মানুহৰ সুখ-দুখৰ সংজ্ঞা নিৰ্ধাৰণ কৰে৷ আমি য'ত আৰু যিধৰণে সুখৰ সংজ্ঞা বিচাৰো, কিছুমানে আকৌ সেয়া অন্যধৰণে লয়৷ আমাৰ গাতে লাগি থকা মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ দাদেংগ্ৰে মহকুমাধিপতি স্বপ্নীল টেম্বে৷ তেওঁ আই এ এছ বিষয়া৷ দুৰ্গম দাদেংগ্ৰেত তেওঁ ভগা-ছিগা স্কুলবোৰ নিজৰ দৰমহাৰ টকাৰে মেৰামতি কৰি আছে৷ চৰকাৰী আঁচনি দাদেংগ্ৰেৰ ওচৰ সহজে নাপায়৷ মহকুমাধিপতি হৈও টেম্বে অসহায়৷
সেইবাবে তেওঁৰ নিজৰ দৰমহাৰে উন্নয়নৰ কামত লাগি গৈছে৷ এজন আই এ এছ বিষয়া হৈ তেওঁ সন্মুখলৈ চাইছে নে ওপৰলৈ চাইছে? তেওঁৰ অৱস্থা স্কট কেলীৰ দৰে নে এজন ধনুৰ্বিদৰ লক্ষ্যভেদ পোন কৰাৰ দৃষ্টিৰ লেখীয়া? এইবোৰ কথাৰ উত্তৰ বিচাৰি পোৱাজনেও লক্ষ্য নিৰ্ধাৰণৰ বেলিকা মধ্যাকৰ্ষণ আৰু মনযোগৰ গুৰুত্ব বুজি পাব৷ নতুন বছৰ এটা যেতিয়া সন্মুখত লক্ষ্যৰ দৃঢ়তাও মজবুত হোৱা উচিত৷
জুমলা
ননছেন্সৰ পৰা বেইমান হ'বলৈ বেছি সময় নালাগিল৷ জৰ্জ বাৰ্নাৰ্ড শ্বই যাক চয়তান বুলি কৈছিল তেওঁলোকেই চয়তানক একাষৰীয়া কৰি বেইমান শব্দটো ব্যৱহাৰ কৰিলে৷ তাকো এনে এজন ব্যক্তিয়ে, যিজন আমাৰ জাতীয় নায়ক৷ অসমত কথাষাৰ ক'লে বেয়া দেখি বাবেই তেওঁ দিল্লীত ক'লেগৈ৷ কপালত তিলক পিন্ধা মানুহজনে মন্ত্ৰ উচ্চাৰণ নকৰাকৈ ভাষণ নিদিয়ে৷ গুৰুমন্ত্ৰ আওৰাই তেওঁ এনে এটা শব্দ কিয় উলিয়ালে সেইটোহে ভাবি পোৱা পোৱা নাই৷
আন এজনে আকৌ সংবাদকৰ্মীক বদমাচ, কুকুৰ বুলিয়েই ক'লে৷ এই কথা সত্য যে, সমাজ জীৱনত বিতৰ্ক সংশয়ৰ সৃষ্টি কৰি আহিছে ৰাজনীতিকবোৰে৷ ৰাজহুৱাকৈ বেয়া শব্দবোৰ, ঘৃণাৰ বাক্যবোৰ প্ৰয়োগ কৰি আহিছে নেতাসকলেই৷ তেওঁলোক নিজেই ৰাজনীতিৰ মহা চয়তান৷ জৰ্জ বাৰ্নাৰ্ড শ্বই ৰাজনীতিৰ পৰা আঁতৰত থাকিও এই চয়তানবোৰক দেখা পাইছিল৷ এতিয়া যিসকলে গালি-গালাজাৰ ৰাজনীতিৰ আশ্ৰয় লৈছে তেওঁলোকে ভিতৰত থাকিয়েই বেইমানবোৰক দেখিছে আৰু নিজেই চয়তান হোৱাৰো অভিজ্ঞতা অৰ্জন কৰিছে৷
সাতাইশ ডিচেম্বৰৰ দিনা তিনিটা দলৰ তিনিগৰাকী ৰাজনীতিকে একেদিনাই একেদিনাই যি চৰিত্ৰ উদঙায়, তাত চয়তানৰ বাবে কাকো বিচাৰি পোৱা নাযায়৷ এটকাক কেতিয়াও লাখ বুলি কোৱা নাযায়৷ কিন্তু লাখৰ পৰা এটকাটো ওলাই গ'লে সেয়া আৰু লাখ হৈ নাথাকে৷ এটকাটোক লগত ৰাখি লাখৰ গৌৰৱ কৰিব পাৰি৷ সেই এটকাটোৱে এতিয়া সততাৰ দৰে হৈ পৰিছে৷ হাততে আছে অথচ কোনো মূল্য নাই, ব্যৱহাৰ নাই৷ একৈশ বছৰৰ মূৰত এখন দলং উদ্বোধন হ'ল৷ বহুত কিবা দিয়া বুলি দিল্লীৱালা ৰে'লে উকি মাৰি গ'ল৷ মহাসেতুখন উদ্বোধন কৰি যাওঁতে সেই উকিটো অসমবাসীয়ে শুনিছিল৷
সেই 'জুমলা'ৰ খচখচনি শুনে আমাৰ দৰে পিচপৰা ৰাজ্যবোৰে৷ ঈষাণন কোণৰ মানুহ আমি৷ অইলৰ গৰিমাৰে নৱৰত্নৰে চহকী আমি৷ তথাপিচোন হা-হুমুনিয়াহ, অথন্তৰ, আপদ আদি লাগিয়েই থাকে৷ তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক বিক্ৰী, কাগজ কল বন্ধ হৈ থকাকে ধৰি নাননটা সমস্যাই জুমুৰি দি থকা সত্বেও দিল্লীৰ জুমলাটো কিন্তু ঠিকেই আহি আছে৷ হোজাৰ কোটিৰে নতুন উদ্যোগ নিৰ্মাণ, মেক ইণ্ডিয়াৰ শ্ল'গান যদি দিবই পাৰে তেন্তে বন্ধ হৈ থকা উদ্যোগবোৰকে নোখোলে কিয়?
ৰজা-মহাৰজাৰ দিনৰ লাগী-এলাগী ৰাণীৰ দৰেই বন্ধ হৈ পৰা আৰু নতুন উদ্যোগ স্থাপনৰ নীতি৷ লাখটকীয়া প্ৰতিশ্ৰুতিভৰা জুমলাৰে চহকী হ'ব খোজা জাতিয়ে হাতত থকা এটকাটোৰ মূল্য পাহৰি গৈছে৷ প্ৰয়াত নেতাৰ স্মৃতিত হেজাৰটকীয়া মুদ্ৰা উলিওৱাৰ দেশত এটকাটোৰ মূল্য আৰু সততা ক'ত? সেই যে চয়তানটো, সেইটো আছে বাবেই কিজানি ননছেন্স, বেইমানবোৰ ওলাই থাকে৷ লাখ-কোটিৰ মাজত লুকাই থকা চয়তানবোৰ এটকাটোৰ মাজেৰে ভুমুকি মৰা আকাশকুসুম লেখীয়া৷ সেইটো ৰাইজে কাহানিও নেদেখা শাসকৰ জুমলাটোৰ দৰেই!