'গছ থাকিলেহে মানুহ থাকিব'- ভাৰতীয়ৰ মাজত এই গানটো জনপ্রিয় হোৱা বহু বছৰ হ'ল। কিন্তু কিছুমান উপলক্ষত আৰু চৰকাৰী হৰ্ডিঙত এই শ্ল'গানটোৰ ব্যৱহাৰ ব্যাপকৰ পৰা ব্যাপকতৰ হৈ গ'লেও সমান্তৰালভাবে সমান গতিত কমি আহিবলৈ ধৰিছে দেশৰ অৰণ্যৰ সংখ্যা। এসময়ৰ জংঘলৰ দেশ অসমত এতিয়া জন্য ঠাইৰ কথা বাদেই ঘোষিত বনাঞ্চল বিলাকৰে বহুতত গছ নাই। গছৰ ঠাইত ইতিমধ্যে স্থাপন হৈছে জনবসতি। তদুপৰি চৰকাৰে বছৰ বছৰ ধৰি বন ৰক্ষাৰ শ্ল'গান দিলেও চৰকাৰী কর্তৃত্বশীল মহলৰ পৃষ্ঠপোষকতাতে দৈনন্দিন অব্যাহত আছে বন ধ্বংস।
সভ্য মানুহৰ বিলাসৰ চাহিদা পূৰণ কৰিবলৈ অৰণ্যবিলাকত নিতৌ চলি আছে গছৰ বলিদান। এয়া কেৱল অসম বা ভাৰতৰ ছবি নহয়। বিশ্বৰ প্রান্তে প্রান্তে একেই দৃশ্যপট। বিশ্বৰ অক্সিজেনৰ সৰ্ববৃহৎ ভঁৰালৰূপে চিহ্নিত আমাজন অৰণ্যত যি হাৰত বন ধ্বংস চলি আছে তথা ৰহস্যজনক বনজুয়ে অৰণ্যখনৰ অস্তিত্বৰ প্ৰতি ভাবুকি নমাইছে তাক লৈ সমগ্র বিশই আজি উদ্বিগ্ন। এনে প্রেক্ষাপটতে গ্রেট ব্রিটেইনৰ স্কটলেণ্ডৰ গ্লাছগো চহৰত চলি থকা ৰাষ্ট্ৰসংঘৰ জলবায়ু সম্মিলন (চিঅ'পি ২৬) ত শতাধিক দেশে গ্ৰহণ কৰিছে ২০৩০ চনৰ ভিতৰত এশ শতাংশ বন ধ্বংস প্ৰতিৰোধৰ সংকল্প।
এই সংকল্পত যি শতাধিক ৰাষ্ট্ৰই ইতিমধ্যে চহী কৰিছে, তাৰ ভিতৰত আমেৰিকা, ইউৰোপিয়ান ইউনিয়নৰ উপৰি আছে ব্রাজিল, ইণ্ডোনেছিয়াৰ দৰে দেশ, য'ত বন ধ্বংস এক সাংঘাতিক প্রত্যাহানত পৰিণত হৈছে। কিন্তু এই সংকল্পপত্ৰত ভাৰতে চহী কৰা নাই। অথচ গ্লাছগো সম্মিলনত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে দিয়া ভাষাত ঘোষণা কৰিছে যে ২০৭০ চনৰ ভিতৰত ভাৰত শূন্য শতাংশ কার্বন নির্গমণৰ লক্ষ্যত উপনীত হ'ব। তদুপৰি তেওঁ কয় যে ২০৩০ চনৰ ভিতৰত দেশত প্ৰয়োজন হোৱা ইন্ধনৰ ৫০ শতাংশই নৱীকৰণযোগ্য শক্তিৰ উৎসৰ পৰা গ্ৰহণ কৰা হ'ব। এই সময়খিনিতে ভাৰতে অজীৱাশ্ম ইন্ধনৰ উৎপাদনৰ পৰিমাণ ৫০০ গিগাৱাটলে বৃদ্ধি কৰিব।
ভাৰতে ৫০ বছৰৰ লক্ষ্য সন্মুখত ৰাখি শূন্য কার্বন নির্গমণৰ কথা কৈছে বা জীবাশ্ম ইন্ধনৰ ব্যৱহাৰ কমাবলৈ বিকল্প শক্তিৰ উৎপাদনৰ ব্যৱস্থা লৈছে যদিও সাম্প্রতিক উষ্ণতা বৃদ্ধিৰ হাৰে সৃষ্টি কৰা ভাবুকিৰ পৰা বিশ্বক ৰক্ষা কৰিবলৈ বিশ্ব সম্প্রদায়ে ঐক্যবদ্ধভাবে আগবঢ়াব খোজা এটা পদক্ষেপত ভাৰতে সমমৰ্মিতা প্রদর্শন কৰিব নোৱাৰিলে। ইয়াৰ পৰাই স্পষ্ট হয় যে উষ্ণতা বৃদ্ধি আৰু বতৰ পৰিবৰ্তনৰ ভয়ংকৰ অৱস্থাৰ পৰা ৰক্ষা পৰিবলৈ প্রয়োজন হোৱা আপোচহীন স্থিতি গ্ৰহণ কৰিবলৈ আমাৰ দেশৰ নেতৃত্ব এতিয়াও সাজু হ'ব পৰা নাই।
কাৰ্বন নির্গমণ ৰোধৰ পৰিমাণ ভাৰতৰ দৰে দেশ এখনে শূন্য শতাংশলৈ নিবলৈ হ'লে কেৱল জীৱাশ্ম ইন্ধনৰ মাত্রা হ্রাস কৰিলেই নহ'ব, বন্ধ হ'ব লাগিব কয়লাচালিত তাপবিদ্যুৎ প্রকল্প তথা অন্য উদ্যোগসমূহ। তদুপৰি পৰিবেশৰ সঞ্চলন ৰক্ষাৰ বাবে বনাঞ্চল ৰক্ষা তথা বৃদ্ধিৰ গত্যন্তৰ নাই। CO2 ভক্ষণ আৰু অক্সিজেন নির্গমণৰ জৰিয়তে জীৱকূলৰ প্ৰাণ ৰক্ষাৰ বাবে প্ৰয়োজনীয় প্রাকৃতিক সন্তুলনৰ প্ৰক্ৰিয়াটো সম্ভৱ কৰি আছে একমাত্র সেউজ উদ্ভিদবোৰেহে।
২০১০ চনত অসমত আছিল ২.৪২ নিযুত হেক্টৰ প্ৰাকৃতিক বনাঞ্চল। ৰাজ্যৰ ভূ-ভাগত এই পৰিমাণ আছিল ৩৩%। কিন্তু ২০২০ চনত ১৭.৮ হেজাৰ হেক্টৰ প্ৰাকৃতিক বনাঞ্চল হেৰাই যায়। এই বনাঞ্চল হ্রাসৰ পৰিমাণ ৪.০৪ মেট্রিক টন কার্বন-ডাই-অক্সাইড নির্গমণৰ সমান। উদ্বেগজনক কথাটো হ'ল ভাৰতে ২০০১ ৰ পৰা ২০২০ চনৰ ভিতৰত ২ নিযুত হেক্টৰ বনভূমি হেৰুৱাইছে আৰু ইয়াৰে তিনি চতুর্থাংশ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ। বছৰি বছৰি বন মহোৎসৱ হৈছে, বৃক্ষৰোপণৰ আন্দোলন হোৱাৰ নিচিনা এক পৰিবেশো ৰচনা কৰা হৈছে। তেনে অৱস্থাতো বনাঞ্চল বৃদ্ধি হওক চাৰি দৈনিক উদ্বেগজনক হাৰত কমিহে গৈ আছে।
গতিকে বন ধ্বংস আৰু বনানীকৰণৰ এই প্ৰক্ৰিয়া দুটাৰ মাজত ক'ৰবাত ৰহস্যজনক বৈষম্য আছে। অন্য বহুত নাটকৰ দৰে বনানীকৰণৰ নামতো হয়তো নাটক চলাই প্ৰকাৰান্তৰে অব্যাহত ৰখা হৈছে লুণ্ঠনৰ এটা প্রক্রিয়া। 'গছ থাকিলেহে মানুহ থাকিব' বুলি শ্ল'গান দিয়া চৰকাৰৰ সন্মুখতে গছৰ হত্যা অব্যাহত ৰখাটো আচলতে মানুহক হত্যাৰে সমতুল্য। এনেকুৱা কিছুমান অন্তর্নিহিত কাৰণৰ বাবেই হয়তো বিশ্বৰ ১১০ খন ৰাষ্ট্ৰই ২০৩০ চনৰ ভিতৰত বন ধ্বংস সম্পূর্ণৰূপে ৰোধ কৰিব বুলি লোৱা সংকল্পত ভাৰতে সমমর্মিতা প্রকাশ কৰিব নোৱাৰিলে। বন ধ্বংস ৰোধৰ সংকল্প ৰূপায়ণৰ বাবে বিশ্বই ১৯.২ বিলিয়ন ডলাৰৰ এক পুঁজি ব্যৱহাৰ কৰিব। ভাৰত ইয়াৰ পৰা বঞ্চিততো হ'বই, অনাগত দিনত অন্য কিছুমান কঠোর প্রতিবন্ধকতাৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে।