জলবোমাৰ ভাবুকি

জলবোমাৰ ভাবুকি

যুক্তিসংগত কাৰণতে লখিমপুৰ-অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোক আখ্যা দিয়া হৈছে জলবোমা হিচাপে। সুদীৰ্ঘ দিন ধৰি এই 'জলবোমা' সদৃশ জলবিদ্যুৎ প্ৰকল্পটো বন্ধ কৰিবলৈ অসমবাসীয়ে দাবী জনাই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিচতো আঁকোৰগোজ কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবাদক গ্ৰাহ্য নকৰি ইতিমধ্যে ইয়াৰ নিৰ্মাণকাৰ্যৰ প্ৰায় ৭৫ শতাংশ সম্পূৰ্ণ কৰিছে। ফলত এই প্ৰকল্পটো অচিৰেই সম্পূৰ্ণ হৈ উঠিব আৰু উৎপাদন কৰিব নিৰ্ধাৰিত ২,০০০ মেগাৱট বিদ্যুৎ।

সকলো ঠিকে-ঠাকে থাকিলে অতি কম দিনৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰৰ সপোন বাস্তৱত পৰিণত হ'ব ঠিকেই, কিন্তু এই প্ৰকল্পটো অনন্ততকাললৈ এটুকুৰা ঘাৰ দৰে হৈ থাকিব অসমবাসীৰ বাবে, বিশেষকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰপৰীয়া বাসিন্দাসকলৰ বাবে। এই বৃহৎ বিদ্যুৎ প্ৰকল্পটোৰ নামনি ভাগৰ বৃহৎ এলেকাৰ জনসাধাৰণৰ অদূৰ ভৱিষ্যতে কি গতি হ'ব পাৰে যোৱা চাৰি দিন অৰুণাচলৰ পৰা নামি অহা পানীৰ ধলে নিৰ্মীয়মাণ প্ৰকল্পটোত সৃষ্টি কৰা ভয়ানক পৰিস্থিতিয়েই ইংগিত দিছে।

যোৱা ২৬ আগষ্টৰ পৰা অহা পানীৰ এই তীব্ৰবেগী ধল জলবিদ্যুৎ প্ৰকল্পটোৰ মূল বান্ধৰ দুফুট ওপৰেদি বাগৰি পৰাৰ ফলত ডাইভাৰ্ছন টানেলৰ এছোৱা বিধ্বস্ত হোৱা বুলি জানিব পৰা গৈছে। পানীৰ গতি ইমানেই বেছি যে প্ৰকল্পটোৰ ৮ টা ডাইভাৰ্ছন টানেলে পানী বহন কৰিবলৈ অক্ষম হোৱা বাবেই মূল বান্ধৰ ওপৰেদি ব'বলৈ ধৰে পানীৰ সোঁত। জানিব পৰা মতে নামি অহা পানীৰ ধলৰ গতি আছিল প্ৰতি ছেকেণ্ডত ১৬ হেজাৰ কিউবিক মিটাৰ।

এই ভয়াবহ পৰিস্থিতিত প্ৰকল্পটোৰ ভিতৰভাগত প্ৰকৃততে কি হৈছে তাৰ বিশদ তথ্য প্ৰকাশ পোৱা নাই, কাৰণ প্ৰকল্পটোত বাহিৰৰ মানুহক সোমাবলৈ এন এইচ পি চি কৰ্তৃপক্ষই অনুমতি দিয়া নাই। যোৱা শনিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সঁজাতী দল এটাই প্ৰকল্পথলীৰ অৱস্থাৰ বুজ লবলৈ সেই চৌহদত প্ৰৱেশ কৰিব খুজিছিল, কিন্তু এন এইচ পি চি কৰ্তৃপক্ষই তেওঁলোকক গে'টৰ ভিতৰলৈ সোমাবলৈ নিদিলে।

ইয়াৰ পৰাই অনুমান কৰিব পাৰি ভিতৰৰ পৰিস্থিতি কিমান জটিল হ'ব পাৰে। এই পৰিস্থিতিৰ পৰাই ইয়াকো অনুমান কৰিবলৈ কঠিন নহ'ব যে আগন্তুক দিন বোৰত উক্ত অঞ্চলৰ নদীপৰীয়া ৰাইজে কেনেকৈ চুলিত জিউটো বান্ধি দিন অতিবাহিত কৰিবলগীয়া হ'ব!আৰম্ভণিৰ পৰাই এই স্পৰ্শকাতৰ প্ৰকল্পটোৰ বিৰুদ্ধে প্ৰতিবাদ হৈ আহিছে। কংগ্ৰেছৰ আমোলত এই প্ৰকল্প নিৰ্মাণৰ সূচনা হৈছিল, বিজেপিৰ আমোলত ইয়াক সম্পূৰ্ণ কৰিবলৈ যুদ্ধকালীন তৎপৰতা অৱলম্বন কৰা হৈছে।

অৰুণাচলৰ পৰা নামি অহা পানীৰ ধলৰ তাণ্ডৱ আৰম্ভ হোৱাৰ দুদিন পূৰ্বে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শক্তি দপ্তৰৰ ৰাজ্য মন্ত্ৰী কৃষ্ণপাল গুৰজৰে উক্ত প্ৰকল্প পৰিদৰ্শন কৰি ডিচেম্বৰৰ ভিতৰতে নদীবান্ধৰ কাম সম্পূৰ্ণ কৰিবলৈ এন এইচ পি চি কৰ্তৃপক্ষক কঠোৰ নিৰ্দেশ দিছে।

গতিকে বুজা যায় অসমবাসীৰ জীৱন-মৰণৰ প্ৰশ্ন জড়িত থকা এই প্ৰকল্পটোক লৈ কংগ্ৰেছ আৰু বিজেপিৰ নীতিৰ পাৰ্থক্য নাই। কিন্তু কৌতুকৰ কথাটো হ'ল বিৰোধী পক্ষত থকাৰ সময়ত বিজেপিও নদীবান্ধ বিৰোধী সংগ্ৰামৰ অংশীদাৰ আছিল আৰু বৰ্তমানৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও আনকি এনে এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।মাজতে প্ৰতিবাদৰ বাবে অগ্ৰগতি স্থবিৰ হৈ থাকিলেও ক'ভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা লকডাউন আৰু নিষেধাজ্ঞাৰে জনসাধাৰণ গৃহ বন্দী হৈ থাকিবলগীয়া হোৱাৰ সময়তে কৰ্তৃপক্ষই যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম কৰি প্ৰকল্পটোৰ ৭৫ শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ কৰি পেলাইছে।

ৰাইজে প্ৰতিবাদ কৰিছিল এই প্ৰকল্পই সৃষ্টি কৰিব পৰা প্ৰলয়ৰ আশংকাত, ৰাইজে প্ৰতিবাদ কৰিছিল প্ৰকল্পটোৱে নষ্ট কৰিব পৰা জীৱ-বৈচিত্ৰ্যৰ দিশটোলৈ আঙুলিয়াই। কেন্দ্ৰীয় চৰকাৰে তালৈ মুঠেও গুৰুত্ব দিয়া নাই। ৰাইজে নৈপৰীয়া মানুহে সন্মুখীন হ'ব পৰা নিৰাপত্তাহীনতাৰ দিশটোৰ এটা মীমাংসাৰ দাবী জনাই আহিছে, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ভ্ৰুক্ষেপ নাই। তাৰ বিপৰীতে ছনকা পাহাৰৰ দুৰ্বল গাঁথনিৰ মাজত বৃহৎ প্ৰকল্প এটা নিৰ্মাণ কৰি কেন্দ্ৰীয় চৰকাৰে মাত্ৰ নিজৰ লাভালাভকহে গুৰুত্ব দিছে।

এই প্ৰকল্পৰ পৰা অৰুণাচলে বিনামূল্যে ২০০ মেগাৱাট বিদ্যুৎ পোৱাৰ বিপৰীতে অসমে পাব মাত্ৰ ২৫ মেগাৱট। আৰু তাৰ বিনিময়ত অনবৰত বহন কৰিব লাগিব ভয়াবহ বিপৰ্যয়ৰ শংকা। ভৱিষ্যতে কি ঘটিব তাৰ ইংগিত পোৱা গৈছেই। এতিয়া মাথোঁ সময়ৰ অপেক্ষা। ক্ষুদ্ৰ বান্ধ একোটাই কেনে বিপৰ্যয় নমাব পাৰে কাষৰীয়া ৰঙানদীপ্ৰকল্পই জোলোকা-জোলাকে পানী খুৱাই লখিমপুৰবাসীক বাৰুকৈয়ে শিকাইছে।

তেনেস্থলত গেৰুকামুখৰ প্ৰকল্পটোৰ ধ্বংসলীলাৰ মাত্ৰা কিমান বেছি হ'ব পাৰে তাক বুজিবলৈ পৰিসংখ্যাৰ প্ৰয়োজন নাই। তথাপি কেন্দ্ৰীয় চৰকাৰ অলৰ-অচৰ, অনমনীয় এন এই পি চি। কেন্দ্ৰৰ শ্ৰুতলিপি একান্ত বাধ্য ছাত্ৰৰ দৰে মানি অসম চৰকাৰে সমৰ্থন দি গৈছে এই জলবোনাসদৃশ প্ৰকল্পলৈ। সামগ্ৰিক পৰিস্থিতিলৈ লক্ষ্য ৰাখি ক'ব পাৰি অসমবাসীৰ প্ৰতিবাদ অৰণ্য ৰোদনত পৰিীণত হৈছেই। এই প্ৰকল্প বন্ধ হোৱাৰ আশা নাই। গতিকে বিপৰ্যয়ো অৱধাৰিত। ভৱিষ্যতৰ এই বিপৰ্যয়ৰ নৈতিক দায়িত্ব ল'ব লাগিব কেন্দ্ৰ আৰু অসম চৰকাৰে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in