ফেচীবাদৰ পূৰ্বাভাস!

ফেচীবাদৰ পূৰ্বাভাস!

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

কেন্দ্ৰীয় চৰকাৰ কৰ্প'ৰেটনিৰ্ভৰ অৰ্থনীতিৰ সমালোচনা কৰাসকল, দেশৰ বিভিন্ন প্ৰান্তত দলিত, ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলা দমন-নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে থিয় দিয়া সকল আৰু হিন্দুত্ববাদী সংগঠনৰ অসহিষ্ণুতামূলক প্ৰচাৰক গৰিহণা দিয়া সকলক 'আৰবান নক্সাল' অৰ্থাৎ চহৰৰ মাওবাদী আখ্যা দিয়া হৈছে নেকি? সম্প্ৰতি এই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে দেশৰ একাংশ বুদ্ধিজীৱী, লেখক, কবি-সাহিত্যিকৰ দ্বাৰা পৰিবেষ্টিত চিন্তাশীল মহলৰ দ্বাৰা।

Advertisment

যোৱা মঙলবাৰে মহাৰাষ্ট্ৰৰ পুনে আৰক্ষীয়ে দেশৰ ৫খন ৰাজ্যৰ অন্তৰ্গত ৭খন চহৰৰ পৰা ৫গৰাকীকৈ বিশিষ্ট লেখক, বাওঁপন্থী চিন্তাবিদ আৰু মানৱাধিকাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ লগতে আন কেইবাজনো প্ৰতিষ্ঠিত বু্দ্ধিজীৱীৰ ঘৰত অভিযান চলোৱাৰ দৰে অভূতপূৰ্ব ঘটনাৰ পৰিপ্ৰেক্ষিততে এই ধৰণৰ প্ৰশ্ন এতিয়া মুকলি মঞ্চত উত্থাপন হৈছে। অৰুন্ধতী ৰয়, ৰামচন্দ্ৰ গুহৰ দৰে লেখক-বুদ্ধিজীৱীয়ে মুকলিভাৱেই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এইক্ষেত্ৰত সৰৱ হৈ পৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে যদিও ঘটনাটো মহাৰাষ্ট্ৰৰ তথাপি তাৰ প্ৰতিক্ৰিয়া দেশব্যাপী হৈছে। এইক্ষেত্ৰত কঠোৰ সমালোচনাৰ লক্ষ্য হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। অৰ্থাৎ সমগ্ৰ বিষয়টো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰা হৈছে। উল্লেখ্য যে, পুনে আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা এই লোকসকলক প্ৰায় ৮ মাহ আগতে ৰাজ্যখনৰ ভীমা কুৰেগাঁৱত অনুষ্ঠিত দলিতসকলৰ বিজয় দিৱসত হোৱা হিংসাত্মক ঘটনা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হত্যাৰ পৰিকল্পনা কৰা মাওবাদীৰ পৰিকল্পনাৰ সৈতে সাঙোৰা হৈছে।

কিন্তু যিকেইগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ বিৰুদ্ধে এনেধৰণৰ কোনো প্ৰত্যক্ষ অথবা পৰোক্ষ অভিযোগ নাই যে তেওঁলোক তেনেধৰণৰ হিংসাত্মক প্ৰৱণতাৰ সৈতে জড়িত। ইতিমধ্যে তেওঁলোকৰ গ্ৰেপ্তাৰৰ পিছৰ পৰ্যায়ত এই বিষয়ে ব্যাপক চৰ্চাও হৈছে। সুধা ভৰদ্বাজ, বাৰবাৰা ৰাও, গৌতম নাভলাখা, ভাৰ্ণন গঞ্জালভিছ, অৰুণ ফাৰেইবাৰ দৰে গ্ৰেপ্তাৰ হোৱা এইসকল ব্যক্তিয়ে ইতিমধ্যে বিভিন্ন সামাজিক ক্ষেত্ৰত প্ৰভূত বৰঙণি যোগাই আহিছে।

সেই সূত্ৰেই তেওঁলোকৰ সামাজিক ভিত্তিক পোনছাটেই অস্বীকাৰ কৰাটো চৰকাৰৰ পক্ষে সহজসাধ্য নহ'ব। উদাহৰণস্বৰূপে গোৱা ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ অধ্যাপক তথা বিশিষ্ট লেখক আনন্দ তেলটুম্বেৰ দৰে প্ৰসিদ্ধ  দলিত বুদ্ধিজীৱীৰ ঘৰতো আৰক্ষীয়ে অভিযান চলাইছে, যিয়ে ভীমৰাও আম্বেদকাৰৰ ওপৰত গৱেষণামূলক অধ্যয়ন  চলাই ইতিমধ্যে দেশজুৰি খ্যাতি অৰ্জন কৰিছে। এইসকল ব্যক্তিক সন্ত্ৰাসবাদ অথবা দেশবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে যদিও তেওঁলোকৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত তদন্তকাৰী সংস্থাবোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত।

অৱশ্যে ৰাষ্ট্ৰ ব্যৱস্থাই বিচাৰিলে এজন ব্যক্তিৰ বিৰুদ্ধে তথ্যপ্ৰমাণ আদি নোহোৱাকৈ অথবা ভুৱা তথ্যপ্ৰমাণ নিৰ্মাণ কৰি বছৰৰ পিছত বছৰ ধৰি জে'লত ভৰাই ৰখাৰ দৃষ্টান্ত আমাৰ দেশত নোহোৱা নহয়। কিন্তু ইয়াৰ দ্বাৰা এজন নাগৰিকৰ মানৱাধিকাৰ যে চূড়ান্তভাৱে খৰ্ব কৰা হয় সেই কথা উপলব্ধি কৰাত চৰকাৰৰ অপাৰগতাইহে ফেচীবাদী প্ৰৱণতাৰ পূৰ্বাভাস দিয়ে।

প্ৰসিদ্ধ ইতিহাসবিদ ৰামচন্দ্ৰ গুহৰ ভাষ্য এই ক্ষেত্ৰত প্ৰণিধানযোগ্য। তেওঁ স্পষ্টভাৱেই কৈছে যে ছত্তীশগড়ৰ দৰে ৰাজ্যৰ আদিবাসী অঞ্চলত প্ৰাকৃতিক সম্পদ লুণ্ঠন প্ৰক্ৰিয়া প্ৰতিহত কৰা আৰু আদিবাসী অধিকাৰৰ স'তে যুঁজ দিয়াসকলক বাটৰ কাইট হিচাপে আঁতৰাই দিয়াটোৱেই চৰকাৰৰ গেমপ্লেন। তাৰ অংশ হিচাপেই সুধা ভৰদ্বাজৰ দৰে মানৱাধিকাৰ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি গুহই মন্তব্য কৰিছে।

ইফালে শাসক পক্ষই ব্যৱহাৰ কৰা 'আৰবান নক্সাল' অভিধাটোৰ জৰিয়তে চহৰৰ মধ্যবিত্ত শিক্ষিত যুৱক-যুৱতীসকলৰ ক্ষোভ-অসন্তোষক মাওবাদীৰ লেবেল লগাব বিচাৰিছে বুলিও তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গুহৰ মতে চৰকাৰে অতি পৰিকল্পিতভাৱে আদিবাসী অঞ্চলত পুঁজিপতি গোষ্ঠীৰ লুণ্ঠন প্ৰক্ৰিয়া আৰু অধিক ত্বৰান্বিত কৰিবলৈ তৎপৰ হৈ উঠিছে।

আমি ভাবো এইধৰণৰ কৰ্মকাণ্ডৰ দ্বাৰা দেশৰ জ্বলন্ত সমস্যাৰাজি সমাধানৰ ক্ষেত্ৰত বিফল প্ৰতিপন্ন হোৱা শাসকৰ হতাশাৰেই প্ৰতিফলন ঘটিছে। অৱশ্যে এই হতাশাই যদি সময়ত ফেচীবাদৰ ৰূপ লয় তেন্তে তাক ৰোধ কৰিবলৈ জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰতিবাদৰো বিকল্প নাই।