/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
পুঁজিবাদ আৰু বিশ্বায়নকেন্দ্ৰিক অৰ্থনীতিৰ স্বাৰ্থতে সম্প্ৰতি দেশৰ শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাক ব্যক্তিগত খণ্ডৰ সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ লৈ যোৱা হৈছে। চৰকাৰে যিমানে জনকল্যাণকামী আঁচনিৰ কথা ঘোষণা নকৰক কিয়, মূৰকত গৈ জনসাধাৰণৰ স্বাস্থ্য আৰু শিক্ষাৰ মৌলিক অধিকাৰো কৰ্প'ৰেট খণ্ডৰ হাতলৈ গুচি গৈছে। বিকাশ-উন্নয়নৰ যি মন্ত্ৰ আওৰোৱা হৈছে, সেয়া কেৱল পুঁজিপতি-কৰ্প'ৰেট গোষ্ঠীৰ মুনাফাকেন্দ্ৰিক বজাৰক লক্ষ্য কৰিহে ৰচনা হৈছে।
যাৰফলত চৰকাৰে শিক্ষা-স্বাস্থ্যৰ দৰে অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰত মুঠ ঘৰুৱা উৎপাদনৰ পৰা যৎসামান্য ব্যয় কৰিয়েই ক্ষান্ত থাকিবলগাত পৰিছে। বিগত দহ বছৰমানৰ ভিতৰতে সমগ্ৰ দেশৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডত ব্যক্তিগত খণ্ডৰ বৃহৎ বজাৰ সৃষ্টি হৈছে। গতিকে অসমৰ দৰে ৰাজ্যত চৰকাৰী খণ্ডৰ বিদ্যালয়বোৰক ধ্বংস কৰাৰ পৰিকল্পিত আঁচনিৰ বাবে সামগ্ৰিকভাৱে দিল্লী-দিছপুৰৰ কৰ্প'ৰেট নিৰ্ভৰ অৰ্থনীতিকে জগৰীয়া কৰিব লাগিব। ৰাজ্যৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি নামি অহা সংকট আৰু চৰকাৰী খণ্ডৰ শিক্ষাৰ বিপৰ্যয়ৰ মূল কাৰণ হৈছে নতুন দিল্লীয়ে কাৰ্যকৰী কৰা নব্য উদাৰবাদী অৰ্থনীতি, যাৰ মূল উদ্দেশ্যই হৈছে- দেশী-বিদেশী বহুজাতিক গোষ্ঠীবোৰৰ ব্যৱসায় বৃদ্ধি কৰা আৰু প্ৰয়োজনত থলুৱাৰ জাতীয় আৱেগ-অনুভূতি, ভাষা-সংস্কৃতিক নস্যাৎ কৰি হ'লেও সৰ্বভাৰতীয় আগ্ৰাসন নমাই অনা।
কেৱল অসমতে নহয়, পশ্চিমবংগ, তামিলনাডু, ওড়িশা আদি ৰাজ্যতো থলুৱাৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়বোৰৰ অৱস্থা সংকটাপন্ন হৈ পৰিছে। কাৰণ এটাই- ক্ৰমান্বয়ে বহুজাতিক গোষ্ঠীৰ নিয়ন্ত্ৰণাধীন হৈ পৰা শিক্ষা ব্যৱস্থাত থলুৱাৰ মাতৃভাষা গুৰুত্বহীন হৈ পৰাটো অৱধাৰিত। কেন্দ্ৰীয় চৰকাৰে টাটা-বিৰলা, আম্বানি-আদানি অথবা মাৰ্কিন কোম্পানীক দেশব্যাপী বিদ্যালয়, বিশ্ববিদ্যালয় আদি স্থাপন কৰিবলৈ অনুমতি দিব আৰু অসমৰ জকাইচুকীয়া গাঁৱৰ চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ চলি থাকিব- এনে কথা হ'ব নোৱাৰে। আচলতে ৰাজ্য চৰকাৰেও পৰ্যায়ক্ৰমে চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাৰ পৰা অতি কৌশলেৰে দায়-দায়িত্ব এৰাৰ বাবে তৎপৰ হৈ পৰিছে।
অইন নালাগে, আনকি মন্ত্ৰী-বিধায়কৰ উদ্যোগতে এতিয়া ব্যক্তিগত খণ্ডৰ চিকিৎসালয়, বিদ্যালয় আদি স্থাপন হ'ব ধৰিছে। কিন্তু প্ৰশ্ন হয়, যদিহে বিদ্যালয়-বিশ্ববিদ্যালয় আদি অনুষ্ঠান-প্ৰতিষ্ঠানবোৰ ব্যক্তিগত খণ্ডৰ হাতলৈ গুচি যায়, তেন্তে চৰকাৰৰ শিক্ষা বিভাগটোৰ হাতত কি কাম থাকিব? নামত চৰকাৰী খণ্ডৰ বিদ্যালয়বোৰত কোটি কোটি টকা ব্যয় কৰা দেখুওৱা হৈছে যদিও প্ৰকৃততে ৰাজ্যৰ মুঠ বাজেটত ৰাজহুৱা খণ্ডৰ শিক্ষাৰ বাবে কিমান ধন ধাৰ্য কৰা হয়, সেয়াও ভাবি চাবলগীয়া বিষয়!
কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতি ঘৰে ঘৰে বিজুলী সংযোগ স্থাপন কৰাৰ কথা কৈছে, কিন্তু আজিও আমাৰ দেশৰ বেছিভাগ চৰকাৰী বিদ্যালয়তে বিদ্যুতৰ ব্যৱস্থা নাই। প্ৰায়ভাগ ৰাজ্যতে এতিয়া মধ্যবিত্ত পৰিয়ালৰ সন্তানে চৰকাৰী খণ্ডৰ বিদ্যালয়ত পঢ়া-শুনা নকৰে। দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ নিম্ন বিত্ত, গৰিৱ-দুখীয়াৰ ল'ৰা-ছোৱালীখিনিহে উপায়বিহীন হৈ চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। আমাৰ অসমতো এদিন এনে অৱস্থা আহি পৰিব, যেতিয়া হয়তো অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় বুলি কোনো এক অনুষ্ঠানেই নাথাকিব। অৱশ্যে সকলো কথা নিৰ্ভৰ কৰিব চৰকাৰৰ নীতিৰ ওপৰতহে।
উদাহৰণস্বৰূপে দিল্লী ৰাজ্যৰ কথাই ক'ব পাৰি। দিল্লীৰ আম আদমী পাৰ্টি চৰকাৰে যোৱা তিনি বছৰৰ ভিতৰতে নিষ্ঠাসহকাৰে চৰকাৰী বিদ্যালয়বোৰৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ কাম সম্পন্ন কৰিছে। ফলত এতিয়া তাত চৰকাৰী বিদ্যালয়বোৰ জাকতজিলিকা হৈ পৰিছে। দিল্লীৰ সকলো শ্ৰেণীৰ লোকে চৰকাৰী বিদ্যালয়বোৰত ল'ৰা-ছোৱালীক পঢ়ুওৱাৰ বাবে হেতা-ওপৰা লগাইছে। আমাৰ অসমত এই কথা কল্পনাই কৰিব নোৱাৰি।
অসমৰ চৰকাৰী খণ্ডৰ ঐতিহ্যমণ্ডিত বিদ্যালয়বোৰো আনকি জহি-খহি যাবলৈ ধৰিছে। ৰাজ্য চৰকাৰে ঠিকাভিত্তিক শিক্ষক নিযুক্তি, বিদ্যালয় একত্ৰীকৰণ আঁচনি আদিৰ অচিলাৰে পৰ্যায়ক্ৰমে চৰকাৰী খণ্ডৰ বিদ্যালয়বোৰ ধ্বংস কৰাৰ কামতে লাগি পৰিছে যেন ধাৰণা হয়। ভেন্সাৰ স্কুলবোৰৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰ দুৰ্দশাৰ আঁৰতো চৰকাৰৰ তেনে মনোবৃত্তিয়েই ক্ৰিয়া কৰিছে। মুঠতে শাসন ক্ষমতা যিসকলৰ হাতত আছে, তেওঁলোকৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন নহ'লে, অসমৰ দৰে ৰাজ্যতো শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হোৱাৰ আশা কৰাটো এক অলীক কল্পনাহে মাথোঁ।