/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/editorial-image.jpg)
চৌদিশে অস্থিৰতাপূৰ্ণ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক পৰিবেশ অব্যাহত থকা অৱস্থাতে সোমবাৰে ৰাষ্ট্ৰসংঘই বিশ্ব জনসংখ্যা দিৱসৰ দিনটোত এটা উদ্বেগজনক বাৰ্তা দি কৈছে যে অহা বছৰত অৰ্থাৎ ২০২৩ চনত চীনক অতিক্ৰম কৰি ভাৰত হ'ব বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যাৰ দেশ। অন্য সকলো দিশতে পিচপৰি থকা আমাৰ দেশখন জনসংখ্যাৰ ক্ষেত্ৰত সকলোতকৈ আগবঢ়াৰ অৰ্থ কি বা ইয়াৰ পৰিণতি কি, সেয়া সাধাৰণ জ্ঞান-বুদ্ধিৰেই উপলব্ধি কৰিব পাৰি। আজিৰ তাৰিখত ভাৰতবৰ্ষৰ জনসংখ্যাই ১৪০ কোটিৰ সীমা স্পৰ্শ কৰিছে।
চীনৰ প্ৰায় ১৪৪ কোটি। অৰ্থাৎ ৰাষ্ট্ৰসংঘই কৰা ভৱিষ্যদ্বাণীমতে ২০২৩ চনলৈ ভাৰতৰ জনসংখ্যা বৃদ্ধি পাই ১৫০ কোটিৰ ওচৰা-উচৰি হ'বগৈ। এই সময়ছোৱাত বিশ্বৰ জনসংখ্যা হ'বগৈ ৮০০ কোটি। আজিৰ বিশ্বত যি অস্থিৰতাৰ সৃষ্টি হৈছে তাৰ মূল কাৰণটোৱেই হৈছে জনসংখ্যাৰ বিস্ফোৰণ। জনসংখ্যা বৃদ্ধিৰ লগে লগে বিশ্বৰ সামাজিক-অৰ্থনৈতিক অৱস্থাৰ লগে লগে প্ৰাকৃতিক পৰিবেশো ভাৰসাম্যহীন হৈ পৰিছে। সকলোৱেই জনা কথা যে মানুহৰ সংখ্যা মানেই খাদ্যৰ চাহিদা বৃদ্ধি; পানী, ঘৰ, ইন্ধন, শক্তি, স্বাস্থ্য সেৱা, পৰিবহণ আদি দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী-সেৱাৰ চাহিদা বৃদ্ধি। এই প্ৰতিবিধ চাহিদাৰ জোৰা মাৰিবলৈ আমি নিৰ্ভৰ কৰিবলগীয়া হয় প্ৰকৃতিৰ ওপৰত।
ভূপৃষ্ঠৰ উপৰিভাগত পানী কমি গৈছে। সেয়েহে আমি নিৰ্ভৰ কৰিবলগীয়া হয় প্ৰকৃতিৰ ওপৰত। ভূপৃষ্ঠৰ উপৰিভাগত পানী কমি গৈছে। সেয়েহে আমি গুৰুত্ব দিবলগা হৈছে ভূগৰ্ভস্থ পানীৰ উত্তোলনত। ঘৰ সাজিবলৈ বালি-শিল-ইটা, কাঠ-বাঁহ-বেত, খেৰ, টিনপাট লাগে; আমি লগে লগে প্ৰকৃতিৰ ওপৰত চলাই দিছো নিৰ্বিবাদ-নিৰ্দ্বিধাৰ অভিযান। যাতায়ত কৰিবলৈ বাহনত ইন্ধন লাগে, আমি ভূ-গৰ্ভৰ জীৱাশ্ম ইন্ধন খনন কৰি, ব্যৱহাৰ কৰি প্ৰকৃতিত অবাধে মেলি দিছো ক্ষতিকাৰক গ্ৰীন হাউছ গেছ। বিজুলী শক্তি লাগে, পৰিণতিলৈ ভ্ৰূক্ষেপ নকৰি নিৰ্মাণ কৰিছো খৰস্ৰোতা নদী ভেটি ইটোৰ পিচত সিটো নদীবান্ধ।
অৰ্থাৎ মানুহৰ সংখ্যা বৃদ্ধি পাই গৈ থকাৰ লগে লগে প্ৰকৃতিৰ ওপৰত আক্ৰমণৰ মাত্ৰাও বৃদ্ধি পাই গৈ আছে। গছ কমি গৈ থকা তথা জলাধাৰৰ সংখ্যা কমি গৈ থকাৰ লগে লগে হ্ৰাস পাই গৈ আছে অক্সিজেন সৃষ্টিৰ উৎস। মানুহ বৃদ্ধি পাই গৈ থকা মানে বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি। অংকটো দুয়ে দুয়ে চাৰিৰ দৰে সৰল। অৰ্থাৎ মানুহৰ বৃদ্ধি মানেই জীৱন জটিল হৈ গৈ থকা, ধৰিত্ৰীখন মৃত্যু উপত্যকাত পৰিণত হৈ গৈ থকা।
আটাইতকৈ পৰিতাপৰ কথাটো হৈছে জনসংখ্যা বৃদ্ধিৰ এই গুৰুতৰ পৰিস্থিতটোৰ আটাইতকৈ বেছি ভুক্তভোগী হ'বলগা হৈছে বা অদূৰ ভৱিষ্যতে আৰু অধিক সংকটৰ সন্মুখীন হ'বলগা হ'ব আমাৰ দেশখনে। কাৰণ আমিয়েই হ'ম বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ। জনসংখ্যা বৃদ্ধিৰ পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰা অৱস্থাতো আজি আমি নিৰ্বিকাৰ। ভাগ্যক ধিয়াই আমি বৃজ্ধি কৰি আছো জনসংখ্যা।
এতিয়াও আমাৰ দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ ০.৯৭ শতাংশৰ পৰা .০৯৫ শতাংশৰ ভিতৰত আছে। অথচ চীনৰ দৰে বৃহৎ জনসংখ্যাৰ দেশে কঠোৰ স্থিতি লৈ বছৰে বছৰে জনসংখ্যা বৃদ্ধিৰ হাৰ ০.৫ শতাংশকৈ কমাই আছে। আজিৰ তাৰিখত দেশখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ০.২৯ শতাংশ। জনসংখ্যা বৃদ্ধিৰ এই পৰিস্থিতত আচলতে দেশৰ নেতৃত্বৰ এখন স্বচ্ছ-সবল-ভৱিষ্যদৰ্শী আঁচনিৰ প্ৰয়োজন আছিল। প্ৰথম কথা, এই বৰ্ধিত জনসংখ্যাক কেনেদৰে ব্যৱহাৰ কৰা হ'ব আৰু দ্বিতীয় কথা, জনসংখ্যা বৃদ্ধিৰ লগে লগে বাঢ়ি অহা দ্ৰব্য সেৱাৰ অতিৰিক্ত চাহিদা কেনেকৈ পূৰণ কৰা হ'ব?
সাধাৰণ দৃষ্টিত হিতাধিকাৰীকেন্দ্ৰিক আঁচনি কিছুমানৰ বাদে অন্য কোনো বিশেষ আঁচনি চকুত নপৰে যি দেশৰ বৰ্ধিত জনসংখ্যাক আৰ্থিক-সামাজিক নিৰাপত্তা দিব পাৰে। আজি শ্ৰীলংকাত যি ঘটি আছে, সেইবোৰে আচলতে উল্লিখিত পৰিস্থিতৰে এক স্বাভাৱিক পৰিণতি। যদি এতিয়াই সতৰ্ক হোৱা নাযায় সঠিক আঁচনি আৰু ব্যৱস্থাৰে বৰ্ধিত জনসংখ্যাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চিন্তা-কৰ্ম আগবঢ়াই নিয়া নহয়, তেনেহ'লে এই জনসংখ্যাৰ বিস্ফোৰণৰ পৰিণতি আণৱিক বোমাৰ বিস্ফোৰণতকৈও ভয়াৱহ হোৱাৰ আশংকা থাকিব।