Advertisment

দেশৰ দুৰ্দশা…

দেশৰ দুৰ্দশা…

author-image
asomiyapratidin
New Update
অস্তমিত মহাতাৰকা

কথাতে কম যে কাষৰ ঘৰত জুই লাগিলে প্রতিবেশীসকলে অধিক তৎপৰতা অৱলম্বন কৰাটো জৰুৰী। প্রথম কথা, সকলোৱে মিলি জুই নুমুৱাৰ চেষ্টা চলোৱাৰ লগে লগে নিজৰ ঘৰটোতো যাতে কেনেবাকৈ জুইৰ ফিৰিঙতিয়ে খাণ্ডবদাহৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে প্ৰতিৰোধমূলক ব্যবস্থা লোৱাৰ প্রয়োজন সর্বাধিক। নহ'লে নিজেও একে বিপদত পৰাৰ আশকো বিদ্যমান।

Advertisment

প্রতিবেশীৰ দুখ-দুর্দশা, আপদ বিপদৰ খা-খবৰ লোৱা উচিত, তাৰ লগে লগে নিজেও তেনে বিপদৰ পৰা সাবধানতা অবলম্বন কথাটো বুদ্ধিমানৰ কাম। কিন্তু আমাৰ প্রতিবেশী ৰাষ্ট্র শ্রীলংকাৰ অর্থনৈতিক বিপৰ্যয়ৰ ক্ষেত্ৰত আমি সেইখিনি কৰিবলৈ সক্ষম হোৱা নাই। এইকেইদিন সংবাদ মাধ্যমৰ শিৰোনাম দিয়া হৈছে এইদৰে যে শ্রীলংকাৰ দৰেই ভাৰতো অর্থনৈতিকভাবে দেউলীয়া হ'ব। কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা জনমোহিনী আঁচনিয়ে দেশত আর্থিক বিপর্যয় নমাই আনিব বুলিও পূর্বানুমান কৰা হৈছে।

খোদ প্রধানমন্ত্ৰীৰ সন্মুখত কেন্দ্রীয় চৰকাৰৰ শীর্ষ প্রশাসনিক বিষয়াই সকীয়নি দি কৈছে যে অর্থনৈতিকভাবে অগ্রহণীয় আঁচনি ৰূপায়ণৰ ফলত দেশত শ্রীলংকাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। কিন্তু আমি নাভাবো যে শাসকপঞ্চই এই বিষয়বোৰত সঠিক গুৰুত্ব প্ৰদান কৰিব। ধাৰাবাহিকভাবে নির্বাচনত জয় সাব্যস্ত কৰাৰ পিচত সেই একেই আগ্রাসী ৰাজনীতিৰে কেন্দ্ৰ আৰু ৰাজ্য শাসন কৰা বৰ্তমানৰ মূল শাসক দলটোৱে তেওঁলোকৰ এচাম অনুগত বাহিনীৰ দ্বাৰা জনসাধাৰণৰ মূল সমস্যাবোৰ পাহৰাই ৰখাৰহে চক্ৰান্ত ৰচিছে।

অত্যাবশ্যকীয় সামগ্ৰীৰ অভাবনীয় মূল্যবৃদ্ধি, ঔষধ-পাতিৰ চৰা নাম আৰু ইজনজাত সামগ্ৰীৰ মুল্যৰ ধাৰাবাহিক ঊর্ধ্বমুখী গতিয়ে যি সময়ত জনসাধাৰণক হাবাথুৰি খুৱাইছে, সেই সময়তে দেশৰ ৰাজধানী চহৰত এচাম ধর্মগুৰুৱে মুকলিভাবে সাম্প্রদায়িক কুৎসা ৰটনাত লিপ্ত হৈ পৰিছে। মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত এইখিনি সময়তে আকৌ আহ্বানক লৈ বিতর্ক আৰম্ভ হৈছে। আজানে শব্দ প্ৰদূষণ কৰা বুলি অভিযোগ কৰাসকলে ৰাজপথত হনুমান চালিছা পঢ়িছে। উত্তৰ প্ৰদেশতো একেই ৰাজনীতি। কেৱল ধৰ্ম আৰু ধর্ম। শাসকে কেতিয়া বুজিব যে জনসাধাৰণৰ পেটৰ ভোক নিবাৰণ কৰাৰ দায়িত্ব তেওঁলোকৰ।

সেই দায়িত্ব সুচাৰুৰূপে পালন কৰিব নোৱাৰি মানুহক সাম্প্রদায়িক মেৰুকৰণৰ দিশে ঠেলি দিয়া হৈছে। কান দ্বাৰা এই কামবোৰ কৰোৱা হৈছে, সেইকথা আৰু লুকাই থকা নাই। কিন্তু মূল সমস্যাক এইদৰে আৰু কিমানদিন অবজ্ঞা কৰি চলিব পৰা যায়। এদিন যে তাৰ ভয়াবহ পৰিণাম ভুগিবই লাগিব। এতিয়া প্রশ্ন হৈছে– মূল সমস্যাটো কি? কভিড মহামাৰীয়ে বিধ্বস্ত কৰি পেলোৱা অর্থনীতিয়ে দেশৰ কোটি কোটি শ্রমজীবী লোকৰ কর্মসংস্থানৰ বাট বন্ধ কৰি দিছে।

বহু হেজাৰ পৰিয়ালে তেওঁলোকৰ আত্মীয় পৰিজনক চিৰকালৰ বাবে হেৰুৱাইছে এই মহামাৰীত। সেই দুখ-যন্ত্রণা মানুহে ভালদৰে পাহৰিবই পৰা নাই। তাৰ মাজতে আকৌ আহিল ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ। প্ৰায় ডেৰ মাহ ধৰি চলি থকা যুদ্ধখন ৰাছিয়া বা ইউক্রেইনতেই সীমাবদ্ধ থাকিলেও তাৰ পৰিণতি ভাৰতেও ভুগিবলগীয়াত পৰিছে। যুদ্ধই আন্তঃৰাষ্ট্রীয় ব্যবসায়-বাণিজ্যৰ ক্ষেত্ৰখনত ভাৰসাম্যহীনতা নমাই আনিছে। তাৰ পৰিণতিত আমাৰ দেশতো পেট্রল-ডিজেলৰ ধাৰাবাহিক মূলাবৃদ্ধি ঘটিছে।

আচলতে কিন্তু যুদ্ধ বা ক'ভিড মহামাৰীৰ বহু আগতেই আমাৰ দেশৰ অৰ্থনীতি ভাগি পৰিছিল। নিবনুৱা সমস্যাই চাৰিটা দশকৰ ৰেকৰ্ড ভংগ কৰিছিল। আর্থিক অসমতা, ক্ষুধা, অপুষ্টিয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। চৰকাৰে যি বিকাশ, উন্নয়নৰ কথা কৈ আছে, সেয়া আন একো নহয়, সেয়া কেৱল ঋণৰ ধনেৰে সৃষ্টি কৰা হিতাধিকাৰীৰ দীঘলীয়া তালিকাহে। বেছিভাগ চৰকাৰী আঁচনিয়েই দেশী-বিদেশী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা বিশাল ঋণৰ টকাৰে ৰূপায়ণ কৰা হৈছে। সেয়াই মূল সমস্যা। এক হিচাপ অনুসৰি বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ ঋণৰ পৰিমাণ ১২৭ লাখ কোটিৰ ঘৰ অতিক্ৰম কৰিছে। ই দেশৰ জি ডি পিৰ প্রায় ৬০ শতাংশ।

প্রধানমন্ত্রী মোডী ক্ষমতাত অহাৰ সময়ত এই পৰিমাণ আছিল প্রায় ৫৩ লাখ কোটি। মোডী চৰকাৰৰ দিনত ঋণৰ পৰিমাণ বৃদ্ধিৰ হাৰ ৭০ শতাংশতকৈ বেছি আছিল বুলি হিচাপটোত কোৱা হৈছে। এই বৃহৎ পৰিমাণৰ ঋণৰ বোজা ভাৰতৰ জনসাধাৰণে বহন কৰিব লাগিব। বহুতে ক'ব খোজে যে পেট্রল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰে চৰকাৰে ৰাজহ বঢ়োৱাৰ লগতে ঋণৰ জোৰা মাৰিবলৈও চেষ্টা চলাইছে। আমাৰ দেশ যি মিশ্ৰ অৰ্থনীতিৰ দ্বাৰা পৰিচালিত, শ্রীলংকায়ো সেই একেই অর্থনীতি কার্যকৰী কৰি আহিছে।

ভয়াবহ মূল্যবৃদ্ধি, মুদ্রাস্ফীতি আৰু বিদেশী ঋণৰ বোজাই শ্রীলংকাৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে দায়ী বুলি অর্থনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে। প্রতিবেশী দেশখনত এতিয়া প্রতি কেজি চাউলৰ দাম ১২০ টকাতকৈও অধিক হৈছে। বিগত তিনিটা মাহত দেশখনত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি ক্ৰমে ৯২ আৰু ৭৬ শতাংশ হৈছে। এইদৰে দেশখনত এক ভয়াবহ আর্থিক সংকট নামি আহিছে।

আমাৰ দেশৰ দৰে শ্রীলংকাৰ এমুঠিমান কোটিপতি-আবপতিৰ একো সমস্যা হোৱা নাই। সমস্যা হৈছে সৰ্বসাধাৰণৰ। গতিকে এই কথাবোৰ সঠিকভাবে পর্যবেক্ষণ কৰি আমাৰ দেশৰ শাসকসকলেও অর্থনীতিক ধৰি ৰখাৰ প্ৰাণপণ চেষ্টা চলোৱা উচিত।