/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/editorial-image.jpg)
বৃত্তৰ মাজত বন্দী হ'ব নোখোজা কিছুমান ব্যক্তি আছে। তেওঁলোকৰ অনুভৱ, জীৱনযাত্ৰা আদি বৃত্তৰ বাহিৰত বিচৰণ কৰে। প্ৰচলিত মতবাদ আৰু নীতিৰ বাহিৰত থাকি, কোনো বৃত্তৰ ব্যক্তি হ'ব নোখোজা লোকক পণ্ডিত, চিন্তাবিদ বুলি ক'ব পৰা যায়। নিজস্ব চিন্তাৰে পৰিচালিত আৰু বৃত্তত বন্দী হ'ব নোখোজা লোকক বহিৰাগত বুলি ক'ব পাৰি নেকি? এই প্ৰশ্নটো কৰিছিল মাৰ্কিন অভিনেত্ৰী আৰু গায়িকা ইথেল ৱাটাৰ্ছে। বাহিৰৰ পৰা অহা মানুহকে বহিৰাগত বুলিব নোৱাৰি। যাৰ চিন্তা আন দহজনৰ সৈতে নিমিলে, মনটো সমাজৰ সৈতে নিমিলে, তেওঁলোকেই বহিৰাগত। বহিৰাগতৰ অভিধা কেৱল দৈহিক উপস্থিতি নহয়, মানসিকভাৱে আনৰ সৈতে বিচ্ছিন্নজনো হ'ব পাৰে। এনেধৰণৰ অনেক যুক্তি প্ৰদৰ্শন কৰি নিজৰ মনটোতে ভালেমান প্ৰশ্নৰ উত্থাপন কৰিছিল ইথেল ৱাটাৰ্ছে। এই যে বহিৰাগত অৰ্থাৎ আউটছাইডাৰক লৈ ইথেলৰ মন্তটো কিয় যুক্তিমুখী আৰু প্ৰশ্নমুখী আছিল? কিয়নো আফ্ৰিকান-আমেৰিকান হিচাপে ইথেলে মনটোত সদায় এটা বহিৰাগতৰ ধাৰণা কঢ়িয়াই লৈ ফুৰিছিল। ভাৰাক্ৰান্ত আছিল তেওঁৰ মন। বৃত্তৰ পৰা উথলি আহিছিল ইথেল। তাতকৈও দুৰ্ভাগ্যজনক কথাটো আছিল পোন্ধৰ বছৰ বয়সতে বলাৎকাৰৰ বলি হৈ মাতৃ লুইছ এণ্ডাৰছনে জন্ম দিছিল ইথেলক। মাতৃগৰ্ভৰ যি বৃত্ত, সেইটোতো বহিৰাগতই আঘাত কৰা বুলি অনুভৱ কৰিছিল ইথেলে। ১৯৭৭ চনচ আশী বছৰ বয়সত মৃত্যুমুখত পৰাৰ আগেয়ে ইথেলে কৈ গৈছিল- দাৰিদ্ৰৰ সৈতে জীয়াই থকা মোৰ কোনো শৈশৱ নাছিল। ক'তো মই পোন্ধৰ দিনৰ বেছি থাকিব পৰা নাছিলো। পৰিয়াল, সমাজ সকলোৰে দৃষ্টিত মই বহিৰাগত আছিলো। এদিন কিন্তু ইথেলে সেই বৃত্ত ভাঙি দিছিল। গীতেৰে, অভিনয়েৰে তেওঁ খ্যাতি ৰাখি গৈছে। গ্ৰেমী, এমী, অস্কাৰ সকলোতে মনোনীত হৈছিল তেওঁৰ গীত, চিনেমা। অৱশ্যে এয়া কেৱল ইথেল ৱাটাৰ্ছৰ কাহিনী নহয়। সামগ্ৰিকভাৱে এয়া বহিৰাগতৰ কাহিনী। দৈহিকভাৱে আমি বহিৰাগতৰ চেক গুচাব পাৰিলেও মানসিকভাৱে বিচ্ছিন্ন কৰাটো সম্ভৱপৰ নহয়। এই যে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূৱৰ খিলঞ্জীয়াৰ বিজয় বুলি উল্লাস প্ৰকাশ কৰা হৈছে, তাতো বহিৰাগৰতৰ প্ৰসংগটো বিদ্যমান। বাহিৰৰ মানুহক আমাৰ মাজত সংস্থাপন দিয়াৰ যি চক্ৰান্ত, তাৰ বিৰুদ্ধে অসমীয়াৰ এয়া বৃহৎ জয় হিচাপে গণ্য কৰা হৈছে। ৰাজ্যসভাত বহিৰাগতৰ বিৰুদ্ধে ইয়াক অনন্য জয় বুলি কোৱা হৈছে। সঁচকৈয়ে হৈছেনে? যি উচ্চ সদনত বহিৰাগতৰ বিৰুদ্ধে অসমীয়াৰ জয় হ'ল, সেই উচ্চ সদনলৈ অসমৰ আসনৰ পৰাই দেখোন আকৌ এজন বহিৰাগতক প্ৰাৰ্থীত্ব দিয়াৰ কথা ঘোষণা কৰা হৈছে। আগতেওঁ আছিল আৰু এতিয়াও আছে। বহিৰাগতক ভোট দিয়াত আমি ৰাজ্যসভত সফল হ'লো জানো? সেই বৃত্তটোৰ পৰা অসমীয়া জাতি মানসিকভাৱে বিচ্ছিন্ন হ'ব পাৰিলে জানো। ইথেল ৱাটাৰ্ছৰ মনত দ্বন্দ্ব আছিল সেই একেই অন্তৰ্ঘাত লৈ অসমীয়াও জীয়াই থাকিব লাগিব। তাকো এটা বৃত্তৰ মাজত।
বডি লেংগুৱেজ
২০১৪ চনৰ একৈশ মে'ৰ দিনা সংসদ ভৱনত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে প্ৰৱেশ কৰি চেন্ট্ৰেল হলৰ ছিৰিত আঁঠুকাঢ়ি সেৱা কৰা আৰ সিদিনাই প্ৰথমটো ভাষণ দি উচুপি উঠা মানুহৰ জনৰ প্ৰায় চাৰি বছৰ আঠ মাহৰ পিচত কিবা সলনি হোৱা দেখা গ'লনে? হিচাপ কৰি চালে বহু সলনি হ'ল। কিন্তু ১৩ ফেব্ৰুৱাৰীৰ দিনা সংসদত অন্তিমটো ভাষণ দিয়াৰ সময়ত মানুহজনক সেই ২০১৪ চনৰ একৈশ মে'ৰ নিচিনা আৱেগিক হোৱা দেখা নগ'ল। এই চাৰি বছৰ আঠ মাহত তেওঁ যথেষ্ট কঠোৰ আৰু চতুৰ হৈ পৰিল। সংসদত ভাষণ দি উচুপিব পৰা মানুহজনে এতিয়া চকুৰ কোণত লুকুৱাই থয় ভেৰাকুটি দেখুওৱা অজস্ৰ কাহিনী। ষষ্ঠদশ সোকসভাৰ পৰা সপ্তদশ লোকসভালৈ ৰোমাঞ্চকৰ যাত্ৰাত এই ভেৰাকুটিয়ে যাদু দেখুৱাব পাৰে। ৰাজনীতিত যাক কয়- 'জুমলাবাজী'। সেই জুমলাবাজী প্ৰদৰ্শনত এখোপ ওপৰলৈ উঠিছে বিৰোধী শক্তি। দিল্লীৰ পৰা কলকাতালৈ বিকশিত এই শক্তিৰ 'শৰীৰী ভাষাই' কয় তেওঁলোকৰ আচল মতলব কি। হেজাৰোধিক ৰাজনৈতিক দল থকা ভাৰতত প্ৰতিটো দলৰ নীতি, চিন্তা পৃথক পৃথক। চিন্তা আৰু নীতি উমৈহতীয়া হোৱা হ'লে কোনেও পৃথকে দল খোলাৰ কথাই নাছিল। সেই চিন্তাবোৰ, নীতিবোৰ একথূপ কৰি দেশ উদ্ধাৰৰ কথা চিন্তা কৰাটো এখন 'নৌটংকীবাজী'ৰ বাদে একো নহয়। মতলবী পৃথিৱীত সাধু কোন, চয়তান কোন সেয়া চিনাক্ত কৰাটো একবিংশ শতিকাৰ অতিকে সহজ কাম হৈ পৰিছে। যেনে- এজন নেতাৰ তিনি চাৰিটা ভাষণৰ ভিডিঅ' ম'বাইলত আবদ্ধ কৰি সেই ভিডিঅ'কেইটা তিনি-চাৰি ঘন্টা ভালদৰে নিৰীক্ষণ কৰিলেই ফটফটীয়া হৈ ওলাই পৰিব নেতাৰ মতলব কি? শৰীৰী ভাষা কি? আগতে সেই সুবিধা নাছিল। টেকৱৰ্ল্ডত এতিয়া মানুহৰ আবেগ-অনুৰাগ সকলো ভালদৰে বহি সময় উলিয়াই পুনঃনিৰীক্ষণ কৰাৰ সুবিধা থাকে। সেই নিৰীক্ষণতে স্পষ্ট হয় মুখাৰ আঁৰৰ মুখৰ মতলব। আৰু এটা উদাহৰণ দিব পাৰি। আমাৰ কথকী মন্ত্ৰী চুলিবোৰ মাজতে নোহোৱা হৈছিল। এতিয়া আকৌ চুলি গজিছে। প্ৰযুক্তিৰ কৃপাত এই বৈপৰীত্য চকুত পৰিছে মানুহৰ। স্মৃতিয়ে প্ৰতাৰণা কৰিলেও কেমেৰাত বন্দী এলবামৰ পৰা স্মৃতিক পুনশ্চ পূৰঠ কৰিব পৰা যায়। চাৰি বছৰ আঠ মাহৰ আগৰ মানুহজনে কথা ক'লে মৌ বৰষিছিল। এতিয়া সেই একেই কথা শুনিলেই মানুহ বিৰক্ত হয়। নিজকে চকীদাৰ বুলি ঘোষণা কৰা মানুহজনে পহৰা দি থাকোতেই যে হেজাৰ কোটি টকা আত্মসাৎ কৰি কেইবাজনেও পলায়ন কৰিলে সেইটোহে আচৰিত কথা। চকীদাৰে পহৰা দি থকা সত্বেও ৰাফে চুক্তিক লৈ নুশুনিবলগীয়া কথাবোৰহে ৰাইজে শুনি আছে। সঁচা কোনো ক'ব? চকীদাৰে নে চৰ্দাৰে? কাইজে কাক বিশ্বাসত ল'ব? কোনোৱে কৈছে চকীদাৰক আৰু এটা সুযোগ দিয়ক। ভাতৃ-ভগ্নীয়ে মিলি যিধৰণে চৰ্দাৰী কৰিবলৈ ধৰিছে, তেওঁলোককো আনিব লাগে বুলি মত দিছে। চকীদাৰৰ পৰা চৰ্দাৰৰ বডী লেংগুৱেজ বুজিব পৰা হৈছে যদিও জনতা জনাৰ্দনৰ বডী লেংগুৱেজ মানে শৰীৰী ভাষা বুজিব পৰা হোৱা নাই এতিয়ালৈ।