এগজিট প’লৰ সমীক্ষা

এগজিট প’লৰ সমীক্ষা

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰীৰ ভাষণ

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ লৈ 'এগজিট প'ল' তথা সমীক্ষাক লৈ সম্প্ৰতি চৰম অস্বস্তিত ভুগিছে শাসকীয় বিজেপিৰ কেন্দ্ৰীয় নেতৃবৰ্গ। বিশেষকৈ ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত এগজিট প'লৰ ভৱিষ্যদ্বাণীয়ে মোডী চৰকাৰলৈ অশনি সংকেত কঢ়িয়াইছে বুলি সৰ্বত্ৰে চৰ্চা চলিছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত এই তিনিখন ৰাজ্যৰ মুঠ ৬৫ খন আসনৰ ভিতৰত ৬২ খনেই লাভ কৰিছিল বিজেপিয়ে।

Advertisment

ইফালে উত্তৰ প্ৰদেশৰ ৮০টা সমষ্টিৰ ভিতৰতো ৭১টাতে জয়ী হৈছিল শাসকীয় দলটো। অৰ্থাৎ উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়― এই চাৰিওখন ৰাজ্যৰ ফলাফলে ২০১৪ চনত কেন্দ্ৰত মোডী চৰকাৰ গঠনৰ ক্ষেত্ৰত মুখ্য ভূমিকা লৈছিল। সেয়েহে পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলক লৈ চিন্তিত হৈ পৰিছে অমিত শ্বাহ বাহিনী। যদিহে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ ফলাফল আশানুৰূপ নহয়, তেন্তে সিয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বানৰো সৃষ্টি কৰিব পাৰে।

তাতোকৈও ডাঙৰ কথাৰো হ'ল― লোকসভা নিৰ্বাচনলৈ মাজতে মাত্ৰ তিনিটা মাহ বাকী থকা অৱস্থাত যদিহে হিন্দী বলয়ৰ তিনিওখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ'বলগা হয়, তেন্তে তাৰ বিৰূপ প্ৰভাৱ অৱধাৰিতভাৱেই লোকসভা নিৰ্বাচনতো পৰিব। সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ বাবে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ নিৰ্বাচনী ফলাফল অগ্নিপৰীক্ষাস্বৰূপ হৈ পৰিছে।

তেলেংগান আৰু মিজোৰামৰ আশা এৰি দিছে গেৰুৱা বাহিনীয়ে। কাৰণ দুয়োখন ৰাজ্যতে ক্ষমতালৈ অহা বা চৰকাৰ গঠনৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱাৰ সম্ভাৱনাও যথেষ্ট ক্ষীণ। সেই ফালৰ পৰা মোডী-শ্বাহৰ একমাত্ৰ ভৰসাস্থলী হৈ পৰিছে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়।

ইফালে দেখা গৈছে যে উত্তৰ প্ৰদেশৰ নিচিনা ৰাজ্যতো বিজেপিৰ জনপ্ৰিয়তা বিগত চাৰে চাৰিটা বছৰতে যথেষ্ট হ্ৰাস পাইছে। ৰাম মন্দিৰ নিৰ্মাণৰ ইছ্যুটোক লৈ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দলৰ প্ৰাসংগিকতা পুনৰ প্ৰতিষ্ঠা কৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছে যদিও তেওঁ ভবাৰ দৰে পৰিস্থিতি এতিয়া আৰু নাই। নব্বৈৰ দশকত যিদৰে অযোধ্যাৰ ৰাম মন্দিৰ ইছ্যুটোক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ সুবৰ্ণ সুযোগ লৈছিল, বৰ্তমান দেশত তেনে বাতাবৰণ পৰিলক্ষিত হোৱা নাই। বৰং বিকাশ, উন্নয়নৰ প্ৰশ্নত মোডী চৰকাৰক জবাবদিহী কৰিবলৈহে সাজু হৈছে দেশৰ মধ্যবিত্ত আৰু শ্ৰমজীৱী জনসাধৰণ।

তদুপৰি ৰাম মন্দিৰ ইছ্যুটোত সৰ্বোচ্ছ ন্যায়ালয়ে যিধৰণৰ সক্ৰিয়তা অৱলম্বন কৰিছে, তাৰ দ্বাৰাও জনসাধাৰণক পুনৰ আৱেকিক কৰি তোলাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আহি পৰিছে। ধৰ্মীয় দল-সংগঠনবোৰৰ কথা সুকীয়া, কিন্তু যুৱ প্ৰজন্মই এইক্ষেত্ৰত দেখুওৱা অনীহাই শাসক পক্ষক নিৰুৎসাহ হ'বলৈ বাধ্য কৰাইছে। কিছুদিন আগতে সম্পন্ন উত্তৰ প্ৰদেশৰ দুটাকৈ লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিয়ে চৰম পৰাজয় স্বীকাৰ কৰিবলগা হৈছে। ৰাজ্যখনৰ কৈৰানাৰ দৰে সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ সমষ্টিতো খেতিয়ক ৰাইজে বিজেপিৰ বিৰুদ্ধে নিৰ্নায়ক ভূমিকা লৈছে।

হিন্দী বলয়ৰ আন এখন গুৰুত্বপূৰ্ণ ৰাজ্য বিহাৰতো আনকি বিজেপিৰ অৱস্থা পূৰ্বৰ দৰে নাই। অলপতে পাটনা বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত সংযুক্ত জনতা দলৰ ছাত্ৰ সংগঠনটোৱে সংঘ পৰিয়ালৰ ছাত্ৰ সংগঠনটোক হৰুৱাইছে। ৰাজ্যখনৰ উপ-নিৰ্বাচনতো কিছুদিন আগতে ৰাষ্ট্ৰীয় জনতা দলৰ উত্থান ঘটিছে। বিজেপিৰ মিত্ৰ হ'লেও নীতিশ কুমাৰে কেতবোৰ ক্ষেত্ৰত গেৰুৱা বাহিনীৰ সৈতে নিৰাপদ দূৰত্ব বজাই ৰাখিছে। উদাহৰণস্বৰূপে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ ক্ষেত্ৰত তীব্ৰ বিৰোধিতা প্ৰকাশ কৰিছে।

অৰ্থাৎ লালুপ্ৰসাদ যাদৱ জে'লত থাকিলেও বিহাৰৰ জনসাধাৰণে সাম্প্ৰদায়িক ৰাজনীতিক প্ৰতিহত কৰিবলৈ হয় তেজস্বী যাদৱৰ নেতৃত্বত ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছে, নহয় নীতিশ কুমাৰৰ পক্ষ লৈছে। উল্লেখ্য যে, ২০১৪ চনত বিহাৰৰ ২২টাকৈ লোকসভা সমষ্টিত জয়ী হোৱা বিজেপিয়ে এইবাৰ লোকসভা নিৰ্বাচনত ১৭ খনতহে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে। মুঠতে এটা কথা স্পষ্ট হৈ পৰিছে যে বিজেপিৰ মূল দুৰ্গ হিচাপে চিহ্নিত হিন্দী বলয়ত দলটোৰ পূৰ্বৰ আগ্ৰাসী ৰাজনীতি ক্ৰমান্বয়ে স্তিমিত হৈ পৰিছে।

দেশৰ সামগ্ৰিক পৰিস্থিতিলৈ লক্ষ্য কৰিলে ধাৰণা হয়- জনসাধাৰণৰ আগত বিকাশ-উন্নয়নৰ শ্ল'গান আওৰাই নিৰ্বাচনৰ সময়ত 'কবৰস্থান-শ্মশান'ৰ প্ৰসংগ আনি বিজেপিয়ে যি সাম্প্ৰদায়িক ৰাজনীতি কৰি আহিছে, সেই ৰাজনীতিয়ে এতিয়া সকলোকে আমুৱাইছে। এই ৰাজ্যবোৰত দশকৰ পিচত দশক ধৰি চলি থকা হিন্দু-মুছলমানৰ ৰাজনীতিৰ সমান্তৰালৈ বিকাশ-উন্নয়নৰ মূল সুঁতিৰ পৰা আঁতৰি গৈছে প্ৰান্তীয় জনসাধাৰণ।

ৰাজস্থান, মধ্যপ্ৰদেশ অথৱা ছত্তীশগড়ৰ আদিবাসী, দলিত আৰু জনজাতীয় কৃষক সমাজত সৃষ্টি হোৱা বিদ্ৰোহ-প্ৰতিবাদৰ বিভিন্ন ধাৰাই শাসকগোষ্ষীৰ প্ৰতিয়েই চৰম ভ্ৰূকুটি প্ৰকাশ কৰিছে। অলপতে দিল্লীত সমবেত হোৱা কৃষক সমাৰোহত মধ্যপ্ৰদেশৰ প্ৰতিবাদী কৃষকৰ ভাষ্যয়ো এইবোৰ কথাকে প্ৰতিপন্ন কৰিছে।

গতিকে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কৃষকৰ সমস্যাই অভিন্ন ৰূপত জনসাধাৰণৰ নিৰ্বাচনী ইছ্যু হৈ থিয় দিব পাৰে। শাসক-বিৰোধীয়ে যি ইছ্যুকেই প্ৰক্ষেপ নকৰক কিয়, তৃণমূলৰ জনসাধাৰণে তাক সমূলঞ্চে নসাৎ কৰিলেও আচৰিত হ'বলগা একো নাথাকিব। এগজিট প'লৰ সমীক্ষা এশ শতাংশ শুদ্ধ প্ৰমাণিত নহ'লেও অন্ততঃ শাসকৰ চকীৰ খুঁটি যে লৰিছে সেয়াও স্পষ্ট।