বেআইনী বেটিং এপৰ সৈতে সম্পৰ্কঃ ইডিৰ জালত সুৰেশ ৰেইনা আৰু শিখৰ ধাৱন

এই নিৰ্দেশৰ পিছতে ইডিয়ে ১এক্সবেট নামৰ অনলাইন বেটিং চাইটৰ বিৰুদ্ধে গোচৰত শিখৰ ধাৱনৰ ৪.৫ কোটি আৰু সুৰেশ ৰাইনাৰ ৬.৬৪ কোটি টকাৰ সম্পত্তি জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  বেআইনী বেটিং এপৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত বলবৎকাৰী সঞ্চালকালয়ে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ সুৰেশ ৰেইনা আৰু শিখৰ ধাৱনৰ নামত থকা সম্পত্তি জব্দ কৰিছে। ইডিৰ জাননী অনুসৰি, “মহাদেৱ অনলাইন বুক” নামৰ বেআইনী বেটিং এপৰ সৈতে জড়িত থকা অভিযোগত দুয়োজন ক্ৰিকেটাৰৰ পৰা ১১.১৪ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে।

ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত ক্ৰিকেটাৰদ্বয়ৰ স্থাৱৰ সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ লাভ কৰিছে সংস্থাটোৱে। এই নিৰ্দেশৰ পিছতে ইডিয়ে ১এক্সবেট নামৰ অনলাইন বেটিং চাইটৰ বিৰুদ্ধে গোচৰত শিখৰ ধাৱনৰ ৪.৫ কোটি আৰু সুৰেশ ৰাইনাৰ ৬.৬৪ কোটি টকাৰ সম্পত্তি জব্দ কৰে।

তথ্য অনুসৰি ফেডাৰেল এজেন্সীয়ে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা আৰু শিখৰ ধাৱানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকে জানি-বুজি বিদেশী সত্তাৰ সৈতে ১এক্সবেট আৰু ইয়াৰ প্ৰতিনিধিসকলক প্ৰচাৰৰ বাবে চুক্তিবদ্ধ হৈছে।

সংস্থাটোৱে তদন্তৰ অংশ হিচাপে কেইবাজনো চেলিব্ৰিটিক জেৰা কৰিছে যিসকলে অবৈধ বেটিং এপটোৰ প্ৰচাৰ বা সমৰ্থন কৰা বুলি ধাৰণা কৰা হৈছে, য’ত আছে প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু ৰবিন উথাপ্পা, অভিনেতা সোণু ছুদ, উৰ্বশী ৰাউটেলা, মিমি চক্ৰৱৰ্তী (প্ৰাক্তন তৃণমূল কংগ্ৰেছৰ সাংসদ) আৰু অংকুশ হাজৰা (বঙালী অভিনেতা)।

ভাৰতীয় ক্ৰিকেট দল