/asomiyapratidin/media/media_files/2025/11/27/334-2025-11-27-15-28-21.jpg)
ডিজিটেল ডেস্ক : ডাঙৰ খবৰ। অনলাইন গেমিং প্ৰতিষ্ঠান উইনজ’অ’ (WinZO)ৰ প্ৰতিষ্ঠাপক সৌম্য সিং ৰাথোৰ আৰু পৱন নন্দক গ্ৰেপ্তাৰ কৰিছে ইডিয়ে। বৃহস্পতিবাৰে ইডিয়ে সদৰী কৰা অনুসৰি ধন সৰবৰাহৰ অভিযোগত অভিযুক্ত দুয়োগৰাকী বিষয়ববীয়াক গ্ৰেপ্তাৰ কৰা হৈছে।
ইডিৰ বিষয়ববীয়াই জনোৱা অনুসৰি ধন সৰবাৰাহৰ অভিযোগত দুয়োগৰাকীকে বুধবাৰে সোধা- পোচাৰ অন্তত তেওঁলোকৰ ভাষ্যত সন্দেহ ওপজি বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে। উইনজ’অ’ৰ দুয়োগৰাকী বিষয়ববীয়াক বাংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰে ইডিয়ে।
প্ৰণিধানযোগ্য যে, বুধবাৰে নিশা দুয়োকে আটক কৰি সোধা পোচা কৰাৰ পাছত স্থানীয় আদালতত হাজিৰ কৰোৱা হৈছিল। ইয়াৰ পাছতে আদালতে তেওঁলোকক বৃহস্পতিবাৰে এদিনৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, অনলাইন গেমিংত তেওঁলোকে উইনজ’অ’ৰ দ্বাৰা ৪৩ কোটি টকা গেমাৰৰ পৰা ধন সৰকাইছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us